Logo
image

লক্ষ্য যদি এক হয়, ঐক্যত বাধা কিহৰ

এটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰাকৈ এখন চৰকাৰে দিছপুৰত পাঁচটা বছৰ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে৷ বিশেষতঃ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দি অসম চুক্তি ৰূপায়ণ কৰি বিদেশী সমস্যা সমাধান কৰা, উন্মুক্ত সীমান্ত বন্ধ কৰা, অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰা, জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আদিৰ দৰে বিষয়সমূহক সম্পূৰ্ণৰূপে অৱহেলা কৰি দিছপুৰত বিজেপি চৰকাৰে পাঁচটাকৈ বছৰ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে৷ কেৱল প্ৰতিশ্ৰুতি পূৰণ কৰা নাই এনে নহয়, এই চৰকাৰে বাংলাদেশক মাটি দিয়া নহয় বুলি সিদ্ধান্তত খুঁটি পুতিছিল৷ কিন্তু শাসনত বহিয়েই সকলো আইনী বাধাকো অতিক্ৰম কৰি বাংলাদেশক মাটি দিলে৷ বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি পানীত নমা বিজেপি চৰকাৰে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে৷ অসমৰ জনসাধাৰণে এখন পাঁচ বছৰীয়া চৰকাৰৰ পৰা বহুত কিবা আশা নকৰে, কিন্তু যেতিয়াই জাতিবিৰোধী কাৰ্যত লিপ্ত হ’ব, তেতিয়াই ৰাইজে সেই চৰকাৰক কেতিয়াও ক্ষমা নকৰে৷ কংগ্ৰেছৰ চৰম বিফলতাৰ পাছত এখন পৰিৱৰ্তনকামী চৰকাৰক শাসনত বহুৱাইছিল, কিন্তু এই চৰকাৰে জাতিটোকেই নিঃশেষ কৰিবলৈ উঠিপৰি লাগিল৷ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলো বিদেশীক খেদিম বুলি উদাত্ত ভাষণ দিয়া বিজেপিয়ে যেতিয়া নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিলে, তেতিয়া আৰু জাতিৰ সকলো ধৈৰ্যৰ বান্ধ খোল খাই গ’ল৷ চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মানুহে ৰাজপথত অৱস্থান কৰিলে৷ বিজেপিক প্ৰতিহত কৰাৰ সংকল্প লৈ অসমীয়া জাতীয়তাবাদৰ নতুন জাগৰণ ঘটিল অসমত৷ যি জনতাই বিজেপিক দিছপুৰত আথে-বেথে বহুৱাইছিল, সেই বিজেপিক প্ৰতিহত কৰাৰ হুংকাৰ দিলে৷ কিন্তু অসমীয়া বা অসমবাসীৰ হাতত কোনো বিকল্প ৰাজনৈতিক দল নথকাৰ বাবেই নতুন আঞ্চলিক দল গঠনৰ কুচকাৱাজ চলিল৷ এই কুচকাৱাজত প্ৰথমেই বৃহৎ জাতি ৰক্ষাৰ আন্দোলনটোৰ এজন শক্তিশালী প্ৰতিনিধি হিচাপে সাংবাদিক অজিত কুমাৰ ভূঞাই ৰাজ্যসভাৰ সাংসদ হোৱাৰ সুযোগ লাভ কৰিলে৷ এয়াই নতুন ৰাজনীতিৰ প্ৰথম সফলতা যদিও অধিবক্তা অৰূপ বৰবৰাৰ নেতৃত্বতো আঞ্চলিকতাবাদ সুৰক্ষাৰ অভিযান চলিল৷ ‘কা’ আন্দোলনৰ মাজত সোমাই আছুৰ দৰে ছাত্ৰ সংগঠনেও ৰাজনৈতিক দল প্ৰতিষ্ঠাৰ বাবে আগবাঢি.ল৷ আনহাতে, জে’লত বন্দী অখিল গগৈয়ে নতুন আঞ্চলিক শক্তিক ঐক্যবদ্ধ হোৱা আৰু আছুকে ধৰি সৰু-বৰ সকলো দলক এখন মঞ্চ, এটা প্ৰতীক, এখন পতাকাৰ তলত আহিবলৈ আহ্বান জনালে৷ কিন্তু সেই আহ্বানক নস্যাৎ কৰিলেও পাছৰ পৰ্যায়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৭০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত সেনা বা অৰূপ বৰবৰা নেতৃত্বাধীন সংযুক্ত আঞ্চলিক দল ঐক্যবদ্ধ হৈ ৰাইজৰ দল প্ৰতিষ্ঠা হ’ল৷ আনহাতে, ‘অসম জাতীয় পৰিষদ’ নাম লৈ আছু-যুৱ ছাত্ৰ পৰিষদে আৰম্ভ কৰা দলটোও অসমৰ জনতাৰ কাষত থিয় হ’ল৷ এই দলে ১৬-১৭ ডিচেম্বৰত শিৱসাগৰত অভিৱৰ্তন অনুষ্ঠিত কৰি দলটোক পূৰ্ণ পৰ্যায়ত গঠন কৰিলে, য’ত আছুৰ নেতা লুৰীণজ্যোতি গগৈয়ে নেতৃত্ব প্ৰদান কৰিছে৷ আনহাতে, ৰাইজৰ দলে ৩-৫ জানুৱাৰীত মৰাণত অভিৱৰ্তনৰ আয়োজন কৰিছে৷ কিন্তু এই দলৰ প্ৰধান নেতা অখিল গগৈ বৰ্তমানো জে’লত বন্দী হৈ থকাত বহু বিষয় অস্পষ্ট হৈ আছে৷ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন গণমৰ্চায়ো অভিৱৰ্তন আয়োজনেৰে দলক শক্তিশালী কৰাৰ পদক্ষেপ লৈছে৷ আনহাতে, অসমৰ জনসাধাৰণে ২০২১ত সাম্প্ৰদায়িক তথা অসমীয়া জাতীয়তাবাদক ধ্বংস কৰি হিন্দুৰ নামত বিদেশীক ভাগ ভাগ কৰি অসম চুক্তিখন অৱমাননা কৰা বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ মন বান্ধিছে যদিও বহুধাবিভক্ত আঞ্চলিক শক্তিয়ে যে এই কাম কৰিব নোৱাৰিব, সেই কথাও বুজিছে৷ সেয়ে অসমৰ ৰাইজৰ মাজৰ পৰা বাৰে বাৰে আহ্বান আহিছে আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ৷ অৰূপ বৰবৰা নেতৃত্বাধীন দলটোৱে ইতিমধ্যে এই আহ্বানৰ প্ৰতি সঁহাৰি জনালে যদিও এতিয়াও অজিত কুমাৰ ভূঞা নেতৃত্বাধীন গণ মৰ্চা আৰু অসম জাতীয় পৰিষদে এইক্ষেত্ৰত কোনো ইতিবাচক সঁহাৰি দিয়া দেখা নাই৷ অসমৰ সচেতন ৰাইজে অজাপৰ অভিৱৰ্তনলৈ ৰাইজৰ দল, গণমৰ্চাৰ প্ৰতিনিধিক নিমন্ত্ৰণ কৰাটো বিচাৰিছিল৷ যি অসমৰ ৰাইজৰ বুকুত আন এক আশাৰ সঞ্চাৰ কৰিলেহেঁতেন, কিন্তু এনে অদূৰদৰ্শী চিন্তাৰে কেৱল আৱেগসবৰ্স্ব ৰাজনীতিৰে অসমৰ আঞ্চলিক ৰাজনীতিক যে বচাব পৰা নাযাব, সেই কথা ইতিহাসে কয়৷ কেৱল আৱেগেৰে জাতি উদ্ধাৰ নহয়, আন্তৰিকতা লাগিব৷ নিজকে মই বৰ ভাবেৰে নহয়, এক সমন্বয়ৰ বাৰ্তাৰেহে অসমীয়া জাতি উদ্ধাৰ হ’ব, সি নিশ্চিত৷ লক্ষ্য যদি এক হয়, ঐক্যত বাধা কিহৰ৷