Logo
image

পিজ্জাৰ লোভ দি ৫৫ লাখ সৰকালে বিধায়ক প্ৰশান্তৰ জোঁৱায়েকৰ পৰা

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ অনলাইন প্ৰৱঞ্চনাৰ যেন নাগপাশত অসম৷ ন ন কৌশলেৰে চাইবাৰ অপৰাধীয়ে জাল পেলাই অসমৰ সহজ-সৰল লোকৰ লগতে শিক্ষিত ব্যক্তিৰ পৰাও সৰকাই নিছে বেংকৰ সাঁচতীয়া ধন৷ চাইবাৰ আৰ্মীৰ সন্ত্ৰাসৰ পাছত এইবাৰ খোদ শাসক দলৰ বিধায়কৰ আত্মীয় চাইবাৰ প্ৰৱঞ্চকৰ কবলত পৰিছে৷ বিধায়ক  প্ৰশান্ত ফুকনৰ আত্মীয়ই পিজ্জা ব্ৰেণ্ড ডমিন’জৰ ফ্ৰেঞ্চাইজিৰ নামত  চাইবাৰ প্ৰবঞ্চনাৰ হাতত হেৰুৱাবলগীয়া হ’ল ৫৫ লাখ টকা৷ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ মাধুৰ্য নাথে পিজ্জা বেণ্ডটোৰ এটা মাডাৰ ফ্ৰেঞ্চাইজি খোলাৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ বলি হয়৷ প্ৰায় এমাহ পূৰ্বে চাইবাৰ অপৰাধীয়ে মাধুৰ্য নাথৰ বেংক একাউণ্টৰ পৰা সৰকাই নিয়ে উক্ত ধনৰাশি৷ অভিযোগ অনুসৰি কিছুদিন পূৰ্বে  জনপ্ৰিয় ডমিন’জ পিজ্জা ব্ৰেণ্ডৰ ফ্ৰেঞ্চাইজি লোৱাৰ বাবে আবেদন কৰিছিল বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ জোঁৱায়েক মাধুৰ্য নাথে৷ কিন্তু ডমিন’জৰ নাথ লৈ সমগ্ৰ প্ৰক্ৰিয়াটো কৰিছিল এটা  প্ৰৱঞ্চক চক্ৰই ফ্ৰেঞ্চাইজিৰ অনুমোদনৰ বাবদত প্ৰৱঞ্চক চক্ৰটোলৈ বৃহৎ অংকৰ ধন বেংক একাউণ্ট যোগে ট্ৰেঞ্চফাৰ কৰিছিল মাধুৰ্য নাথে৷ নিৰ্ধাৰিত ধন আদায় দিয়াৰ বাবে পিজ্জা কোম্পানী বুলি দাবী কৰা প্ৰতিষ্ঠানটোৱে কানাড়া বেংকৰ এটা একাউণ্ট নম্বৰ দিছিল৷ মাধুৰ্য নাথৰ নামত নাথ ইউকো বেংকৰ একাউণ্টৰ পৰা কানাড়া বেংকৰ নিৰ্দিষ্ট একাউণ্টটোলৈ ধন ৰাখি ট্ৰেঞ্চফাৰ কৰা হয়৷ কিন্তু অনলাইন এই লেনদেন প্ৰক্ৰিয়াত ৰহস্যজনকভাৱে মাধুৰ্য নাথৰ ধনখিনি কানাড়া বেংকৰ আন এটা একাউণ্টত জমা হয়৷ উক্ত একাউণ্টটো প্ৰৱঞ্চক চক্ৰটোৰ  আছিল৷ অৱশ্যে পাছত এই বিষয়টো অৱগত হৈ সংশ্লিষ্ট বেংক একাউণ্টটোৰ পৰা ধনৰাশি ঘূৰাই অনাৰ চেষ্টা চলাইছিল যদিও মাধুৰ্য নাথে ৫৫ লাখ টকা হেৰুৱাব লগীয়া হৈছিল৷ এই সন্দৰ্ভত বিধায়ক প্ৰশান্ত ফুকনে চাইবাৰ প্ৰৱঞ্চনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষীৰ শীৰ্ষ মহলকো অভিযোগ দিছে৷  ডিব্ৰুগড় আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও বিধায়কৰ আত্মীয়ৰ ধনৰাশি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ প্ৰায় ডেৰমাহ পূৰ্বে এই প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হয় যদিও শেহতীয়াকৈহে খবৰটো ৰাজহুৱা হৈছে৷ স্বাভাৱিকতেই সচেতন লোকসকলৰ এতিয়া প্ৰশ্ন খোদ বিধায়কৰ আত্মীয়ই যেতিয়া চাইবাৰ অপৰাধৰ বলি হয়, তেনেহ’লে সহজ-সৰল লোকসকলৰ কি অৱস্থা হ’ব পাৰে৷

চাইবাৰ অপৰাধীয়ে লুটি নিয়া ২০ লাখ টকা উদ্ধাৰ চিআইডিৰ

সৰ্বত্ৰ চাইবাৰ অপৰাধীৰ আতংকৰ মাজতে গুৱাহাটীৰ এজন প্ৰতিষ্ঠিত ব্যৱসায় প্ৰতিষ্ঠানৰ একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুট কৰা ২০ লাখ টকা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে চমুকৈ চি আই ডিয়ে ঘুৰাই আনিবলৈ সক্ষম হৈছে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মহেশ্বৰী এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ একাউণ্টৰ পৰা যোৱা ১২ ছেপ্টেম্বৰত চাইবাৰ অপৰাধীয়ে স্বত্বাধিকাৰীৰ অজ্ঞাতে ২০ লাখ টকা অন লাইনৰ জৰিয়তে লুট কৰি নিয়ে৷ ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে ১৯৩০ নম্বৰৰ ফোন যোগে চি আই ডিত অভিযোগ দাখিল কৰে৷ লগে লগে চি আই ডিয়ে এইচ ডি এফ চি বেংকৰ নডেল বিষয়াক ফোন আৰু ই-মেইল যোগে যোগাযোগ কৰি ঘটনা বিষয়ে অৱগত কৰাই বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ চি আই ডিৰ তদন্ত প্ৰক্ৰিয়াত চাইবাৰ অপৰাধীয়ে লুট কৰা ২০ লাখ টকাটো ট্ৰেছ কৰাৰ লগতে ২০ লাখ টকা আৱদ্ধ কৰি ৰাখিবলৈ সক্ষম হয়৷ চি আই ডিয়ে ২৪ ঘণ্টাৰ বিতৰত ব্যৱসায়ীজনক ২০ লাখ টকা ঘুৰাই দিবলৈ সক্ষম হয়৷ অচিনাক্ত লোকক বেংক একাউণ্টৰ নম্বৰ, পাছ ৱাৰ্ড, অটিপি, চিভিভি আৰু পিন নম্বৰ যোগান নধৰিবলৈ চি আই ডিয়ে ৰাইজক আহ্বান জনাইছে৷ তদুপৰি চাইবাৰ অপৰাধীৰ কবলত পৰিলে ততাতৈয়াকৈ ১৯৩০ ফোন নম্বৰত ফোন কৰি অভিযোগ দিয়াৰ লগতে  স্থানীয় থানাত এজাহাৰ দাখিল কৰিবলৈ চি আই ডিয়ে ৰাইজক আহ্বান জনাইছে৷