Logo
image

অনলাইন প্ৰৱঞ্চকৰ নাগপাশত অসম

উজনিত চাইবাৰ অপৰাধীৰ ব্লেকমেইলিং, বহু আত্মঘাতী

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ চাইবাৰ প্ৰবঞ্চনাৰ গ্ৰাসত অসম৷ অসমত নিতৌ বৃদ্ধি পাইছে চাইবাৰ অপৰাধীৰ ব্লেকমেইলিং৷ এটিএম কাৰ্ড হেক কৰি, ইউপিআই আইডি জাল কৰি অভিনৱ কৌশলেৰে চাইবাৰ অপৰাধীয়ে অসমৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকক প্ৰৱঞ্চনা কৰি আহিছে৷ এনে চাইবাৰ অপৰাধীৰ চক্ৰৰ কবলত পৰি আত্মহননৰ দৰে ঘটনাও সংঘটিত হৈছে এইখন অসমত৷ ক’ভিড মহামাৰীৰ পাছতেই দেশৰ লগতে অসমতো পুনৰ বৃদ্ধি পাইছে চাইবাৰ জালিয়াতিৰ ঘটনা৷ নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২১ চনত অসমত চাইবাৰ অপৰাধৰ হাৰ দেশৰ ভিতৰতে দ্বিতীয়৷  সেইটোৱে পুনৰবাৰ আলোকপাত কৰিছে যে কেনেকৈ অসম বাসিন্দাসকল অনলাইন জালিয়াতিৰ বলি হ’বলগীয়া হৈছে৷ এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি ভাৰতত বিগত বছৰৰ তুলনাত [৫০, ০৩৫ গোচৰ] ২০২১ চনত চাইবাৰ অপৰাধৰ গোচৰ প্ৰায় ৬ শতাংশ বৃদ্ধি পাইছে [৫২, ৯৭৪ গোচৰ]৷  প্ৰতিবেদন অনুসৰি ২০২১ চনত ভাৰতত চাইবাৰ অপৰাধৰ হাৰত অসমে দ্বিতীয় স্থান লাভ কৰিছে৷ এনচিআৰবিৰ তথ্য মতে, এনে অপৰাধৰ অন্যতম সাধাৰণ উদ্দেশ্য হৈছে যৌন শোষণৰ বাহিৰেও প্ৰৱঞ্চনা আৰু ধন দাবী৷  অসমত ২০২১ চনত মুঠ ৪৮৪৬টা চাইবাৰ অপৰাধৰ গোচৰৰ ভিতৰত ৭০৪টা গোচৰ জালিয়াতিৰ সৈতে জড়িত বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷  লক্ষ্যণীয়ভাৱে উজনি অসমৰ তিনিচুকীয়া জিলাত অনলাইন প্ৰৱঞ্চনাৰ চিকাৰ হৈছে বহু যুৱক-যুৱতী৷ প্ৰৱঞ্চক চক্ৰৰ হাতত হেৰুৱাইছে কষ্টোপাৰ্জিত ধন৷ ফলত উজনি অসমত কেইবাজনো যুৱক অনলাইন প্ৰৱঞ্চক চক্ৰৰ যৌন শোষণৰ বাবে আত্মহত্যাৰ পথ বাছি লৈছে৷ বিশেষকৈ পুৰুষ সকল এই চক্ৰটোৰ টাৰ্গেট হয়৷ প্ৰথমে মোবাইললৈ আহে অচিনাকী নম্বৰৰ ফোন৷ এই ফোনত সঁহাৰি দিলে যুৱতীয়ে সিটো মূৰৰ পৰা  হোৱাটছ এপ ভিডিঅ’ কল কৰে৷ এবাৰ ভিডিঅ’ কল ৰেকৰ্ডিং কৰিলেই কৌশল পূৰ্ণভাৱে পুৰুষজনৰ ফটোত নগ্ন ভিডিঅ’ এডিট কৰি আত্মীয়ৰ মাজত ভাইৰেল কৰাৰ ভাবুকি দিন ধন দাবী কৰে৷  আনহাতে ফেচবুকৰ  মেচেঞ্জাৰত ভিডিঅ’ কলৰ জৰিয়তেও প্ৰৱঞ্চক চক্ৰটোৱে জাল পেলায়৷ তিনিচুকীয়াত কেইবাজনো ২০ৰ পৰা ৬৫ বছৰৰ ডেকা-বৃদ্ধ অনলাইন প্ৰৱঞ্চকৰ চিকাৰ হৈ সৰ্বস্ব হেৰুৱাব লগীয়া হৈছে৷ আনকি বহুজনে আত্মহত্যাও কৰিছে৷ এনে ঘটনাক লৈ এতিয়া চিন্তিত হৈ পৰিছে তিনিচুকীয়া প্ৰশাসন তথা আৰক্ষী অধীক্ষক৷ আৰক্ষী অধীক্ষকৰ মতে ভিডিঅ’ কল কৰি অশ্লীল ফটো দেখুৱাই ফোন কৰাসকলৰ মোবাইল হেক কৰি ব্লেকমেলিং কৰি এই ঘটনা সংঘটিত কৰে প্ৰবঞ্চক চক্ৰই৷ তেনে ঘটনা হ’লেই তাৎক্ষণিকভাৱে আৰক্ষীৰ সহায় ল’বলৈ আৰক্ষী অধীক্ষকজনে জনগণক আহ্বান জনাইছে৷

চৰাইদেউত ম’বাইল এপৰ জৰিয়তে ঋণ প্ৰদান কৰি যুৱকক ব্লেকমেইল

সমগ্ৰ বিশ্বতে বিজ্ঞান-প্ৰযুক্তিবিদ্যা যিমানেই আগবাঢ়িছে, সিমানেই এচাম মানুহৰ মন-মগজুত কূট-বুদ্ধিয়ে ভৰি পৰিছে৷ ইণ্টাৰনেটৰ দুনীয়াখনত এইচাম মানুহে সহজে ধন ঘটিবৰ বাবে নিতৌ নতুন কৌশল ৰচনা কৰি আহিছে৷ বিশেষকৈ সামাজিক মাধ্যমসমূহৰ জৰিয়তে এইসকল হেকাৰে জাল পেলাই সামাজিক মাধ্যম ধন ঘটাৰ আহিলাত পৰিণত কৰিছে৷ কিছুদিনৰ পূৰ্বে সেনা বাহিনীৰ লোক বুলি পৰিচয় দি বিভিন্ন লোকৰ পৰা কৌশলেৰে বেংক একাউণ্টৰ পৰা ধন হৰলুকি কৰাৰ কেইবাটাও ঘটনা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো সংঘটিত হোৱাৰ পাছত শেহতীয়াকৈ ম’বাইল এপৰ জৰিয়তে ধন হৰলুকি কৰাৰ এক ঘটনা চৰাইদেউ জিলাৰ সদৰ সোণাৰিত সংঘটিত হৈছে৷ এটা ম’বাইল এপৰ জৰিয়তে সোণাৰিৰ এজন যুৱকক ঋণ দিয়াৰ প্ৰলোভন দি এটা দুষ্টচক্ৰই যুৱকজনক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰাৰ সময়তে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱতী টীয়ক ৰজাবাৰীৰ ইমাজুৰ ৰহমান নামৰ যুৱকজনে ৩০ আগষ্টত ম’বাইল স্ক্ৰ’লিং কৰি থাকোঁতে ‘ক্ৰেডিট বক্স এপ’ নামৰ এটা অনলাইন এপ প্ৰত্যক্ষ কৰি এপটো ডাউনলোড কৰিছিল৷ এপটো ডাউনলোড কৰাৰ লগে লগে আধাৰ কাৰ্ড আপলোড কৰিলেহে এপটোৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিব পাৰিব বুলি নিৰ্দেশ আহিল৷ আধাৰ কাৰ্ড এপটোত আপলোড কৰাৰ লগে লগে প্ৰায় দুঘণ্টাৰ ভিতৰতে ব্যক্তিজনৰ এক্সিছ বেংকৰ একাউণ্টত সাত হাজাৰ টকা জমা হয়৷ কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ এনেদৰে এটা ম’বাইল এপৰ জৰিয়তে ধন জমা হোৱাত ব্যক্তিজন আচৰিত হয়৷ আনহাতে, ঋণ হিচাপে প্ৰদান কৰা উক্ত টকাটো এটা সপ্তাহৰ পাছত সুতসহ ১২,৮০০ জমা দিবলৈ ফোন কৰি জনায়৷ এটা সপ্তাহৰ ভিতৰতে দুগুণ পৰিমাণৰ সুতসহ এনেদৰে ঋণ পৰিশোধ কৰিবলৈ ব্যক্তিজনে অস্বীকাৰ কৰাত হিন্দী ভাষাত কথা পতা উক্ত চক্ৰটোৱে ব্যক্তিজনৰ ম’বাইলৰ সকলো ফোন নম্বৰ, ফটো আদি চক্ৰটোৰ লগত মজুত বুলি কৈ সুতসহ টকা জমা নিদিলে ফটোবোৰ সম্পাদনা কৰি ফোনত থকা সকলো ফোন নম্বৰৰগৰাকীলৈ প্ৰেৰণ কৰা হ’ব বুলি ভাবুকি দিয়ে৷ ইতিমধ্যে দুষ্টচক্ৰৰ বলি হোৱাৰ বিষয়ে নিশ্চিত হৈ উপায়ন্তৰ হৈ যুৱকজনে ৬ছেপ্টেম্বৰত দুষ্ট চক্ৰটোৰ একাউণ্টত ১২,৮০০ টকা জমা দিয়ে আৰু লগে লগে নিৰ্দিষ্ট এপটো আনইনষ্টল কৰি দিয়ে৷ কিন্তু আমোদজনকভাৱে ব্লেকমেইলাৰ চক্ৰটোৱে উক্ত দিনা নিশাই পুনৰ ব্যক্তিজনৰ সৈতে কোনো যোগাযোগ অথবা কথা-বতৰা নোহোৱাকৈ একাউণ্টত দহ হাজাৰ টকা জমা কৰে আৰু ফোনযোগে ১৩ ছেপ্টেম্বৰৰ ভিতৰত দহ হাজাৰ টকাৰ বিপৰীতে সুতসহ ঊনৈশ হাজাৰ টকা একাউণ্টৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ যদিহে উক্ত টকা সময়মতে পৰিশোধ নকৰে তেন্তে ব্যক্তিজনৰ বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীলৈ ব্যক্তিজনৰ ফটোসংলগ্ন অশ্লীল ভিডিঅ’, ছবি পঠোৱাৰ ভাবুকি প্ৰদান কৰে৷ ব্লেকমেইলাৰৰ কৱলত পৰি সৰ্বস্বান্ত হোৱাৰ আশংকা কৰি ব্যক্তিজনে ঘটনা সন্দৰ্ভত ইতিমধ্যে সোণাৰি থানাত এজাহাৰ দিয়াৰ লগতে বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে৷ বেংক কৰ্তৃপক্ষই মিজানুৰ ৰহমানৰ একাউণ্টত লেনদেন কৰিব নোৱৰাকৈ বন্ধ কৰি ৰাখিছে৷ ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এইপৰ্যন্ত আৰক্ষীয়ে ব্লেকমেইলাৰৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ আনহাতে, মিজানুৰ ৰহমানে ব্লেকমেইলাৰ চক্ৰটো উত্তৰ প্ৰদেশ অথবা বিহাৰৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷

ভিডিঅ’ কলিং কৰি ২৫ লাখ সৰকাই নিলে সুন্দৰীয়ে

চৰকাৰ তথা প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতো হ্ৰাস পোৱা নাই অনলাইন প্ৰৱঞ্চনাৰ ঘটনা৷ প্ৰৱঞ্চকৰ দলে নিত্য নতুন কৌশল প্ৰয়োগ কৰি সৰ্বস্বান্ত কৰিছে বহুজনক৷ লক্ষণীয়ভাৱে কিছুসংখ্যক প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে যদিও আন কেতবোৰ ক্ষেত্ৰত ভুক্তভোগীয়ে নিজৰ সন্মান হানি হোৱাৰ ভয়ত মৌন ভূমিকা গ্ৰহণ কৰাৰ বাবে জনচক্ষুৰ অলক্ষিতে ৰৈ গৈছে অগণন অনলাইন প্ৰৱঞ্চনাৰ ঘটনা৷ এই সন্দৰ্ভত আজি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে কেতবোৰ বিস্ফোৰক তথ্য৷ আৰক্ষী অধীক্ষজনে প্ৰকাশ কৰে যে, এক সংগঠিত ৰূপত ভিডিঅ’ কলিঙৰ জৰিয়তে চলা অনলাইন প্ৰৱঞ্চনাৰ জালত পৰিছে তিনিচুকীয়া জিলাৰ বহুজন৷ যুৱক-যুৱতীৰ উপৰি বয়স্ক ব্যক্তিও সাৰি যোৱা নাই এই প্ৰৱঞ্চক চক্ৰটোৰ কৱলৰ পৰা৷ ভিডিঅ’ কলিঙৰ জৰিয়তে প্ৰৱঞ্চনা আৰু ব্লেকমেইল কৰা এই চক্ৰটোৰ বিষয়ে তেওঁ কয় যে, প্ৰথমে এটা অজ্ঞাত নম্বৰৰ পৰা ভিডিঅ’ কল আহে৷ ভিডিঅ’ কলত এগৰাকী সুন্দৰী যুৱতীয়ে কিছুসময় কথাপাতি সুযোগ বুজি গোপন আলোকচিত্ৰ বা ভিডিঅ’ সংগ্ৰহ কৰে আৰু তাৰ পাছতে আৰম্ভ হয় ব্লেকমেইলিঙৰ খেলা৷ এনে ঘটনা তিনিচুকীয়া জিলাত দৈনিক ৪/৫টা সংঘটিত হৈ আহিছে৷ এই চক্ৰটোৰ ফান্দত পৰা ভুক্তভোগীয়ে বদনামৰ পৰা হাত সাৰিবলৈ আৰক্ষীৰ সহায় লোৱাৰ পৰিৱৰ্তে প্ৰৱঞ্চকৰ দলক আদায় দিছে বৃহৎ পৰিমাণৰ ধন৷ ভিডিঅ’ কলৰ অনলাইন প্ৰৱঞ্চকৰ চক্ৰটোৱে ভুক্তভোগীৰ ম’বাইল হেক কৰি ব্যক্তিগত ফটো, তথ্য আদিও সংগ্ৰহ কৰে৷ পৰৱৰ্তী পৰ্যায়ত এইদৰে সংগ্ৰহ কৰা গোপন আলোকচিত্ৰ বা ভিডিঅ’ ৰাজহুৱা কৰাৰ ভয় দেখুৱাই ভুক্তভোগীক ব্লেকমেইল কৰি লাখ লাখ টকা লুণ্ঠন কৰা হয়৷ তিনিচুকীয়া জিলাত বহুজন এনে এই প্ৰৱঞ্চনাৰ বলি হোৱা বুলি আৰক্ষী অধীক্ষকজনে উল্লেখ কৰে৷ কোনো কোনো ঘটনাত চক্ৰটোৱে এজন ব্যক্তিৰ পৰা ২৫ লাখপৰ্যন্ত সৰকাই নিয়া বুলি তেওঁ কয়৷ এনে ঘটনা ৰোধ কৰাৰ বাবে জনসাধাৰণ নিজে সজাগ হোৱাৰ লগতে ভুক্তভোগীয়ে আৰক্ষীৰ ওপৰত আস্থা ৰাখি ঘটনা সন্দৰ্ভত অৱগত কৰিব লাগিব বুলি আৰক্ষী অধীক্ষক দেউৰীয়ে কয়৷ তেওঁ ব্যক্ত কৰে যে এনে প্ৰৱঞ্চনাৰ জালত পৰা ভুক্তভোগীয়ে কোনো অপৰাধ কৰা নাই৷ বৰং অপৰাধৰ বলিহে হৈছে৷ সেইবাবে দ্বিধা নকৰি ঘটনা সন্দৰ্ভত আৰক্ষীক জনাবলৈ আৰক্ষী অধীক্ষকে আহ্বান জনায় যাতে আৰক্ষীয়ে সময়মতে উপযুক্ত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাৰ লগত এনেবোৰ ঘটনা জড়িত থকাৰ সম্ভাৱনাৰ কথাও আৰক্ষী অধীক্ষকজনে সদৰি কৰে৷