Logo
image

ভেনিজুৱেলাত ৩ মাহ ধৰি নদীত ওলাইছে সোণ-ৰূপ

আমাৰ অসম, ১৭ ডিচেম্বৰঃ ২০২০ চনটো সঁচাকৈয়ে ঘটনাবহুল৷ এই বছৰটোত কি কি অদ্ভূত ঘটনাৰ সাক্ষী হোৱা নাই বিশ্ব৷ কৰ’না অতিমাৰী, প্ৰাকৃতিক বিপৰ্যয়ৰ লগতে ২০২০চনটোত কিন্তু ভাল ঘটনাও নঘটাকৈ থকা নাই৷ এই ধৰণৰ এক অভিজ্ঞতাৰ সাক্ষী হৈ থাকিল ভেনিজুৱেলাৰ গুৱেকা নামৰ গাঁওখনৰ বাসিন্দাসকলে৷ কেৰিবিয়ান সাগৰৰ পাৰত থকা এই গাঁওখনত সংঘটিত হৈছে এক অদ্ভূত ঘটনা৷ বিগত তিনিমাহ ধৰি গাঁওখনৰ বাসিন্দাসকলে হেনো নদীৰ পৰা পানী আনিবলৈ গৈ পাই আছে সোণ-ৰূপৰ অজস্ৰ গহনা৷ ভেনিজুৱেলাৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰা মতে নৈখনে গাঁওখনৰ বহুজনক সোণ-ৰূপৰ গহনা ‘উপহাৰ’ দিয়াৰ খবৰ শুনি একপ্ৰকাৰ নৈৰ পাৰত মেলামুখী পৰিৱেশৰ সৃষ্টি হৈছে৷