Logo
image

খোদ বিজেপি সভাপতিৰ বিৰুদ্ধেই চাকৰিত লেনদেনৰ অভিযোগ যুৱতীৰ

মোৰ হাতত ফোন ৰেকৰ্ডিং আছে

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ চাকৰিৰ নামত প্ৰাক্তন বিধায়কৰ নেতৃত্বত দালাল চক্ৰই লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগৰ মাজতে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ সুন্দৰী যুৱতীক ধন বিনিময়ত চাকৰিৰ প্ৰস্তাৱ দিয়াৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে৷ ৰঙিয়াৰ জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে ভৱেশ কলিতাই সোণোৱাল চৰকাৰৰ কাৰ্যকালত তদানীন্তন জলসিঞ্চন মন্ত্ৰীৰ দায়িত্বত থকাৰ সময়তে ৩ লাখ টকাৰ বিনিময়ত চাকৰিৰ অফাৰ দিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷ জয়া কলিতাৰ এই চাঞ্চল্যকৰ অভিযোগৰ পাছতেই বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰাৰ দীৰ্ঘদিনীয়া অভিযোগৰ সত্যতা প্ৰমাণ হ’ল বুলিও বিভিন্নজনে সামাজিক মাধ্যমত সৰৱ হৈ পৰা দেখা গৈছে৷ জয়া কলিতাই সামাজিক মাধ্যমত ভৱেশ কলিতাৰ নাম নোলোৱাকৈ এজন বিধায়কে ধন দাবী কৰাৰ কথা কৈছিল যদিও যুৱতীগৰাকীয়ে মোকে টাৰ্গেট কৰিছে বুলি কৈ ‘গোসাঁই ঘৰত কোন মই কল খোৱা নাই’ আপ্ত বাক্যৰ দৰে গাত পাতি লোৱা দেখা গ’ল বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতিজনক৷ আনকি ভৱেশ কলিতাই যুৱতীগৰাকীৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰি জয়া কলিতাৰ অভিযোগ সত্য প্ৰমাণিত হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও ঘোষণা কৰিছে৷ ইফালে মঙলবাৰে যুৱতীগৰাকীয়ে পুনৰবাৰ ভৱেশ কলিতাই ৩ লাখ টকা চাকৰি নামত বিচৰা বুলি দাবী কৰি সংবাদ মাধ্যমৰ আগত কয়–‘২০১৮ চনত মই যেনেদৰে ভুক্তভোগী হৈছিলো, ঠিক তেনেদৰে আজি ভিক্টৰ দাস ভুক্তভোগী হৈছে৷ মোৰ পৰা যেনেদৰে আৰক্ষীয়ে লেপটপটো লৈ গৈছিল, ভিক্টৰ দাসৰ পৰাও লেপটপটো লৈ গৈছে৷ কিয় চৰকাৰী চাকৰিৰ বিজ্ঞাপন ওলালেই টকাৰ লেনদেন হয়৷ মোক ভৱেশ কলিতাই জলসম্পদ বিভাগত চাকৰি ওলাব আৰু তাত আবেদন কৰিবলৈ কৈছিল৷ চাকৰিৰ বাবে ৩ লাখ টকা দিলেই হ’ব বুলিও কৈছিল৷ এইটো ২০১৮ চনৰ ১৭ ডিচেম্বৰৰ ঘটনা আছিল৷ কিন্তু মোৰ বিৰুদ্ধে ভুৱা গোচৰ জাপি দি পাছত আৰক্ষীয়ে মোৰ লেপটপটো জব্দ কৰি ভৱেশ কলিতাৰ ফোন ৰেকৰ্ডিংটো ডিলিট কৰি দিছিল৷ তেওঁ যদি ইমান সৎ  তেনেহ’লে জলসিঞ্চন আৰু গ্ৰামোন্নয়নৰ নিযুক্তিৰ তদন্ত কৰক৷ তেওঁ মোক প্ৰথমে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিবলৈ কৈ জলসম্পদ বিভাগত চাকৰি ওলাব বুলি কৈছিল৷ ফোন যোগে হোৱা বাৰ্তালাপত মই তেতিয়া কৈছিলো–‘মোৰ চৰকাৰী চাকৰিৰ প্ৰতি বিশ্বাস নাই আৰু টকা দি মই চাকৰিও ল’ব নোৱাৰো৷ তেতিয়া তেওঁ কৈছিল টকাৰ কথা তোমাক কোনে কৈছে৷’ মই কৈছিলো–চাকৰিৰ বাবে ৭-৮ লাখ টকাৰ দাম চলি আছে৷ তেতিয়া বিধায়কজনে কৈছিল–‘আনে যদিহে ৭-৮ লাখ টকাৰ দাম উঠিছে, তেতিয়াহ’লে তুমি ৩ লাখ টকা দিলেই হৈ যাব৷’ তেতিয়া পুনৰ মই তেওঁক প্ৰশ্ন কৰিছিলো–‘এয়া কি মোৰ বাবে ডিছকাউণ্ট নেকি?’ তেওঁ কৈছিল–‘তোমাৰ বাবে ৰেহাই বুলিয়েই ধৰি লোৱা৷’ কিন্তু মই ফেচবুক প’ষ্টটোত ভৱেশ কলিতাৰ নাম লিখা নাছিলো৷ কাৰোৱে নাম নিলিখাকৈ তেওঁৰ মানহানি কেনেকৈ হ’ল৷ ভৱেশ কলিতাই মোৰ লগত কথা পতাটো স্বীকাৰ কৰিছে৷ আৰু তেওঁৰ সকলো ফোন আৰক্ষীৰ ওচৰত ৰেকৰ্ডিং থাকে বুলিও কৈছে৷ তেতিয়াহ’লে ভৱেশ কলিতাই ফোনত মোৰ লগত কৈ কথা পাতিছিল সেয়া তেওঁ ৰাজহুৱা কৰক৷ ইফালে যুৱতীগৰাকীৰ এই চাঞ্চল্যকৰ  অভিযোগৰ পাছতেই বিজেপি আই টি চেলৰ একাংশ সদস্যই জয়া কলিতাৰ পুৰণি কিছু ব্যক্তিগত ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি চৰিত্ৰহননৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে৷ বিজেপি আই টি চেলৰ বিৰুদ্ধে জয়া কলিতাই গোচৰ ৰুজু কৰিব বুলি প্ৰকাশ কৰি কয়–মোৰ ফেচবুক প’ষ্টৰ পাছতেই বিজেপি আই টি চেলে মোৰ বিৰুদ্ধে নামি পৰিছে৷ মোৰ বিভিন্ন ফটো এতিয়া আই টি চেলে সামাজিক মাধ্যমত চেয়াৰ কৰিছে৷ সকলো বগা বস্তুৱেই যিদৰে গাখীৰ নহয়, ঠিক তেনেদৰে সকলো ৰঙীন বস্তুৱেই মদ নহয়৷ ফটোখনত থকা মতে যদিহে সেয়া মদেই হয়, তেনেহ’লে মদ যদি বেয়া বস্তু, চৰকাৰে কিয় ইয়াক বিক্ৰী কৰিছে৷ ভৱেশ কলিতাৰ তত্বাৱধানতে আই টি চেলে এই অপপ্ৰচাৰ মোৰ বিৰুদ্ধে চলাইছে৷ মোৰ লগত থকা এজন ল’ৰাৰ ফটো ভাইৰেল কৰিছে৷ ল’ৰাজনক ড্ৰাগছৰ লগত জড়িত বুলি প্ৰচাৰ চলাইছে৷ ল’ৰাজনৰ মোৰ সৈতে কিবা সম্পৰ্ক থাকিব পাৰে, কিন্তু সেই বুলি মই তেওঁৰ প্ৰফেচন কি নাজানো৷ ল’ৰাজনৰ বিজেপি সভাপতি ভৱেশ কলিতাৰ সৈতেও ফটো আছে৷ ইয়াৰ মানে ভৱেশ কলিতাও ড্ৰাগছৰ লগত জড়িত নেকি? মোৰ চৰিত্ৰক লৈ অপপ্ৰচাৰ চলোৱা বিজেপি আই টি চেলৰ বিৰুদ্ধে এজাহাৰ দিম৷ বিপ্লৱ কলিতা নামৰ ফেক একাউণ্টৰৰ পৰা এনে অপপ্ৰচাৰ চলোৱা হৈছে৷ বিপ্লৱ কলিতাৰ ফেক একাউণ্টৰৰ বিৰুদ্ধে ২০১৯ চনতো গোচৰ দিছিলো৷ কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই৷

অভিযোগকাৰী জয়াৰ বিৰুদ্ধে নতুন অভিযোগ

কামৰূপ জিলা পৰিষদৰ সদস্য লিটন কলিতা আৰু ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসে আজি জয়া কলিতাই দিয়া ফেচবুক পোষ্ট সন্দৰ্ভত এক সংবাদ মেল আয়োজন কৰে৷ ৰঙিয়াৰ পৰিদৰ্শন বঙলাত আয়োজিত সংবাদ মেলত ৰঙিয়াৰ তিনিআলিৰ  যুৱতী জয়া কলিতাৰ বিৰুদ্ধে কামৰূপ জিলা পৰিষদৰ সদস্য লিটন কলিতা আৰু ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসে কেইবাটাও গুৰুতৰ অভিযোগ আনে৷ জয়া কলিতাই ব্লেকমেইলিং কৰিছিল বুলি উল্লেখ কৰি শিপ্ৰা দাসৰ এন আৰ চিত নাম নাই বুলিও প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ পাছত জয়া কলিতাই নটাৰীযোগে ক্ষমা বিচৰাৰ তথ্য সদৰি কৰে সংবাদ মেলত৷ উল্লেখ্য যে, জয়া কলিতাই ফেচবুকত বিধায়ক ভৱেশ কলিতাকে ধৰি আৰু কেইজনমানৰ বিৰুদ্ধে এক পোষ্ট দিছিল৷ কামৰূপ জিলা পৰিষদৰ সদস্য লিটন কলিতা আৰু ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসে জয়া কলিতাৰ বিৰুদ্ধে গোচৰ তৰিব বুলি মন্তব্য কৰে৷