Logo
image

ফুলকবিৰ কিলোত এটকা, খঙত কৃষকে কবি খেতিৰ ওপৰেৰে চলাই নিলে ট্ৰেক্টৰ

আমাৰ অসম, ১৭ ডিচেম্বৰঃ কৃষকৰ উৎপাদিত পাচলিৰ দাম হোৰা হোৰে নামিবলৈ ধৰিছে৷ বিহাৰৰ বিভিন্ন অঞ্চলত এতিয়া পানীৰ দৰত বিক্ৰী হৈছে ফুলকবি৷ ৰাজ্যখনৰ সমষ্টিপুৰত এক কিলোগ্ৰাম ফুলকবিৰ দাম মাত্ৰ এটকা৷ ফলত কৃষকসকল এতিয়া বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগাত পৰিছে৷ এনে লোকচান কোনোপধ্যে মানি ল’ব পৰা নাই সমষ্টিপুৰৰ এজন যুৱ খেতিয়কে যাৰ ফলত ৮ হেক্টৰ কৃষিভূমিত কৰা কবি খেতিৰ ওপৰেৰে  তেওঁ খঙতে চলাই নিলে ট্ৰেক্টৰ৷ খেতিয়কজনৰ এই ৰুদ্ৰমূৰ্তিৰ ভিডিঅ’ বিহাৰত ভাইৰেল হৈ পৰিছে৷ ক্ষুব্ধ খেতিয়কজনৰ মতে ‘কৃষিকৰ্মৰ জৰিয়তে লাভ কৰিম বুলি ৮ হেক্টৰ মাটিত কবি খেতি কৰিছিলো৷ কিন্তু এইবাৰ উৎপাদিত কবি যে পানীৰ দামত বেচিব লাগিব সেয়া ভবাই নাছিলো৷ বৃহৎ লোকচান হ’ল মোৰ৷ মই যদি এটকা দৰত ৮ হেক্টৰ মাটিত হোৱা কবি বজাৰত বেচি দিওঁ তথাপি কবি খেতিৰ নামত বিনিয়োগ কৰা মূলধনৰ এক শতাংশও উভতাই নাপাওঁ৷’ উল্লেখ্য যে এই খেতিয়কজনৰ লগতে সমষ্টিপুৰৰ প্ৰায় সকলো খেতিয়কৰে একেই অৱস্থা৷