Logo
image

ধনৰ লেনদেনেৰে জলসম্পদৰ চাকৰি! ৭ মধ্যভোগী গ্ৰেপ্তাৰ

কেঁচু খান্দোতে ওলাইছে সাপ

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ চাকৰিৰ নামত দালাল চক্ৰই ধন সংগ্ৰহ কৰি থকাৰ সন্দৰ্ভত ভিক্টৰ দাসে অনা অভিযোগৰ যেন সত্যতা প্ৰমাণ হ’ল৷ কিয়নো তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ অনিয়মৰ আৰক্ষীৰ তদন্তৰ মাজতে কেঁচু খান্দোতে এতিয়া ওলাইছে সাপ৷ এইবাৰ জলসম্পদ বিভাগৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰা এটা দালাল চক্ৰক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে৷ দেওবাৰে আৰক্ষীয়ে গুৱাহাটীৰ বৰবাৰীৰ জি ডি গেষ্ট হাউচ নামৰ এটা লজত অভিযান চলাই চাকৰিৰ নামত দালালিৰ বজাৰ মেলা ৭টা মধ্যভোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ লজটোৰ ১০২,১০৪ আৰু ১০৮ নম্বৰ কোঠাত দুদিন ধৰি বাহৰ পতি থকা ধৃত দালাল কেইটা ক্ৰমে– গুৱাহাটী কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ ছিৰাজুল হক, নলবাৰীৰ গোবিন্দ চৌধুৰী, নলবাৰীৰ নুৰ ইছলাম চৌধুৰী, গোৱালপাৰাৰ জয়ন্ত দাস, নলবাৰীৰ প্ৰাঞ্জল বৰ্মন আৰু মহানগীৰ বশিষ্ঠৰ জয়ন্ত ডেকা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ অৱশ্যে চাকৰিৰ দালাল চক্ৰৰ মাষ্টাৰ মাইণ্ড ৰফিকুল ইছলামসহ আন ৩টা দালাল আৰক্ষী অহাৰ পূৰ্বে পলায়ন কৰে৷ আৰক্ষীয়ে গেষ্ট হাউচটোত অভিযান চলাই দালাল কেইটাৰ কোঠাৰ পৰা জলসম্পদ বিভাগৰ ছীল-মোহৰ থকা প্ৰায় ১০খন ভুৱা নিযুক্তি পত্ৰও জব্দ কৰে৷ অভিযোগ অনুসৰি জলসম্পদ বিভাগৰ মাষ্টাৰৰোলৰ ন্যায়ালয়ত এটা বিচাৰাধীন গোচৰৰ নাম লৈ চাকৰিৰ বাবে এই চক্ৰটোৱে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল৷ চাকৰি নিয়মীয়াকৰণৰ নামত ২০১৭ চনতে জলসম্পদৰ মাষ্টাৰৰোল কৰ্মীয়ে এটা গোচৰ ৰুজু কৰিছিল৷ কিছুদিনৰ ভিতৰতে উক্ত গোচৰটোৰ গুৱাহাটী উচ্ছ ন্যায়ালয়ে চূড়ান্ত ৰায় দিয়াৰ সম্ভাৱনা আছে৷ ন্যায়ালয়ৰ ৰায় গোচৰীয়া পক্ষৰ সপেক্ষে আহিব বুলি দাবী কৰি দালাল চক্ৰটোৱে মাষ্টাৰ ৰোল কৰ্মীৰ তালিকাত আন লোকৰ নাম অন্তৰ্ভুক্তিৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল৷ এই সমগ্ৰ চক্ৰটোৰ মাষ্টাৰ মাইণ্ড আছিল পলাতক ৰফিকুল হুছেইনে৷ লজটোত ১৪ আগষ্টৰ পৰাই বাহৰ পাতি আছিল ৰফিকুল হুছেইনে৷ ৯-১০ ছেপ্টেম্বতহে বাকী দালাল কেইটা লজত থাকিবলৈ লৈছিল৷ ৰফিকুলক সাক্ষাৎ কৰাৰ বাবে বিভিন্ন লোক গোট গোট হৈ লজলৈ অহাৰ কথা ইতিমধ্যে লজটোৰ কতৃৰ্পক্ষই জানিবলৈ দিছে৷ ডিটিপি কামৰ বাবদ এদিনত ১০ হাজাৰ টকা দিয়াৰ লোভ দেখুৱাই বশিষ্ঠৰ ভাৰ্গৱ কমিউনিকেশ্বন নামৰ ডিটিপি চেণ্টাৰটোৰ স্বত্বাধিকাৰী জয়ন্ত দাসক মাতি আনিছিল ৰফিকুল ইছলামে৷ জয়ন্তই লজৰ ভিতৰতে কম্পিউটাৰ চৰকাৰী ছীল-মোহৰ স্কেন কৰি ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰিছিল৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে গুৱাহাটী আৰক্ষীৰ ডি চি পি সুধাৰক সিঙে৷ ডি চি পি সুধাৰক সিঙে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, দেওবাৰে চলোৱা এই অভিযান কালত ধৃত ৭ অভিযুক্তৰ পৰা কম্পিউটাৰ, ভুৱা নিযুক্তি পত্ৰৰ লগতে বহু আপত্তিজনক নথি পত্ৰও জব্দ কৰিবলৈ সক্ষম হৈছে৷ অভিযুক্ত কেইটাই গেষ্ট হাউচত বহিয়েই ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি আছিল৷ আনকি বহু লোকৰ পৰা ধন সংগ্ৰহৰ ব্লু প্ৰিণ্টও তৈয়াৰ কৰিছিল চক্ৰটোৱে৷ অৱশ্যে এই অভিযুক্ত কেইটা ২৬ হাজাৰ নিযুক্তি পৰীক্ষাৰে কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে ডি চি পি সুধাৰক সিঙে৷ লগতে তেওঁ কয়, অভিযুক্ত কেইটাই ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰাৰ সময়ত বহু চৰকাৰী ছীল মোহৰ ব্যৱহাৰ কৰিছিল৷ ইফালে, দেওবাৰে দিছপুৰ আৰক্ষীয়ে ২০৪৭/২২ নম্বৰত গোচৰ ৰুজু কৰি আটাইকেইটা অভিযুক্তক সোমবাৰে আদালতত হাজিৰ কৰোৱাই অভিযুক্ত জয়ন্ত দাস, ছিৰাজুল হক আৰু প্ৰাঞ্জল বৰ্মনক ৩ দিনৰ আৰক্ষীৰ জিম্মাত লয়৷