Logo
image

প্ৰশ্নৰ সুযোগ কমি আহিছে

বিধানসভাৰ বিড়ম্বনা

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ চৰকাৰে সদনত বিৰোধীক কথা ক’ব দিব বিচৰা নাই বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলে মঙলবাৰে সদন ত্যাগ কৰে৷ প্ৰশ্নউত্তৰ কালত প্ৰতিটো প্ৰশ্নৰ বিপৰীতে অতিৰিক্ত প্ৰশ্ন সোধাৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মঙলবাৰে সদনত ঘোষণা কৰা নতুন নিয়মক লৈ অসন্তুষ্ট হৈ কংগ্ৰেছ বিধায়কসকল সদন ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ উল্লেখ্য যে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছৰে পৰা কংগ্ৰেছ বিধায়কসকলে অধ্যক্ষৰ নতুন নিয়মকলৈ আপত্তি প্ৰদৰ্শন কৰে৷ কংগ্ৰেছৰ প্ৰতিবাদ, আপত্তি আৰু অসন্তোষৰৰ মাজেদিয়ে সদনৰ প্ৰশ্ন উত্তৰ কাল শেষ হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন সদনত বিষয়টো উত্থাপন কৰি কয়– বছৰটোত বিধানসভাৰ অধিৱেশন অতি কমেও ৪৫ দিন অনুষ্ঠিত হ’ব লাগে৷ কিন্তু বিগত বৰ্ষত মাত্ৰ ২৬ দিনহে বিধানসভা বহিছে৷ ৰাজ্যবাসীৰ অভাৱ অভিযোগ-সমস্যাৰ বিষয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণকৰাৰ উপযুক্ত মঞ্চ হ’ল বিধানসভা৷ কিন্তু বিধানসভাৰ কৰ্ম দিন হ্ৰাস কৰি অনা হৈছে৷ এতিয়া আকৌ প্ৰশ্ন উত্তৰ কালত প্ৰশ্নকৰ্তা বিধায়কে উত্থাপন কৰা প্ৰতিটো প্ৰশ্ন, মন্ত্ৰীৰ উত্তৰ, পৰিপূৰক প্ৰশ্ন আৰু অতিৰিক্ত প্ৰশ্ন উত্থাপনৰ বাবে মাত্ৰ ৫ মিনিট সমস্যা নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ ইয়াৰ দ্বাৰা চৰকাৰে বিৰোধীক কথা ক’ব দিব বিচৰা নাই৷ মাত্ৰ ৫ মিনিট সময়ৰ ভিতৰতে প্ৰশ্নকৰ্তা বিধায়কজনে নিজৰ প্ৰশ্ন উত্থাপন কৰিব, মন্ত্ৰীয়ে এই প্ৰশ্নৰ উত্তৰ দিব, বিধায়কজনে পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিব আৰু অন্য বিধায়কে অতিৰিক্ত প্ৰশ্ন উত্থাপন কৰিব লাগিব৷ এই নিয়মৰ দ্বাৰা অধিকাংশ বিধায়কে অতিৰিক্ত প্ৰশ্ন উত্থাপনৰ সুযোগৰ পৰা বঞ্চিত হ’ব৷ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিলে সদনত অহাৰ ক্ষেত্ৰত বিধায়কৰ মাজত অনিহাৰ ভাব আহিব৷ সেয়ে প্ৰশ্ন উত্তৰ কালত উত্থাপন কৰা প্ৰতিটো প্ৰশ্নৰ ক্ষেত্ৰত ১০ মিনিট সময় নিৰ্ধাৰণ কৰিব লাগে যাতে অতিৰিক্ত প্ৰশ্ন কৰাৰ ক্ষেত্ৰত বিধায়কসকলে সুযোগ লাভ কৰে৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰতিটো প্ৰশ্নৰ বিপৰীতে অন্ততঃ বিৰোধীপক্ষৰ এজনকৈ বিধায়কক অতিৰিক্ত প্ৰশ্ন উত্থাপনৰ সুযোগ দিবলৈ দাবী জনাই কয়–পূৰ্বেতে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে প্ৰশ্নকৰ্তা বিধায়কৰ বাহিৰেও অন্য বিধায়কক অতিকমেও তিনিটাকৈ অতিৰিক্ত প্ৰশ্ন উত্থাপনৰ সুযোগ দিয়া হৈছিল৷ উল্লেখ্য যে প্ৰশ্ন উত্তৰ কাল চলি থকাৰ সময়তে এই নতুন সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু কমালক্ষ দেৰ পুৰকায়স্থই তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে শাসকীয় দলৰ বিধায়কৰে বাক-বিতণ্ডাত লিপ্ত হয়৷ পাছত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সমগ্ৰ বিষয়টোত নিজৰ মতামত প্ৰকাশ কৰি কয়–সোমবাৰে বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকত প্ৰতিটো দলৰ প্ৰতিনিধি উপস্থিত আছিল৷ কংগ্ৰেছৰ ৰকিবুল হুছেইনো উপস্থিত আছিল৷ সেই বৈঠকত প্ৰতিটো প্ৰশ্ন উত্তৰ পৰিপূৰক আৰু অতিৰিক্ত প্ৰশ্নসহ পাঁচ মিনিটৰ ভিতৰতে শেষ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ প্ৰতিজনে বিধায়ককে এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰোৱা হৈছে৷ পাঁচ মিনিট সময় নিৰ্দিষ্ট কৰি দিয়াৰ ফলত আজি প্ৰশ্ন উত্তৰ কালত ১২টাকৈ প্ৰশ্ন উত্থাপিত হৈছে৷ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে পাঁচ মিনিটকৈ সময় নিৰ্ধাৰণ কৰাৰ কথা বিধানসভাৰ নিয়মাৱলীতো স্পষ্ট উল্লেখ আছে৷ সদন চলোৱাৰ ক্ষেত্ৰত মই এই নিয়মাৱলী মানি চলিব লাগিব৷ পূৰ্বৰ অধ্যক্ষ সকলে এইক্ষেত্ৰত নীতি নিয়ম নিৰ্দিষ্ট কৰি গৈছে৷ মই নিজে এই নিয়ম সলনি কৰিব নোৱাৰো৷ বিধানসভাৰ নিয়মাৱলী কমিটীয়ে হে এই বিষয়টো বিবেচনা কৰিব পাৰিব৷ এই নিয়মৰ সংশোধনীৰ বাবে প্ৰস্তাৱ ল’ব লাগিব৷ কামৰ সময় বৃদ্ধিৰ বাবে সদন দুবেলা বহিব লাগে৷ এই প্ৰস্তাৱ কোনেও বিবেচনা কৰিব নিবিচাৰে৷ সদনৰ নিয়ম বিধায়কসকলে মানিব নিবিচাৰে৷ মই আজিয়ে পাঁচ মিনিটৰ নিয়ম সলনি কৰি দিব নোৱাৰো৷ উল্লেখ্য, সদনৰ নিয়মাৱলী আৰু প্ৰচলিত পৰম্পৰাৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছ বিধায়কসকলে এই নতুন নিয়মৰ ওপৰত যুক্তি তৰ্ক কৰে যদিও অধ্যক্ষই তেওঁলোকৰ যুক্তি অগ্ৰাহ্য কৰাত কংগ্ৰেছ ইয়াৰ প্ৰতিবাদত সদন ত্যাগ কৰে৷ ইয়াৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই বিষয়টো সন্দৰ্ভত মত প্ৰকাশ কৰি কয়–মূল প্ৰশ্ন কৰ্তাৰ বাহিৰে অন্য বিধায়কক বেলেগৰ পিঠাৰে বিহু পাতিব দিব নোৱাৰি৷ উল্লেখ্য যে, এই নতুন নিয়মৰ ফলত এতিয়াৰে পৰা প্ৰশ্ন উত্তৰ কালত নিৰ্দিষ্ট প্ৰশ্ন কৰ্তা বিধায়কৰ বাহিৰে অন্য বিধায়কে প্ৰশ্ন কৰাৰ সুযোগ অতি কমকৈ পাব৷

১২, ৫০০ কোটি টকা ঋণৰ ১, ৬০০ কোটিহে পৰিশোধ কৰিছে চৰকাৰেঃ অখিল গগৈ

নিৰ্বাচনৰ পূৰ্বে অসমৰ সকলো শ্ৰেণীৰ মহিলাৰ মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা লোৱা ঋণ বিজেপি ৰাজ্য চৰকাৰে পৰিশোধ কৰি বুলি ঘোষণা কৰিছিল যদিও এতিয়ালৈকে চৰকাৰখনে ১২.৭৯ শতাংশ প্ৰতিশ্ৰুতিহে পালন কৰিছে৷ সমুদায় ঋণৰ ধন পৰিশোধ কৰি দিয়াৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ’ল৷– এই দাবী বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ৷ মঙলবাৰে অসম বিধানসভাত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এটা মৌখিক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে দিয়া উত্তৰত কয় যে ২০২১ চনৰ ৩১ মাৰ্চ পৰ্যন্ত অসমৰ মহিলাসকলে মাইক্ৰ’ফাইনেন্সৰ পৰা লোৱা সমুদায় ঋণৰ পৰিমাণ হ’ল ১২, ৫০০ কোটি টকা৷ এই ১২, ৫০০ কোটি টকাৰ ঋণৰ বিপৰীতে ৰাজ্য চৰকাৰে ‘অসম মাইক্ৰ’ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি, ২০২১’ৰ জৰিয়তে এতিয়ালৈকে ১, ৫৯৯ কোটি ১৬ লাখ ৫৯ হাজাৰ ৫৯২ টকাৰ ঋণ পৰিশোধ কৰিছে৷ সৰ্বমুঠ ৮, ৭২, ৭৪০ গৰাকী মহিলা হিতাধিকাৰীয়ে এই সকাহ লাভ কৰিছে৷ অৱশ্যে পৰৱৰ্তী সময়ত ২০২২-২৩ বৰ্ষত দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ১৫ লাখ ঋণী মহিলাক সকাহ দিয়া হ’ব বুলি কোৱা হৈছে৷ অসম বিধানসভাৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক অখিল গগৈয়ে কয় যে ১২, ৫০০ কোটি টকাৰ ভিতৰত ১, ৫৯৯ কোটি টকা ঋণ পৰিশোধ কৰাৰ অৰ্থ হ’ল ১২.৭৯ শতাংশ ঋণ পৰিশোধ কৰা৷ অৰ্থাৎ, বিজেপি চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ প্ৰায় তেৰ শতাংশহে পূৰণ কৰিছে৷ অথচ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ৰ বিধানসভাৰ নিৰ্বাচনী সভাবোৰত উদাত্ত ভাষণেৰে ১০০ শতাংশ ঋণ মাফ কৰাৰ কথা কৈছিল৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল ১২, ৫০০ কোটি টকা ঋণৰ নয়া পইচা এটাও মহিলাসকলে নিজে পৰিশোধ কৰিব নালাগে, সেই দায়িত্ব হ’ব বিজেপি চৰকাৰৰ৷ কিন্তু এতিয়া সেই প্ৰতিশ্ৰুতি ধোঁৱা চাঙত উঠিল৷ এতিয়া কেৱল সকাহ দিয়াৰ কথাহে কয় হিমন্ত বিশ্ব শৰ্মাই৷ কৃষক নেতাজনে লগতে কয় যে মাইক্ৰ’ফাইনেন্স কোম্পানীবোৰে ঋণ ঘূৰাই বিচাৰি পুনৰ অসমৰ মহিলাসকলৰ ওপৰত প্ৰবল হেঁচা প্ৰয়োগ কৰিছে, ভাবুকি দিছে আৰু সন্ত্ৰাস সৃষ্টি কৰিছে৷ অথচ, এই ঋণ পৰিশোধৰ দায়িত্ব এতিয়া কেৱল চৰকাৰৰ৷ তেওঁ মাইক্ৰ’ফাইনেন্স কোম্পানীসমূহক অসমৰ কোনো মহিলাকে অনৈতিক আৰু বেআইনী হেঁচা নিদিবলৈ সকীয়াই দিছে৷ ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি এশ শতাংশ ঋণ পৰিশোধ কৰিবলৈ দাবী জনায়৷ তেওঁ পুনৰ কয়– ‘দ্য আসাম মাইক্ৰ’ফাইনেন্স ইষ্টিটিউচনছ [ৰেগুলেচন অৱ মানী লেণ্ডিং] এক্ট, ২০২২’ কাৰ্যকৰী কৰিলেও ঋণী মহিলাসকল মাইক্ৰ’ফাইনেন্স কোম্পানীৰ উৎপাতৰ পৰা উদ্ধাৰ পাব৷ কিন্তু ৰাজ্য চৰকাৰে এইখন কাৰ্যকৰী নকৰাটোৱেই আচল ৰহস্য৷’