Logo
image

আৰক্ষীৰ জিম্মাত মৃত্যু ১৯জনৰ, গুলীবিদ্ধ ১০৮

বিধানসভাত মুখ্যমন্ত্ৰীৰ তথ্য

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছতেই অভিযুক্ত তথা অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী৷ হত্যাকাৰী, ধৰ্ষণকাৰী, ড্ৰাগছ মাফিয়া, অপহৰণকাৰী তথা দাগী অপৰাধীয়ে শিক্ষাৰ পৰা পলায়নৰ চেষ্টা চলালে আইনৰ গণ্ডীৰ ভিতৰত আঠুৰ তলত গুলীয়াবলৈও অসম আৰক্ষীক সেউজ সংকেত দিছিল মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে ফ্ৰী-হেণ্ড দিয়াৰ পাছতেই স্মাৰ্ট অসম আৰক্ষীয়ে জিম্মাত থকা অভিযুক্তক গুলীবিদ্ধ কৰি দেশৰ ভিতৰতে অবাঞ্ছিত অভিলেখ ৰচনা কৰিছে৷ বিগত বৰ্ষৰ ১ মে’ৰ পৰা চলিত বৰ্ষৰ ১৫ আগষ্ট পৰ্যন্ত আৰক্ষীৰ জিম্মাত মৃত্যু তথা আহত হোৱা ব্যক্তিৰ তথ্য ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ সোমবাৰে বিধান সভাৰ  সদনত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–২০২১ চনৰ পহিলা মে’ৰ পৰা চলিত বৰ্ষৰ বিগত ১৫ আগষ্ট পৰ্যন্ত ৰাজ্যত অসম আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে ১৯ জন লোক৷ তদুপৰি উক্ত সময়চোৱাত আঘাতপ্ৰাপ্ত অৰ্থাৎ গুলীবিদ্ধ হৈছে ১০৮ জন লোক৷ পুলিচৰ জিম্মাত মৃত্যু হোৱা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰা হৈছে৷ অৱশ্যে আৰক্ষীৰ জিম্মাত আঘাতপ্ৰাপ্ত ঘটনাৰ ৩২ টাৰ ক্ষেত্ৰতহে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হৈছে৷ অৱশ্যে আৰক্ষীৰ জিম্মাত মৃত্যু বা আঘাতৰ প্ৰতিটো ঘটনাৰে এজাহাৰ দাখিল কৰা বুলিও প্ৰকাশ কৰিছে গৃহমন্ত্ৰী শৰ্মাই৷ ইফালে নগাঁৱত কৃৰ্তীকমল বৰা নামৰ ছাত্ৰনেতাজনৰ ভুৱা এনকাউণ্টাৰ ঘটনাৰ সন্দৰ্ভত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰাৰ লগতে বিভাগীয় অনুসন্ধান চলি থকা বুলিও প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷