Logo
image

৩০জনকৈ অৱসৰী আমোলা দিছপুৰত কৰ্মৰত

সঞ্চালকৰ চাকৰিত আউটছ’ৰ্চিং

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ অৱসৰী বিষয়াই এতিয়া চলাইছে দিছপুৰৰ প্ৰশাসন যন্ত্ৰ৷ এজন-দুজন নহয়, মুঠ ৩০জন অৱসৰপ্ৰাপ্ত আমোলাক পুনৰ বিভিন্ন বিভাগৰ লগতে মন্ত্ৰীৰ কাৰ্যালয়ত নিয়োগ কৰা হৈছে৷ ৰাজ্যৰ লাখ লাখ নিবনুৱাই চাকৰি বিচাৰি হাহাকাৰ কৰাৰ সময়তে অৱসৰী বিষয়াকে দিছপুৰে কাৰ্যকাল বৃদ্ধি কৰি নিয়োগ কৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ এইসকল অৱসৰী আমোলাৰ দা-দৰমহাৰ নামত ২০২১-২২ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত বৰ্তমানলৈ প্ৰায় ২ কোটি ৩০ লাখ টকা ৰাজকোষৰ পৰা উলিয়াই দিছে চৰকাৰে৷ সোমবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনত এই তথ্য ৰাজহুৱা কৰিছে কৰ্মচাৰী বিভাগৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্য চৰকাৰৰ মুঠ ১৩টা বিভাগ তথা মন্ত্ৰীৰ কাৰ্যালয়ত নিয়োগ কৰা অৱসৰী আমোলাসকল হৈছে ক্ৰমে– বিবেকানন্দ দাস, ড॰ অনিতা চৌধুৰী, অশোক কুমাৰ শৰ্মা, দেৱাংশু দাস, মহেন্দ্ৰ নাথ শৰ্মা, কল্প ভট্টাচাৰ্য, দৰ্শন কৌৰ, সুজিত কুমাৰ ধৰ, দিপ্তী ৰাণী নাথ, পদ্মনাথ দাস, প্ৰীতম শইকীয়া, গুণগোবিন্দ দাস, ৰাজেশ কেস্প্ৰাই, ৰাজ চক্ৰৱৰ্তী, দিব্যজ্যোতি চহৰীয়া, বিভূতি শইকীয়া, হিৰণ্ম সেন, বিৰাজ তালুকদাৰ, ব্ৰজমোহন চৌধুৰী, কুশল কুমাৰ শইকীয়া, নৱ কুমাৰ মজুমদাৰ, ভূপেন্দ্ৰ চন্দ্ৰ শৰ্মা, জ্যোতিষ কুমাৰ শৰ্মা, শান্তনু ভট্টাচাৰ্য, অনিল শৰ্মা, বিশ্বদীপ দাস, ৰাজবী হুছেইন, ৰঞ্জিত কুমাৰ মহন্ত, ঈশান বৰদলৈ, আৰু নৱ কোঁৱৰ৷ ইয়াৰ ভিতৰত লোক নিৰ্মাণ বিভাগতে সৰ্বাধিক ১৩জন আমোলাক নিযুক্তি দিছে৷ তদুপৰি সাধাৰণ প্ৰশাসন বিভাগত ৮জন আমোলা নিযুক্তি দিয়া হৈছে৷ কৰ্মচাৰী বিভাগৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত দিয়া লিখিত উত্তৰ অনুসৰি বিভাগীয় পৰ্যাপ্ত জ্ঞান আৰু অভিজ্ঞতাৰ কথা বিবেচনা কৰি চৰকাৰৰ অধীনৰ আঁচনিসমূহৰ কাম সূচাৰুৰূপে আৰু ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অৱসৰপ্ৰাপ্ত বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ বাবে পুনৰ নিয়োজিত কৰা বুলি প্ৰকাশ কৰিছে৷ ইফালে চৰকাৰী বিভাগত বেচৰকাৰী ব্যক্তিক নিযুক্তি দিয়া সম্পৰ্কীয় এটা প্ৰশ্নৰ বিৰোধীতে মুখ্যমন্ত্ৰীয়ে লিখিত উত্তৰত কয়– এজন বেচৰাকীৰ ব্যক্তিক চৰকাৰী বিভাগত নিযুক্তি দিয়া হৈছে৷ এক্ট ইষ্ট পলিছি বিভাগত কৌশিক ডেকাৰ কাৰ্যবাহী সঞ্চালক [নীতি আৰু পৰিকল্পনা] পদত নিযুক্তি দিয়া হৈছে৷ তেওঁ নিয়মিতভাৱে মাহিলী দৰমহা লাভ কৰাৰ উপৰি বিভাগটোৰ এটা কোঠা কাৰ্যালয় কক্ষ হিচাপে ব্যৱহাৰ কৰাৰ লগতে চৰকাৰী আৱাসগৃহত বসবাস কৰিছে৷ মুখ্যমন্ত্ৰীৰ এই উত্তৰত এটা কথা স্পষ্ট হ’ল যে চৰকাৰী বিভাগতো চলিছে এতিয়া আউট ছ’চিং৷ অথচ এইখন অসমতে আজি এটা চৰকাৰী চাকৰি বিচাৰি লাখ লাখ নিবনুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে৷ আনহাতে শিক্ষা বিভাগৰ উপদেষ্টা নিযুক্তিত সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়–উচ্ছ শিক্ষা বিভাগে ২০২১ বৰ্ষৰ ৩০ জুলাইত অধ্যাপক ননী গোপাল মহন্তক শিক্ষা বিভাগৰ উপদেষ্টা হিচাপে নিয়োগ কৰে৷ তেওঁ দৰমহা আৰু অন্যান্য সা-সুবিধাসমূহ ৰাজ্যিক মন্ত্ৰীৰ সমপৰ্যায়ৰ৷