Logo
image

অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্ৰাস তালিকা প্ৰকাশ কেন্দ্ৰৰ

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ মানৱ-জীৱনৰ বাবে অতি প্ৰয়োজনীয় ঔষধৰ মূল্য হ্ৰাস তালিকা প্ৰকাশ কৰিছে  কেন্দ্ৰীয়  চৰকাৰে৷ দেশৰ অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্ৰাসৰ নতুন তালিকা প্ৰকাশৰ কথা ঘোষণা কৰিছে  কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই৷ তেওঁ টুইটাৰযোগে প্ৰকাশ কৰা অনুসৰি–২৭টা প্ৰকাৰৰ ঔষধৰ ভিতৰত মুঠ ৩৮৪বিধ  ঔষধ উক্ত নতুন তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে৷ যিবোৰৰ মূল্য হ্ৰাস কৰা হৈছে৷ ইয়াৰ মাজতে নতুনকৈ অন্তৰ্ভুক্ত হৈছে ৩৪বিধ ঔষধ আৰু তালিকাৰ পৰা বাদ পৰিছে ২৬ বিধ ঔষধ৷ এই নতুন তালিকা অনুসৰি এতিয়াৰে পৰা ভালেসংখ্যক অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্ৰাস পাব৷ মূল্য হ্ৰাস পোৱা ঔষধৰ ভিতৰত ইনছুলিন গ্লাৰগিনৰ দৰে ডায়েবেটিছৰ ঔষধ অথবা  ডেলামানিডৰ দৰে যক্ষ্মাৰ ঔষধ অন্যতম৷ স্বাস্থ্যমন্ত্ৰী মাণ্ডব্যই টুইটাৰত উল্লেখ্য কৰা অনুসৰি–‘২০২২ বৰ্ষৰ অত্যাৱশ্যকীয় ঔষধৰ মূল্যৰ হ্ৰাস তালিকা প্ৰকাশিত হ’ল৷ ২৭ প্ৰকাৰ ঔষধৰ ভিতৰত মুঠ  ৩৮৪ বিধ ঔষধৰ মূল্য হ্ৰাস কৰা হৈছে৷ তালিকাত অন্তৰ্ভুক্ত হৈছে এণ্টিবায়’টিক, ছিটা, কেন্সাৰৰ ঔষধ আৰু আনকেতবোৰ গুৰুত্বপূৰ্ণ ঔষধ৷ যিয়ে ৰোগীসকলক চিকিৎসাৰ ক্ষেত্ৰত ৰেহাই দিব৷ জানিব পৰা মতে, মূল্য হ্ৰাস তালিকাত অন্তৰ্ভুক্ত হৈছে হূদৰোগ, সংক্ৰমণ প্ৰতিৰোধী ঔষধ,  হৰমন, কান, নাক, ডিঙি আৰু গ্ৰেষ্টিকৰ সমস্যাত ব্যৱহূত  ঔষধ৷ ইয়াৰ ভিতৰত পেৰাচিটামোল, ষ্ট্ৰেপ্টোমাইচিন, লৰাজেপাম আদি ঔষধ৷ সমান্তৰালকৈ তালিকাৰ পৰা বাদ পৰিছে ৰিফ্ৰাবুটিন, ৰাণ্ডিডাইন আদি৷ উল্লেখ্য, নেশ্বনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটীৰ তালিকাত যিবোৰ ঔষধ অন্তৰ্ভুক্ত হৈ থাকে সেইবোৰৰ দাম বছৰি ১০শতাংশলৈকে বৃদ্ধি কৰিব পাৰে ঔষধ কোম্পানীয়ে৷ কিন্তু তালিকাভুক্ত ঔষধসমূহৰ ক্ষেত্ৰত একমাত্ৰ পাইকাৰি বজাৰৰ মূল্য বৃদ্ধিৰ বাবেই খুচুৰা বিক্ৰীত দাম বৃদ্ধি কৰাটো সম্ভৱ৷