Logo
image

১০ মাহে দৰমহা নাই শ শ কৰ্মচাৰীৰ

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ ৰাজ্যৰ চৌদিশে জয়জয়-ময়ময়সদৃশ অৱস্থা বুলি শাসকীয় বিজেপি দলে দাবী কৰি অহাৰ সময়তে বিগত ১০ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যৰ শ শ কৰ্মচাৰী৷ দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াকৰণ নোহোৱা তথা বিগত প্ৰায় ১০ মাহৰো অধিক সময় দৰমহা লাভ নকৰাৰ ক্ষোভত সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ৰাজ্যৰ শ শ কৰ্মচাৰীয়ে কৰ্মবিৰতি ঘোষণা কৰিছে৷ ৰাজ্যৰ ১১খন পলিটেকনিক মহাবিদ্যালয় আৰু ২খন ইঞ্জিনিয়াৰিং কলেজৰ সৰ্বমুঠ ৩৪৮ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিগত ১০ মাহে ধৰি লাভ কৰা নাই প্ৰাপ্য দৰমহা৷ ২০১৭ চনত নিৰ্মাণ কৰা ৰাজ্যৰ পলিটেকনিক মহাবিদ্যালয় আৰু ইঞ্জিনিয়াৰিং কলেজৰ এইসকল কৰ্মচাৰীৰ চাকৰিও এইপৰ্যন্ত নিয়মীয়াকৰণ হোৱা নাই৷ কাজেই মাথোঁ দহ হাজাৰ টকাৰ নিৰ্ধাৰিত দৰমহাৰে সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীয়ে বিগত ১০ মাহৰো অধিক অনাদায় হৈ থকা প্ৰাপ্য দৰমহা, চাকৰি নিয়মীয়াকৰণকে ধৰি বহুকেইটা দাবীৰে সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ নিজ নিজ কৰ্ম প্ৰতিষ্ঠানত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সোমবাৰে বৰপেটা পলিটেকনিক, নলবাৰী পলিটেকনিক ইনষ্টিটিউট, মুছলপুৰস্থিত বাগ্‌সা পলিটেকনিকৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১১খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠানৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰে৷

বৰপেটা পলিটেকনিকত অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

ৰাজ্যখনৰ পলিটেকনিকসমূহত আৰু দুখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত কৰ্মৰত ৩৪৮গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি দীৰ্ঘদিন ধৰি নিয়মীয়াকৰণ নহ’ল৷ চাকৰি নিয়মীয়াকৰণ আৰু এবছৰ ধৰি অনাদায় হৈ থকা দৰমহা মোকলাই দিয়াৰ দাবীত বৰপেটা পলিটেকনিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিছে৷ সদৌ অসম পলিটেকনিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে বৰপেটা পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও কৰ্মবিৰতি পালন কৰে৷ প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে জানিবলৈ দিয়ামতে বিগত ১২ মাহ ধৰি অনাদায় হৈ থকা দৰমহা শীঘ্ৰে মুকলি কৰা, নিয়মীয়াকৈ মাহিলী দৰমহা আদায়ৰ ব্যৱস্থা কৰা, ২০১৭ চনৰ পৰা কৰ্মৰত বৰপেটা পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত এই কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে সংগঠনটোৱে৷

নলবাৰী পলিটেকনিক ইনষ্টিটিউটৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

ৰাজ্যখনৰ বিভিন্ন জিলাত ২০১৭ বৰ্ষত নিৰ্মাণ কৰা ১১খন পলিটেকনিক মহাবিদ্যালয় আৰু ২খন ইঞ্জিনিয়াৰিং কলেজৰ সৰ্বমুঠ ৩৪৮ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিগত ১০ মাহ ধৰি প্ৰাপ্য দৰমহা লাভ কৰিবলৈ সক্ষম নোহোৱাত সোমবাৰৰ পৰা নিজ নিজ প্ৰতিষ্ঠানত অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰে ধৰ্ণা কাৰ্যসূচী ৰপায়ণ কৰে৷ সদৌ অসম নৱনিৰ্মিত পলিটেকনিকৰ অস্থায়ী চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ সভাপতি অখিল বৰ্মন আৰু সম্পাদক পংকজ চক্ৰৱৰ্তী স্বাক্ষৰিত এক বিবৃতি অনুসৰি তেওঁলোকে ১০ মাহৰ প্ৰাপ্য দৰমহা আদায়ৰ বাবে বিভাগীয় কতৃৰ্পক্ষক বাৰাম্বাৰ আবেদন জনাইছিল যদিও বিত্ত বিভাগৰ গাফিলতিৰ বাবে দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ কৰে৷ সেয়েহে অদ্যাপি এইসকল কৰ্মচাৰীৰ প্ৰাপ্য দৰমহাখিনি আদায় নোপোৱাৰ বাবে সোমবাৰৰ পৰা সন্থাই অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰে চান্দকুছিস্থিত নলবাৰী পলিটেকনিক ইনষ্টিটিউটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

মুছলপুৰস্থিত বাগ্‌সা পলিটেকনিকত কৰ্মচাৰীৰ কৰ্মবিৰতি

বিগত ১১ মাহ ধৰি বন্ধ হৈ থকা দৰমহা আদায়ৰ দাবীত সোমবাৰৰ পৰা বাগ্‌সা জিলাৰ সদৰ মুছলপুৰস্থিত বাগ্‌সা পলিটেকনিকৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰে৷ উল্লেখ্য, ৰাজ্য চৰকাৰৰ পলিটেকনিক প্ৰতিষ্ঠানসমূহৰ সঞ্চালকৰ সৈতে হোৱা চুক্তি অনুসৰি মাইক্ৰোছম, এইছ আৰ ডি আদি প্ৰতিষ্ঠানসমূহে ৰাজ্যখনত নতুনকৈ স্থাপিত হোৱা ১১খন পলিটেকনিক প্ৰতিষ্ঠানত চতুৰ্থবৰ্গৰ কৰ্মচাৰী নিয়োগ কৰিছিল৷ কিন্তু পলিটেকনিকসমূহত কৰ্মৰত এইসকল চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে এতিয়া এঘাৰ মাহলৈকে লাভ কৰা নাই নিজৰ প্ৰাপ্য দৰমহা৷ মাথোঁ দহ হাজাৰ টকাৰ নিৰ্ধাৰিত দৰমহাৰে সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীয়ে মাহৰ পাছত মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকাত পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ সেয়ে বন্ধ হৈ থকা দৰমহা শীঘ্ৰে আদায় দিয়াৰ দাবীত বাগ্‌সা পলিটেকনিকৰ চতুৰ্থবৰ্গৰ ২৪ গৰাকী কৰ্মচাৰীয়ে সোমবাৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে৷

সময়সীমা উকলিল! ক্ষুব্ধ ৪০ হাজাৰ টে’ট শিক্ষক

চাকৰিৰ নিয়মীয়াকৰণ দূৰৰে কথা  সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ পূৰ্বে ঘোষিত প্ৰাপ্য মৰগীয়া বানচ এতিয়া কিস্তিত দিবলৈ ওলাইছে ৰাজ্য চৰকাৰে৷ বিগত ২০১৩ বৰ্ষৰ পৰা আৰ অ’ পি অনুসৰি দৰমহা লাভ কৰি অহাৰ লগতে ঘোষিত মৰগীয়া বানচ আদি লাভ কৰিছিল যদিও হঠাৎ ২০১৯ চনৰ জুলাইৰ পৰা মৰগীয়া বানচ বন্ধ কৰি দিছে চৰকাৰে৷ যাৰ ফলত দীৰ্ঘদিন ধৰি অন্যান্য শিক্ষক-কৰ্মচাৰীসকলে মুঠ ৩৪ শতাংশ মৰগীয়া বানচ লাভ কৰি থকাৰ সময়ত ঠিকাভিত্তিক শিক্ষকসকলে ১৭ শতাংশতে সন্তুষ্ট থাকিবলগীয়া হৈছিল৷ সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ নেৰানেপেৰা প্ৰচেষ্টাত অৱশ্যে বিগত জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ শতাংশ বানচ প্ৰদান কৰা হ’ল যদিও বকেয়া ধনৰাশি দিয়াৰ কোনো স্পষ্ট নিৰ্দেশনা আজিকোপতি দেখা নগ’ল৷ সমান্তৰালকৈ যোৱা সময়ছোৱাত ক্ৰমাগতভাৱে চৰকাৰে ঘোষণা কৰা ১১ শতাংশ, ৩ শতাংশ, ৩ শতাংশ অৰ্থাৎ মুঠ ১৭ শতাংশ বাকী থকা মৰগীয়া বানচ প্ৰদানৰ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ঠিকাভিত্তিক শিক্ষকসকলক দিবলৈ থকা ১৭ শতাংশ মৰগীয়া বানচৰ শেহতীয়া নিৰ্দেশনাই সকলোকে স্তম্ভিত কৰি তুলিছে৷ বিগত ১ ছেপ্টেম্বৰত প্ৰাথমিক শিক্ষা বিভাগৰ পৰা প্ৰকাশিত নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি তিনিটা পৃথক সময়ত ঘোষিত মৰগীয়া বানচৰ সৰ্বমুঠ ১৭% ৰ ১০ শতাংশ চলিত ছেপ্টেম্বৰ মাহৰ পৰা প্ৰদান কৰি বাকী থকা ৭ শতাংশ আগন্তুক বৰ্ষৰ এপ্ৰিল মাহৰ পৰা প্ৰদান কৰাৰ যি আজৱ নিৰ্দেশ প্ৰকাশ কৰা হৈছে তাত শিক্ষকসকল কোনো কাৰণতে সন্তুষ্ট নহয়৷ পাবলগীয়াখিনি কিস্তিত প্ৰদান কৰা ঘটনাই এফালে বিভাগৰ বিফলতা উদঙাই দিয়াৰ লগতে শিক্ষকসকলকো তীব্ৰ অসন্তুষ্ট কৰি তুলিছে৷ সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে বিগত ২ আগষ্টত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা বিভাগীয় উচ্ছ পদস্থ বিষয়া পৰ্যায়ত আলোচনাৰ পোষকতা কৰি চৰকাৰ তথা বিভাগলৈ দহ দিনৰ সময় নিৰ্ধাৰণ কৰি পত্ৰ প্ৰেৰণ কৰিছিল৷ কিন্তু দেওবাৰে এই সময় উকলি যোৱাৰ পাছতো বৰ্তমানলৈ কোনো আনুষ্ঠানিক আলোচনাৰ সঁহাৰি পোৱা নগ’ল বুলি সংগঠনটোৰ শীৰ্ষ নেতৃত্বই অভিযোগ কৰিছে৷ এই সন্দৰ্ভত এটা বিবৃতিত টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ  সভাপতি ত্ৰৈলোক্য ডেকা আৰু কাৰ্যকৰী সভাপতি সন্দীপ দেৱ চৌধুৰীৰ লগতে সম্পাদকদ্বয় ক্ৰমে কুলজিৎ ঠাকুৰীয়া আৰু পাৰ্থ প্ৰতিম গগৈয়ে প্ৰাপ্য মৰগীয়া বানচ বকেয়াসহ আদায় দিয়াৰ দাবী জনাইছে৷