Logo
image

আহি আছে অমিত শ্বাহ আগে আগে জেপি নড্ডা

অসম গেৰুৱা কৰাৰ ৰণকৌশল

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ ৰাজ্যৰ ৰাজনীতিৰ ৰণকৌশল প্ৰস্তুত কৰাৰ লক্ষ্যৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ দুৰ্গা পূজৰ পাছতেই দলীয় কাৰ্যসূচীৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই অসম ভ্ৰমণ কৰিব৷ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ৮ অক্টোবৰত গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত উপস্থিত হ’ব৷ উক্ত দিনা মহানগৰীৰ বশিষ্ঠত নিৰ্মাণ কৰা বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়টোৰ মুকলি কৰিব অমিত শ্বাহে৷ ইয়াৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে খানাপাৰাত বিজেপিৰ কাৰ্যকৰ্তাৰ এখন বিশাল সভাত সম্বোধন কৰিব৷ ইফালে অমিত শ্বাহ অহাৰ পূৰ্বে অৰ্থাৎ ৭ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা৷ চৰকাৰী কাৰ্যসূচীৰ অচিলাৰে দুয়োজন শীৰ্ষ নেতাই গুৱাহাটীলৈ আহিলেও ২০২৪ৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ দখলত থকা সমষ্টিকেইটা কেনেকৈ বিজেপিৰ দখললৈ আনিব পাৰি তাৰ ৰণকৌশল প্ৰস্তুত কৰাৰো ইংগিত পোৱা গৈছে৷ ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত সমগ্ৰ অসমকে কংগ্ৰেছ মুক্ত কৰি গেৰুৱা কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ স্বাভাৱিকতেই অমিত শ্বাহৰ অসম ভ্ৰমণে এইবাৰ বিশেষ তাৎপৰ্য বহন কৰিছে৷