Logo
image

ৰাজনীতিৰ মেৰপাকত বন্দী জয়মালা, সুধাকণ্ঠৰ ঘৰো

জয়মালাক এৰি উভতিল অসমৰ বিষয়াৰ দল

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ ৰাজনীতিৰ মেৰপাকত সোমাই পৰিছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পশ্চিমবংগৰ টালিগঞ্জত থকা বাসগৃহ৷ সুধাকণ্ঠৰ বাসগৃহটোৰ দৰেই তামিলনাডুত বন্দী হৈ থকা অসমৰ জয়মালা নামৰ হাতীজনীও এতিয়া ৰাজনীতিৰ মেৰপেঁচত সোমাই পৰিছে৷ তামিলনাডুৰ কৃষ্ণন কোভিল মন্দিৰত আৱদ্ধ হৈ থকা অসমৰ জয়মালা নামৰ হাতীজনীক ঘূৰাই আনিবলৈ যোৱা অসম চৰকাৰৰ প্ৰতিনিধি দলটো অৱশেষত বিমুখ হৈ উভটি আহিবলগীয়া হ’ল৷ জয়মালাক প্ৰত্যক্ষ কৰাৰ বাবে মাদুৰাইত ১০ দিন ধৰি বাহৰ পাতিও তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ কোনো সঁহাৰি নোপোৱাত জয়মালাক কাষৰ পৰা  প্ৰত্যক্ষ নকৰাকৈ উভতি আহিবলৈ বাধ্য হ’ল চাৰিজনীয়া দলটো৷ ২০০৮ চনত অসমৰ পৰা ৬ মাহৰ লীজত নিয়া জয়মালাক ১৩ বছৰ ধৰি তামিলনাডুৰ মন্দিৰত অবৈধভাৱে বন্দী কৰি ৰখাই নহয়, বাৰে বাৰে মাউতে নিৰ্মম অত্যাচাৰ চলাইছিল৷ আন্তৰাষ্ট্ৰীয় পশু প্ৰেমী সংগঠন ‘পেটা ইণ্ডিয়া’ই জয়মালাৰ ওপৰত চলোৱা নিৰ্যাতনৰ ভিডিঅ’ ৰাজহুৱা কৰি অসম চৰকাৰক জয়মালাক উদ্ধাৰ কৰাৰ বাবে অনুৰোধ জনাইছিল৷ ‘আমাৰ অসম’ কাকত প্ৰথমবাৰলৈ এই খবৰ প্ৰকাশ পোৱাত সামাজিক মাধ্যমত ব্যাপক জন সমৰ্থনৰ সৃষ্টি হৈছিল৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হূদেশ মিশ্ৰ, বিশিষ্ট হস্তী বিশেষজ্ঞ ডাঃ কুশল কোঁৱৰ, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন আৰু তিনিচুকীয়া জিলা পশু চিকিৎসা বিষয়া ডাঃ ৰূপজ্যোতি কাকতিৰ চাৰিজনীয়া চৰকাৰী প্ৰতিনিধি এটা দলক ২ ছেপ্টেম্বত তামিলনাডুলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু অসমৰ প্ৰতিনিধি দলটো তামিলনাডুৰ উপস্থিত হৈছিল যদিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন ৰাজ্যৰ বাহিৰত থকাৰ অজুহাতত অসমৰ দলটোক জয়মালাক প্ৰত্যক্ষ কৰাৰ অনুমতি দিয়া নাছিল৷ তামিলনাডুৰ বন বিভাগে মুখ্যমন্ত্ৰী ষ্টেলিনে জয়মালাৰ বিষয়টো নিৰীক্ষণত ৰখা বুলি জানিবলৈ দি পৰৱৰ্তী সময়ত অসম চৰকাৰৰ প্ৰতিনিধি দলটোক আমন্ত্ৰণ জনাব বুলি সদৰী কৰিছিল৷ কিন্তু তামিলনাডুৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে অসমৰ চৰকাৰৰ দলটোৱে বিগত ১০ দিন ধৰি মাদুৰাইত বাহৰ পাতি থাকিল যদিও মুখ্যমন্ত্ৰী ষ্টেলিনে কোনো সাক্ষাতেই নিদিলে৷ যাৰ পৰিপ্ৰেক্ষিততে অসমৰ চাৰিজনীয়া প্ৰতিনিধি দলটো উভটি আহিবলৈ বাধ্য হ’ল৷ অৱশ্যে ইয়াৰ মাজতে অসম চৰকাৰৰ মুখ্য সচিবে জয়মালাৰ সন্দৰ্ভত তামিলনাডু চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাত শেহতীয়াকৈ তামিলনাডুৰ বন বিভাগৰ সচিব সুপ্ৰিয়া চাহুৱে ইয়াৰ প্ৰত্যুত্তৰ দিছে৷ তামিলনাডুৰ বন বিভাগে অসম চৰকাৰে নীতি বৰ্হিভুতভাৱে প্ৰতিনিধি দল প্ৰেৰণ কৰাত আক্ষেপ প্ৰকাশ কৰি সচিব সুপ্ৰিয়া চাহুৱে প্ৰত্যুত্তৰত লিখিছে– জয়মালাৰ বিষয়টোৰ সন্দৰ্ভত অসমে তামিলনাডুৰে পোনপটীয়া আলোচনাত মিলিত নোহোৱাটো দুৰ্ভাগ্যজনক৷ তাকে নকৰি কোনো আইনপ্ৰদত্ত ক্ষমতা নোহোৱাকৈ অকতৃৰ্ত্বশীলভাৱে অসম চৰকাৰৰ দল হাতী চাবলৈ চেন্নাই পাইছেহি৷ গোটেই ঘটনাটোৱে অনাহকত বিতৰ্কৰ সূত্ৰপাত কৰিছে৷ অসমৰ মুখ্য সচিবে উল্লেখ কৰা ভিডিঅঅটো ডেৰ বছৰ পুৰণি৷ ঘটনাটোৰ পাছতেই মাউত বিনীল কুমাৰ আৰু কাৱাডি শিৱপ্ৰসন্থক বৰ্খাস্ত কৰা হৈছে৷ তাৰ পাছৰ পৰা জয়মালা নামৰ হাতীজনীক সুব্ৰমনিয়াম আৰু ৰঞ্জিত কুমাৰ নামৰ দুজন মাউতৰ তত্ত্বাৱধানত মৰমৰে ৰখা হৈছে বুলিও উল্লেখ কৰিছে পত্ৰখনত৷ উল্লেখ্য, তামিলনাডু চৰকাৰে ‘পেটা’লৈও প্ৰেৰণ কৰিছে আইনী জাননী৷ এইক্ষেত্ৰত ‘পেটা’ক ক্ষমা খোজাৰ আৰু হাতী অত্যাচাৰৰ পুৰণি ভিডিঅ’ সামাজিক মাধ্যমৰ পৰা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে তামিলনাডু চৰকাৰৰ বন বিভাগে৷ তামিনাডুত বন্দী হাতী যতন-প্ৰতিপালন বিধি-২০২১ৰ অধীনত জিলা ভিত্তিক কমিটীৰ সদস্যসকলে হাতীবোৰ পৰিদৰ্শন কৰি থাকে৷ বিষয়তো মাদ্ৰাছ উচ্ছ ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে বুলিও উল্লেখ কৰিছে পত্ৰখনত৷ ইতিমধ্যে জয়মালাৰ ওচৰ নোপোৱাকৈ উভতি অহা মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নাটৰাজনে জয়মালাৰ প্ৰসংগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ স্বাভাৱিকতেই জয়মালাক লৈ অসম আৰু তামিলনাডুৰ মাজত ৰাজনৈতিক সংঘাত যে বৃদ্ধি পাইছে সেয়া স্পষ্ট হৈ পৰিছে৷ অৱশ্যে তামিলনাডুৰ চৰকাৰৰ এই স্থিতিৰ পাছত অসম চৰকাৰৰ বন বিভাগে জয়মালাক ঘূৰাই অনাৰ বাবে কি  পদক্ষেপ ল’ব সেয়া হ’ব লক্ষণীয়৷