Logo
image

‘টে’ট শিক্ষক’ ভিক্টৰৰ ঘৰত তালাচী লেপটপ জব্দ

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াৰ অভিযোগ দি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ ঘৰত দেওবাৰে নিশা মহানগৰ আৰক্ষীৰ দলে অভিযান চলাই এটি লেপটপ জব্দ কৰে৷ ভিক্টৰ দাসৰ পৰিয়ালে জনোৱা অনুসৰি নিশা ৯মান বজাত  মহানগৰ আৰক্ষীৰ এটা দলে দাসৰ দদৰাস্থিত বাসগৃহত উপস্থিত হৈ তেওঁৰ এটা লেপটপ জব্দ কৰে৷ ভিক্টৰৰ জেঠায়েক তথা পৰিয়ালে কয় যে ভিক্টৰে কোনো অপৰাধ কৰা নাই, সি মাত্ৰ অভিযোগহে দিছিল৷ তাক গ্ৰেপ্তাৰ কৰাটো উচিত হোৱা নাই বুলি মন্তব্য কৰাৰ লগতে তেওঁ মুখ্যমন্ত্ৰীক ভিক্টৰ দাসক ৰেহাই দিবলৈ অনুৰোধ জনায়৷ 

ভিক্টৰ দাস কমলপুৰ শিক্ষা খণ্ডৰ এজন টেট্‌ শিক্ষক

ৰাজ্যখনত সম্প্ৰতি ২৬ হাজাৰ পদৰ নিযুক্তিৰ সন্দৰ্ভত ব্যাপক ধনৰ লেন-দেন হোৱাৰ অভিযোগ তুলি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা ভিক্টৰ দাস প্ৰকৃততে এজন প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত টেট্‌ শিক্ষক৷ তেওঁ কমলপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পানীটেমাস্থিত পূৱ পানীটেমা ৰাধা-কৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ত প্ৰায় এবছৰ ধৰি শিক্ষাকতা কৰি আছে৷ স্থানীয় একাংশ লোকে কৰা অভিযোগ অনুসৰি ভিক্টৰ দাসে ছাত্ৰ-ছাত্ৰী সকলক সুন্দৰভাৱে পাঠদান কৰে যদিও বিদ্যালয়ত তেওঁৰ উপস্থিতি যথেষ্ট অনিয়মীয়া আছিল৷ তেওঁ বিদ্যালয়ত উপস্থিত থকাৰ সময়খিনিতো ম’বাইল যোগে অন্য ঠাইত অন লাইন পাঠদান কৰি থকাৰ অভিযোগ উত্থাপন কৰে  বিদ্যালয়ৰ লগত সততে জড়িত একাংশ স্থানীয় সচেতন লোকে৷ ভিক্টৰ  দাসৰ এনেধৰণৰ বহুমুখী কৰ্ম-কাণ্ড ই সমগ্ৰ ৰাজ্যখনৰ উপৰিও বিশেষভাৱে কমলপুৰ অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰে বহু কথা স্পষ্ট কৰিলে

অসমৰ যুৱ প্ৰজন্মই নিযুক্তি লাভৰ ক্ষেত্ৰত যাতে কোনো বঞ্চনাৰ বলি নহয় তাৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ আসোঁৱাহ আঙুলিয়াই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ভিক্টৰ দাসৰ পক্ষত থিয় দিছে আম আদমি পাৰ্টীৰ ভাতৃ সংগঠন যুৱ শক্তিয়ে৷ সোমবাৰে দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত  যুৱ শক্তিৰ নেতা ৰুদ্ৰাংকুৰ হাজৰিকাই কয় ভিক্টৰ দাসক চৰকাৰে গ্ৰেপ্তাৰ কৰি মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা কাৰ্যই ইতিমধ্যে প্ৰতিপন্ন কৰিছে যে ২৬ হাজাৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হৈছে৷ তেওঁ নিযুক্তি প্ৰক্ৰিয়াত যি অবৈধ লেনদেনৰ অভিযোগ উত্থাপন কৰিছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত কৰাৰ সলনি তেওঁৰ বিৰুদ্ধে মনেসজা গোচৰ জাপি দি তেওঁৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিলে৷ অসমৰ চৈধ্য লাখ যুৱকৰ ন্যায়ৰ বাবে মাত মাতি গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ভিক্টৰ দাসক শীঘ্ৰে মুকলি কৰি দিবলৈ আমি দাবী জনাইছো৷ অতি দুৰ্ভাগ্যজনকভাৱে দাসৰ বিৰুদ্ধে আৰক্ষীয়ে ধন দাবীৰ গোচৰ ৰুজু কৰিছে৷ তেওঁ কেতিয়া আৰু কাক ধন দাবী কৰিছিল সেই বিষয়ে চৰকাৰে ৰাজহুৱা কৰিব লাগে৷ তদুপৰি অতি হাস্যকৰ কথাটো হ’ল তেওঁৰ বিৰুদ্ধে ধৰ্মীয় ঘৃণাৰ যি অভিযোগ চৰকাৰে কৰিছে, সেয়া ভুৱা বুলি দুগ্ধপোষ্য শিশুৱেও জানে৷ আইনৰ সামান্য জ্ঞান থকা সকলোৱে বুজি পাইছে যে অপ্ৰাসংগিকভাৱে ধৰ্মীয় ঘৃণা বিয়পোৱা ধাৰাটো ভিক্টৰ দাসৰ বিৰুদ্ধে প্ৰয়োগ কৰি তেওঁ যাতে সোনকালে জামিন নাপায় তাৰ ব্যৱস্থা কৰিছে বিজেপি চৰকাৰখনে৷ চৰকাৰে এফালে আৰক্ষীৰ দ্বাৰা বহুল প্ৰচাৰ কৰাইছে যে এই নিযুক্তি প্ৰক্ৰিয়াৰ ক’ৰবাত আসোঁৱাহ দেখিলে চৰকাৰক জনাব লাগে, আনফালে আসোঁৱাহ আঙুলিয়াই দিয়াজনক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছে৷ ইয়াৰ অৰ্থ এইটো হোৱা নাইনে যে চৰকাৰে বাঃ বাঃ ল’বলৈ পুঠি-খলিহনা ধৰিব কিন্তু ভিক্টৰ দাসে পোনতেই ৰৌ-বৰালীক লক্ষ্য কৰি লোৱাৰ বাবেই তেওঁ চৰকাৰৰ ৰোষত পৰিল৷ যিহেতু ভিক্টৰ দাসৰ অভিযোগৰ পৰা চৰকাৰখনো মুক্তি নহয়, গতিকে আপ যুব শক্তিয়ে সমগ্ৰ বিষয়টোত এক ন্যায়িক তদন্ত দাবী কৰিছো বুলি ৰুদ্ৰাংকুৰ হাজৰিকাই সদৰি কৰে৷  সংবাদমেলত আপ যুৱ শক্তিৰ যুটীয়া সমম্বয়ক জাফাৰিয়াল হাড়ি হুছেইন, যুটীয়া সম্পাদক মণিৰত্ন ডেকা, বিবেক ৰায়, সামাজিক মাধ্যমৰ সমন্বয়ক হিৰণ্য হাজৰিকা আৰু সম্পাদক ৰিংকু কলিতাও উপস্থিত থাকে৷