Logo
image

১৩২লৈ অৱনমিত ভাৰতৰ স্থান

মানৱ উন্নয়ন সূচক

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ মানৱ সম্পদত চহকী ভাৰত মানৱ উন্নয়ন সূচক বা ‘হিউমেন ডেভলপমেণ্ট ইনডেক্স’ত একেৰাহে দ্বিতীয়বাৰৰ বাবে পিছুৱাই গ’ল৷ ৰাষ্ট্ৰসংঘৰ ডেভলপমেণ্ট প্ৰগেমৰ দ্বাৰা প্ৰকাশিত ‘গ্ল’বেল হিউমেন ইনডেক্স’ত ২০২১-২২ত ভাৰতৰ স্থান ১৩২ লৈ অৱনমিত হৈছে৷ মুঠ ১৯১খন দেশৰ মানৱ উন্নয়নৰ মান নিৰূপন কৰা এই সমীক্ষাত একেৰাহে দ্বিতীয়বাৰলৈ ভাৰতৰ অৱনমন অতিশয় উদ্বেগৰ বিষয় এইবাবেই যে, সম্প্ৰতি ভাৰত হৈছে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ৷ বিগত বছৰ ভাৰতৰ স্থান আছিল ১৩১ নম্বৰ৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, ভাৰতৰ চুবুৰীয়া প্ৰায়কেইখন দেশৰ স্থানেই মানৱ উন্নয়ন সূচকত ভাৰতৰ তুলনাত উচ্ছ স্থানত আছে৷ ০.৭৮২ সূচক মূল্যৰে অৰ্থনৈতিকভাৱে বিধবস্ত শ্ৰীলংকাৰ স্থান ৭৩৷ কেৱল শ্ৰীলংকাই নহয়, ভাৰতীয় উপমহাদেশৰ ক্ষুদ্ৰ ৰাষ্ট্ৰ ভূটানে ১২৭, বাংলাদেশে ১২৯ নম্বৰ স্থানেৰে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ ভাৰতক পিছ পেলাই মোদীৰ ভাৰতলৈ চৰম ভ্ৰূকুটিৰ সৃষ্টি কৰিছে৷ এছিয়াৰ ছুপাৰ পাৱাৰ চীনৰ স্থানো সন্তোষজনক নহয়, তথাপি ৭৯সংখ্যক স্থানেৰে দেশখনে মৰ্যাদা ৰক্ষা কৰিছে৷ ১৪৩ নম্বৰ স্থানত থকা নেপাল আৰু ১৬১ নম্বৰ স্থানৰ পাকিস্তানৰ দশা অৱশ্যে ভাৰততকৈয়ো হতাশাব্যঞ্জক৷

সচৰাচৰ হোৱাৰ দৰেই এইক্ষেত্ৰত ইউৰোপৰ দেশৰ স্থান অগ্ৰণী৷ কিয়নো শীৰ্ষৰ ১০খন দেশৰ ভিতৰত ৮খনেই হৈছে ইউৰোপীয় দেশ৷ ইয়াৰে শীৰ্ষস্থানত আছে ছুইজাৰলেণ্ড, দ্বিতীয় স্থানত নৰৱে, তৃতীয় স্থানত আইচলেণ্ড, ষষ্ঠ স্থানত ডেনমাৰ্ক, সপ্তম স্থানত ছুইডেন, অষ্টম স্থানত আয়াৰলেণ্ড, নৱম স্থানত জাৰ্মানী আৰু দশম স্থানত আছে নেডাৰলেণ্ডছ৷ শীৰ্ষৰ দহৰ ভিতৰত হংকঙে চতুৰ্থ আৰু অষ্ট্ৰেলিয়াই পঞ্চম স্থান অৰ্জন কৰিছে৷ বিশ্বৰ ১৯১খন দেশৰ মানৱ উন্নয়ন সূচক নিৰূপন কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ উন্নয়ন প্ৰগেমে দেশসমূহৰ নাগৰিকৰ জীৱনকাল, বিদ্যালয়ত কটোৱা দিন আৰু জনমুৰি আয়ৰ দিশ বিশ্লেষন কৰিছিল৷ এইবাৰ মানৱ উন্নয়ন সূচকৰ ক্ষেত্ৰত ক’ভিড অতিমাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নেতিবাচক প্ৰভাৱ পৰিছে৷ ফলত এইছ ডি আই স্ক’ৰ ৯০ শতাংশ দেশৰ ক্ষেত্ৰতে ২০০০ৰ তুলনাত এইবাৰ নিম্নগামী হৈছে৷