Logo
image

বনকৰা ল’ৰা-ছোৱালীৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ যিসকলে ঘৰত বনকৰা ল’ৰা-ছোৱালী ৰাখিছে তেওঁলোক সাৱধান হ’বৰ হ’ল৷ কিয়নো এতিয়াৰে পৰা ঘৰলৈ বন কৰা ল’ৰা-ছোৱালী অনাৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব৷ বন কৰা ল’ৰা-ছোৱালীৰ নাম থানাত পঞ্জীয়ন বাধ্যতামূলক হ’ব৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ বিধানসভাৰ শৰৎকালীন অধিৱেশনত বিধায়ক দিগন্ত কলিতাই উত্থাপন কৰা শিশু আৰু মহিলা সৰবৰাহ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই এই মন্তব্য আগবঢ়ায়৷ তেওঁ কয়–এতিয়াৰে পৰা ঘৰত বনকৰা ল’ৰা-ছোৱালী ৰাখিলে তেনে ল’ৰা-ছোৱালীক পঢ়ুৱাব লাগিব৷ বন কৰা ল’ৰা-ছোৱালীক শিক্ষা-দীক্ষা দিব নোৱাৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ অচিৰেই এই সন্দৰ্ভত আইন প্ৰণয়ন কৰিব চৰকাৰে৷ তেওঁ আৰু কয়–অসমত মানৱ সৰবৰাহ যথেষ্ট হৈ আছে৷ বিশেষকৈ চাহ বাগিছা আৰু আদিবাসী অধ্যুষিত এলেকাত মানৱ সৰবৰাহ বেছি হৈছে৷ শ্ৰমিক আৰু বলপূৰ্বক বেশ্যাগিৰি আদিৰ বাবে লৈ যোৱা হয় শিশু-মহিলাক৷ ৰাজ্যৰ ভিতৰতো অব্যাহত আছে মানৱ সৰবৰাহ৷ কাম কৰিবলৈ লৈ যোৱা শিশু-মহিলা যৌন শোষণৰো বলি হয়৷ বহুক্ষেত্ৰত এনে শিশু-মহিলাক মানবীয়ভাৱে অত্যাচাৰ কৰা হয়৷ ঘৰলৈ যদি কাম কৰিবলৈ ল’ৰা-ছোৱালী অনা হয় থানাত পঞ্জীয়ন কৰাব লাগিব৷ কাম কৰা ল’ৰা-ছোৱালীক স্কুলত পঢ়ুৱাটো বাধ্যতামূলক কৰিব লাগিব৷ মাক-দেউতাকে থৈ গ’লেও এই দায়িত্ব ল’ব লাগিব মালিকে৷ এনে ল’ৰা-ছোৱালীৰ শিক্ষা-স্বাস্থ্যৰ দায়িত্ব আইনৰ গণ্ডীৰ ভিতৰত ল’বই লাগিব৷ মানৱ সৰবৰাহৰ বলি হোৱা শিশু-মহিলা পুনৰ সংস্থাপনৰ সমস্যাৰ সন্মুখীন হয়৷ সমাজ কল্যাণ বিভাগক নিৰ্দেশ দিছো প্ৰতিখন জিলাত উদ্ধাৰ হোৱা শিশু-মহিলাক যদি দেউতাক-মাক বা অভিভাৱকে সকাহ দিব পৰা অৱস্থাত নাই আমি সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ পৰিয়ালটোক অৰুণোদয় আঁচনি, এনৰেগা আঁচনি, ফ্ৰী ৰেচন দিয়াৰ ব্যৱস্থা কৰি দিব লাগে যিটো কাম চিৰাঙৰ ৰুণীখাটাত হাতত লৈছো৷ উল্লেখ্য, ২০১৮ চনৰ পৰা ২০২২ চনৰ আগষ্ট মাহলৈ ৪৪১৭ টা শিশু নিৰুদ্দেশৰ গোচৰ ৰুজু হৈছে৷ ৪৬৭টা শিশু এতিয়াও নিৰুদ্দেশ হৈ আছে৷