Logo
image

ৰাজ্যৰ ১, ০০০ স্কুল উচ্ছতৰ মাধ্যমিকলৈ উন্নীতকৰণ

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ ৰাজ্যৰ শিক্ষা বিভাগত শীঘ্ৰেই হ’ব ব্যাপক পৰিবৰ্তন৷ এহাজাৰখন বিদ্যালয়ক উন্নীত কৰা হ’ব উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ৷ উন্নীতকৰণ কৰা আটাইকেইখন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত থাকিব কলা, বিজ্ঞান আৰু বাণিজ্যৰ সকলো বিষয়৷ নতুন শিক্ষানীতি অনুসৰি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়েও পঢ়িব পাৰিব কলা বা বাণিজ্যৰ কোনো কোনো বিষয়৷ বুধবাৰে বিধানসভাত এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ তেওঁ আৰু কয়– ইতিমধ্যে বিদ্যালয় উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ ইতিমধ্যে ২১৫খন বিদ্যালয় উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে৷ এতিয়া ৭৮৫খন বিদ্যালয় উন্নীতকৰণৰ তালিকা প্ৰস্তুত কৰা হৈছে৷ নতুন শিক্ষানীতি অনুসৰি সকলো উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখাও মুকলি কৰিব লাগিব৷ অসমত বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৰ কম৷ মাত্ৰ ১৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়িব বিচাৰে৷ এই সংখ্যা বৃদ্ধি হ’ব লাগে৷ মহাবিদ্যালয়ত থকা উচ্ছতৰ মাধ্যমিক শাখা কৰ্তন কৰা হ’ব৷ জিলাই জিলাই হ’ব স্কুল চৌহদ৷ মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ বিদ্যালয়ৰ শিক্ষক-ছাত্ৰৰ অনুপাত সমতুলকৰণ প্ৰক্ৰিয়াও চলি আছে বুলি তেওঁ কয়৷