Logo
image

ভূপেন হাজৰিকাৰ ঘৰ ঘূৰাই পোৱাৰ আশা দূৰ অস্ত

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ কলকাতাত থকা সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ ঘৰটো ঘূৰাই পোৱাৰ আশা যেন দূৰ অস্ত৷ ইতিমধ্য ৰাজনীতিৰ মেৰপেচত সোমাই পৰিছে ড॰ হাজৰিকাৰ এই ঐতিহাসিক ঘৰটো৷ ‘আমাৰ অসম’ কাকতৰ ১৩ ছেপ্টম্বৰৰ সংখ্যাত ‘ভূপেন দাৰ ঘৰো হাতৰ পৰা গ’ল৷’ শীৰ্ষক শিৰোনামাৰে এইসন্দৰ্ভত সবিশেষ প্ৰতিবেদন প্ৰকাশ পাইছে৷ অসম চৰকাৰে এই ঘৰটো ক্ৰয়ৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও মমতা বেনাৰ্জী চৰকাৰে এইক্ষেত্ৰত আৰোপ কৰিছে কেতবোৰ অস্বাভাৱিক চৰ্ত৷ যাৰ ফলত এই চৰ্তবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সন্মুখত সৃষ্টি হৈছে বিভিন্ন প্ৰতিবদ্ধকতাৰ৷ শেহতীয়াভাৱে অসম সাহিত্য সভাৰ প্ৰতিনিধি দল এটা কলকাতাস্থিত ভূপেন হাজৰিকাৰ ঘৰটো চাবলৈ গৈ ইয়াৰ শেহতীয়া অৱস্থা দেখি হতভম্ব হৈ পৰে৷ ইতিমধ্যে জহি খহি যাবলৈ আৰম্ভ কৰিছে বাসগৃহটো৷ বৰ্তমান সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত আছে ড॰ হাজৰিকাৰ এসময়ৰ বাসগৃহটো৷ ‘আমাৰ অসম’ত এই বিষয়ে সবিস্তাৰে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰৰ ভূমিকা আৰু আওকনীয়া মনোভাৱক লৈ সৃষ্টি হৈছে ক্ষোভ আৰু অসন্তোষৰ৷ ইয়াৰ মাজতে এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই কয়– ‘আৰম্ভণিৰে পৰাই অসমীয়াৰ আবেগ লৈ প্ৰতিজন ৰাজনৈতিক নেতাই ৰাজনীতি কৰি আহিছে৷ অসমীয়া স্বাভিমানক কোনেও কেতিয়াও সন্মান কৰা নাই৷ আছু আন্দোলন কৰি দুবাৰ অগপ চৰকাৰ গঠন কৰিলে৷ খিলঞ্জীয়া অসমীয়াৰ কথা কৈ থকা অগপ চৰকাৰখনে কি কৰিলে৷ যি কৰিছে আজমলে কৰিছে৷ অসমৰ শিক্ষা ব্যৱস্থাক উন্নত কৰি আছে৷ অসমীয়া মাতৃভাষাৰ হৈ কাম কৰি আছে৷ ভূপেন হাজৰিকাৰ কলকাতাৰ ঘৰটোৱে যদি ভালকৈ ৰাখিব নোৱাৰে তেন্তে নিৰ্বাচনৰ পূৰ্বে টিভিৰ আগত অসমীয়া অসমীয়া বুলি চিঞৰি থাকি লাভ নাই৷ ভূপেন হাজৰিকাৰ কলকাতাৰ ঘৰটোৰ বিষয়ে আমি গভীৰভাৱে চিন্তা-চৰ্চা কৰি আছোঁ৷ কাইলৈ বদৰুদ্দিন আজমল আহিব৷ চৰকাৰে যদি একো নকৰে তেন্তে আমিয়ে কিবা কৰিব লাগিব৷ অসমৰ ৰাইজক লগত লৈ আজমল ফাউণ্ডেশ্বনক এই ক্ষেত্ৰত কিবা কৰিবলৈ আহ্বান জনাম৷ আনহাতে, বিধায়ক অখিল গগৈয়ে কয়– ভূপেন হাজৰিকাৰ ঢালিগঞ্জৰ ঘৰটো আৰু হয়তো আমি নাপাম৷ ঘৰটো উৱলিও গৈছে৷ কাজিৰঙাৰ ঘৰটোও সংৰক্ষণ কৰা নহ’ল৷ নিজৰাপাৰৰ ঘৰটোৰ অৱস্থা ভাল নহয়৷ জালুকবাৰীৰ সমাধিক্ষেত্ৰৰ নিৰ্মাণো সম্পূৰ্ণ নকৰিলে৷ নিচৰকাৰে যথেষ্ট অন্যায় কৰিছে ভূপেন হাজৰিকাৰ প্ৰতি৷ এই সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই কয়– ড॰ ভূপেন হাজৰিকাৰ কলকাতাৰ ঘৰটো অসম চৰকাৰে ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে৷ চৰকাৰে ইতিমধ্যে ঘৰটোৰ গৰাকীৰ লগতো কথা পাতিছে৷ ঘৰটোৰ মূল্যৰ বিষয়েও গৰাকীজনৰ সৈতে কথা পতা হৈছে৷ কিছুকাৰিকৰী অনুমতি আৰু নিয়মৰ বাবে এইটো হৈ উঠা নাই৷ আমি এই সন্দৰ্ভত সংশ্লিষ্ট বিষয়াৰে কথা পাতিছোঁ৷ কিছু চৰকাৰী নীতি-নিয়ম সম্পূৰ্ণ কৰাৰ পাছত এই ঘৰটো ক্ৰয় কৰিব পাৰিম বুলি আমি আশাবাদী৷