Logo
image

ৰূপজ্যোতি-অখিলৰ খণ্ডযুদ্ধ, তাৰ পাছত হাঁহি

বিধানসভাত চমক

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ বিধানসভাৰ মজিয়াত পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমনাত্মক স্থিতি গ্ৰহণ কৰি সদনৰ পৰিস্থিতিৰ সততে উত্তাল কৰি থকা মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু বিধায়ক অখিল গগৈক সোমবাৰে দেখা গ’ল হাঁহি হাঁহি একেলগে ফটোৰ বাবে প’জ দিয়া৷ হয়তো ইয়াৰ পূৰ্বে অসমৰ ৰাজনৈতিক ইতিহাসত কোনেও নেদেখা দৃশ্য এটা আজি দেখিবলৈ পোৱা গ’ল বিধানসভা চৌহদত৷ লক্ষ্যনীয়ভাৱে মন্ত্ৰী হাজৰিকা আৰু বিধায়ক গগৈৰ সৈতে একোটা ফ্ৰেমত দেখা গ’ল সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকো৷ উল্লেখ্য যে ৰাজনৈতিক পথাৰখনত মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ অন্যতম বিৰোধী হিচাপে কামে-কাজে পৰিচয় দি আহিছে বিধায়ক অখিল গগৈয়ে নিজকে৷ সুযোগ পালেই বিজেপি দল আৰু চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে বিধায়ক গগৈ৷ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে বিধায়ক গগৈৰ আক্ৰমনাত্মক স্থিতিয়ে বহু সময়ত অসমৰ ৰাজনীতি উত্তাল কৰি আহিছে৷ কিন্তু ইয়াৰ পিছতো আজি বিধানসভা চৌহদত দেখা গ’ল এখন ব্যতিক্ৰমী ছবি৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্ৰ মাঘেৰিটা আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাক দুহাতে লৈ তেওঁলোক দুজনৰ মাজত থিয় হৈ অতি উৎফুল্লিত চিত্তে আৰু হাঁহি হাঁহি ফটোৰ বাবে প’জ দিয়ে বিধায়ক অখিল গগৈয়ে৷ অথচ বিজেপিৰ এই দুজন নেতাৰ সৈতে প’জ দিয়াৰ কিছু সময় পূৰ্বে সদনৰ মজিয়াত বিজেপিৰ অন্য এজন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰে খণ্ডযুদ্ধত লিপ্ত হৈ সদনৰ পৰিস্থিতি উত্তাল কৰি তুলিছিল বিধায়ক গগৈয়ে৷ উল্লেখ্য, আজি বিধানসভাত প্ৰশ্ন কালিন ঘটাৰ সময়ত বিধায়ক আব্দুল বাতিন খন্দকাৰকে ৰাজ্যত বন্ধ হৈ থকা ৰাজহুৱা প্ৰতিষ্ঠান সন্দৰ্ভত প্ৰশ্ন আনিছিল৷ উদ্যোগ মন্ত্ৰীৰ হৈ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা উদ্যোগৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত অৱগত কৰোৱাৰ সময়ত নিৰ্দলীয় বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত পৰিপূৰক প্ৰশ্ন উত্থাপন  কৰি বাকী থকা উদ্যোগ কেতিয়া বন্ধ কৰিব বুলি প্ৰশ্ন কৰে? ইয়াকে লৈ অসন্তুষ্ট হৈ পৰে ন বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী৷ তেওঁ কয়– অখিল গগৈয়ে অযথা আন্দোলন কৰি থকা বাবে বন্ধ কৰিব লগা হৈছে বহু কেইটা উদ্যোগ৷ ইয়াৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে কয়– চৰকাৰৰ ভুল নীতিৰ বাবে বন্ধ হৈছে ৰাজহুৱা খণ্ডৰ উদ্যোগ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ অখিল গগৈৰ অভিযোগ নস্যাৎ কৰি কয়– অখিল গগৈৰ বাবে অসমলৈ মানুহ বিনিয়োগ কৰিবলৈ নহা হৈছে৷ ইয়াক লৈ দুয়োৰে মাজত সৃষ্টি হয় তৰ্ক-যুদ্ধৰ৷