Logo
image

হিমাই দিয়া গামোচাসহ মোদীৰ সমূহ উপহাৰ নিলামৰ প্ৰস্তুতি

আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ব্যক্তি আৰু সংগঠনৰ পৰা পোৱা উপহাৰৰ নিলাম কৰা হ’ব৷ এই নিলামত স্থান লাভ কৰিছে অসমৰ দৌৰৰাণী হিমা দাসে সন্মানসূচকভাৱে আগবঢ়োৱা অসমীয়া গামোচাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ সুযোগ পাওতে দেশৰ আগশাৰীৰ স্প্ৰিণ্টাৰ হিমা দাসে তেওঁক অসমীয়া গামোচা ডিঙিত পিন্ধাই দি সন্ধান জনাইছিল৷ কোৱা বাহুল্য মাথোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমীয়া গামোচা অতি প্ৰিয়৷ অসমলৈ আহোতে তেওঁ গামোচা ব্যৱহাৰ কৰাৰ উপৰি আন সময়তো অসমীয়া গামোচা ব্যৱহাৰ কৰাৰ বহু উদাহৰণ আছে৷ অন্যাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰিয়তে বিখ্যাত হোৱাৰ সুযোগ পাইছে গামোচাই৷ সেয়ে আশা কৰা হৈছে হিমা দাসে  প্ৰদান কৰা গামোচাই প্ৰধানমন্ত্ৰী মোদীৰ নিলামত ভাল দাম পাব৷ প্ৰধানমন্ত্ৰী মোদীয়ে হিমা দাসৰ গামোচাৰ লগতে অনান্য বিশ্বখ্যাত ভাৰতীয় খেলুৱৈয়ে প্ৰদান কৰা ক্ৰীড়া সামগ্ৰীও নিলাম কৰিব৷ তাৰ ভিতৰত আছে মণিপুৰৰ মীৰাবাঈ চানুৱে শেহতীয়াকৈ প্ৰধানমন্ত্ৰীক উপহাৰ দিয়া কমনৱেল্‌থ গেমছৰ ভাৰোত্তোলকৰ সম্পূৰ্ণ দলৰ স্বাক্ষৰ থকা টীম ইণ্ডিয়াৰ জাৰ্ছি, কমনৱেল্‌থ গেমছত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা পুৰুষ আৰু মহিলা দলটোৱে প্ৰদান কৰা বক্সিং গ্লাভছ৷ উল্লেখ্য এই নিলাম হ’ব ই-পদ্ধতি অৰ্থাৎ ইলেকট্ৰনিক পদ্ধতিৰে৷ চৰকাৰী ৱেব পৰ্টেল pmmementos.gov.in যোগে৷ দেশৰ নেশ্বনেল গেলাৰী অব মডাৰ্ণ আৰ্টৰ সঞ্চালিকা অদ্বিতা গড়নায়কে সামগ্ৰিকভাৱে এই নিলাম কাৰ্য পৰিচালনা কৰিব৷ নিলামৰ বাবে মুঠতে ১২ শ বিধ সামগ্ৰী নিৰ্বাচন কৰি চূড়ান্ত কৰা হৈছে বুলি তেওঁ জনাইছে৷ নিলামৰ পৰা সংগৃহীত অৰ্থ নমামি গংগে অভিযানত ব্যয় কৰা হ’ব৷ উল্লেখ্য, নিলাম হ’বলগীয়া সামগ্ৰীৰ ভিত্তি মূল্য ১০০ টকাৰ পৰা ১০ লাখ টকালৈকে স্থিৰ কৰা হৈছে৷