Logo
image

কেঁচু খান্দোতে ওলাল পৰীক্ষাৰ উকা উত্তৰবহী

স্বাস্থ্যৰ নিযুক্তিতো জালিয়াতিৰ অভিযোগ

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ কুখ্যাত ৰাকেশ পালৰ আমোলত এ পি এছ চি পৰীক্ষাত জাল উত্তৰ-বহী জমা দি পাছত আয়োগৰ কাৰ্যালয়ত বহি উত্তৰ লিখি প্ৰশাসনিক বিষয়াৰ চাকৰি লাভ কৰাৰ কৌশল আৰম্ভ হৈছিল৷ ৰাকেশ পালৰ ভ্ৰাতৃৰ প্ৰেছত ছপা কৰা ডুপ্লিকেট উত্তৰ বহীত প্ৰশ্নোত্তৰ লিখি এচিএছ-এপিএছ চাকৰি লাভ কৰি আজিও প্ৰশাসন যন্ত্ৰত দপদপাই আছে বিভিন্ন দুই নম্বৰী বিষয়াই৷ কিন্তু ৰাকেশ পাল গ্ৰেপ্তাৰ হ’ল যদিও ৰাকেশ পালৰ একাংশ উত্তৰসূৰীয়ে যেন এতিয়াও বিভিন্ন বিভাগত খোপনি পুতি থকাৰ সন্দেহ অমূলক নহয়৷ কিয়নো এতিয়া যেন ৰাকেশ পালৰ পৰম্পৰাকে নতুন ৰূপ দি চাকৰিৰ বাবে উত্তৰ বহী জালিয়াতিৰ পৰিৱৰ্তে পৰীক্ষাৰ অ’ এম আৰ শ্বীট উকা ৰাখি পিছ দুৱাৰোদি পূৰ কৰাৰ অভিনৱ কৌশল গ্ৰহণ কৰিছে৷ অৰ্থাৎ পৰীক্ষা হলত নিৰ্দিষ্ট পৰীক্ষাৰ্থীয়ে একো নিলিখাকৈ জমা দি অহা অ’ এম আৰ শ্বীটত পাছত দালাল চক্ৰই পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা প্ৰতিষ্ঠানৰ বিষয়াৰে মিলি গোপনে শুদ্ধ উত্তৰ ক’লা চিয়াহীয়ে পূৰণ কৰে৷ লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ ১৮৮টা তৃতীয়-চতুৰ্থবৰ্গৰ পদৰ অ’ এম আৰ ভিত্তিত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই পৰীক্ষাত উকা অ’ এম আৰ জমা দিয়াৰ তথ্য প্ৰমাণ পোহৰলৈ আহিছে৷ ভিক্টৰ দাস নামৰ কোচিং চেণ্টাৰৰ শিক্ষকজনে অসম চৰকাৰৰ ২৬ হাজাৰ পদৰ পৰীক্ষাত প্ৰাক্তন বিধায়কৰ নেতৃত্বত এটা চক্ৰই ধন সংগ্ৰহৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই সামাজিক মাধ্যমত উক্ত পৰীক্ষাটোত উকা অ’ এম আৰ শ্বীট জমা দিয়াৰ বিস্ফোৰক অভিযোগ উঠিছিল৷ সামাজিক মাধ্যমত বিভিন্নজনে তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ একাংশ সন্দেহজনক প্ৰাৰ্থীয়ে কোনো এটা উত্তৰ নিলিখাকৈ উকাকৈ অ’ এম আৰ শ্বীট জমা দিয়াত সন্দেহ ব্যক্ত কৰিছিল৷ সেই সময়ত জ্যোতি ডেকা নামৰ এজন প্ৰাৰ্থীয়ে সামাজিক মাধ্যমত তেওঁ বহা পৰীক্ষা কেন্দ্ৰটোত কেৱল ৰোল নম্বৰটো শুদ্ধ কৈ লিখি আঁক এডালো নমৰাকৈ অ’ এম আৰ শ্বীট জমা দিয়া এজন সন্দেহজনক প্ৰাৰ্থীয়ে কোনো বিশেষ ‘ছাৰ’ৰ নিৰ্দেশত তেনেদৰে অ’ এম আৰ শ্বীট জমা দিয়াৰ কথা অৱগত কৰা বুলিও সদৰী কৰিছিল৷ আনহাতে মঙলদৈৰ সীমান্ত কলিতা নামৰ আন এজন প্ৰাৰ্থীয়েও সামাজিক মাধ্যমত তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাত ডাহী বালিকা বিদ্যাপীঠ উচ্ছ মাধ্যমিক বিদ্যালয়ত ২নং কোঠাৰ  ১নং শাৰীৰ ৩-৪ নম্বৰ বেঞ্চত বহা প্ৰাৰ্থী এজনে উকা অ’ এম আৰ শ্বীট জমা দিয়াৰ কথা ৰাজহুৱা কৰিছিল৷ অৱশ্যে বাস্তৱত দেখা যায় – উকা অ’ এম আৰ শ্বীট জমা দিয়াৰ বিষয়টোত কোনেও এশ শতাংশ তথ্য-প্ৰমাণ দাখিল কৰিব নোৱাৰে যদিও পৰীক্ষা পৰিচালনা কৰা কতৃৰ্পক্ষহে একমাত্ৰ ইয়াৰ সত্যতা প্ৰকাশ কৰিব পাৰে৷ কিন্তু আ(ৰ্যজনকভাৱে সামাজিক মাধ্যমত এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো তৃতীয়-চতুৰ্থবৰ্গৰ পৰীক্ষা পৰিচালনা কৰা অৱসৰী আমোলাৰ নেতৃত্বাধীন ‘ছেবা’ৰ লগতে ৰাজ্য চৰকাৰেও কোনো তদন্ত ঘোষণা কৰা দেখা নগ’ল৷ চৰকাৰে এনে অভিযোগৰ সত্য-অসত্য নিৰূপণৰ বাবে তদন্ত ঘোষণাৰ পৰা বিৰত  থাকিলেও লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় চতুৰ্থবৰ্গৰ ১৮৮টা পদৰ বিগত ১৩ মে’ত অনুষ্ঠিত হোৱা অ’ এম আৰ ভিত্তিক লিখিত পৰীক্ষাত উকা অ’ এম আৰ শ্বীট দাখিল কৰা বুলি অভিযোগ উঠা এজন প্ৰাৰ্থী মৌখিক পৰীক্ষাৰ বাবে বাছনি লাভ কৰাৰ ঘটনাই এতিয়াৰ অ’ এম আৰ শ্বীট কেলেংকাৰিৰ দীৰ্ঘদিনীয়া অভিযোগৰ যেন সত্যতা প্ৰমাণ কৰিলে৷ স্বাভাৱিকতে এতিয়া অ’ এম আৰ শ্বীটৰ কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম ঘটিছে৷ কিয়নো উক্ত দিনা পৰীক্ষাত অৱতীৰ্ণ হোৱা জুৰীয়াৰ আমিনুল হক নামৰ এজন দিব্যাংগ প্ৰাৰ্থীয়ে পৰীক্ষা দি উঠিয়েই ছ’চিয়েল মিডিয়া ফেচবুকত তেওঁ অৱতীৰ্ণ হোৱা  পৰীক্ষা কেন্দ্ৰটোৰ  এজন প্ৰাৰ্থীয়ে উকা অ’ এম আৰ শ্বীট দাখিল কৰা বুলি পোষ্ট দিছিল৷ আশ্চৰ্যজনকভাৱে উকা অ’ এম আৰ শ্বীট জমা দিয়া উক্ত প্ৰাৰ্থীজনে মঙলবাৰে ঘোষণা কৰা ফলাফলৰ তালিকাত বাছনি লাভ কৰাত এতিয়া হতচকিত কৰি তুলিছে আমিনুল হকৰ লগতে পৰীক্ষা কেন্দ্ৰটোৰ নিৰীক্ষকদ্বয়কো৷ স্বাভাৱিকতেই চৰকাৰী চাকৰিৰ নামত এতিয়া গোপনে অ’ এম অৰ শ্বীটৰ খেলা চলিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন পদৰ নিযুক্তিৰ বাবে ২০২০ চনৰ প্ত মে’ত প্ৰকাশিত এটা বিজ্ঞাপনৰ ভিত্তিত ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, চকীদাৰ, এটেণ্টডেণ্ট, লেব’ৰটৰী এটেণ্টডেণ্ট, পিয়ন, ধোবি, ৰান্ধনী আদি পদৰ বাবে চলিত বৰ্ষৰ ১৩ মে’ত অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল৷ বিগত ১৩ ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে স্বাস্থ্য বিভাগে এটা নিৰ্দেশনা যোগে উক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক ১৮ ছেপ্টেম্বৰত মৌখিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ নিৰ্দেশ দিছিল৷ কিন্তু ফলাফল ঘোষণাৰ পাছতেই আমিনুল হক নামৰ উক্ত প্ৰাৰ্থীজনৰ ফেচবুকৰ পুৰণি এটা পোষ্ট আৰু ফলাফলৰ লিষ্টত থকা এটা বিশেষ নম্বৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ পৰীক্ষা অনুষ্ঠিত হোৱা দিনটোত অৰ্থাৎ বিগত ১৩ মাৰ্চত আমিনুল হকে ফেচবুকত লিখিছিল –‘আজি লখিমপুৰ মেডিকেল কলেজৰ Grade-IV পৰীক্ষাত মোৰ এটা বেঞ্চ আগত বহা এজন পৰীক্ষাৰ্থীয়ে লিখি থকাৰ ভাও ধৰি উকা OMR Sheetত একো নিলিখাকে জমা দিয়াৰ সময়ত জমা দিব বিচাৰিছিল৷ নিৰীক্ষকে গম পোৱাত আৰু আমি পৰীক্ষাৰ্থী কেইজনমান আৰু নিৰীক্ষকে হুলস্থূল লগাই দিও৷ নিৰীক্ষকে মান্তি নোহোৱাত অৱশেষত তিনি-চাৰিটা উত্তৰ লিখে৷ নিজৰ নাম ৰোল নং লিখি ব্লেংক OMR Sheet জমা দিয়াৰ কাৰণ কি? সঁচাকে যোগ্যতা থকা ব্যক্তিয়ে চাকৰি পাবনে? ইয়াৰ পৰা আমি কি উমান পাও সকলোৱে কমেণ্টত জনাব৷’ অতি আ(ৰ্যজনকভাৱে আমিনুলে ফেচবুকত অভিযোগ কৰা প্ৰাৰ্থীজনৰে মঙলবাৰে ঘোষণা কৰা ফলাফল তালিকাত নাম আহিল৷ ইয়াৰ পাছতেই সেই পুৰণি পোষ্টটোৰ আঁতধৰি আমিনুলে ফেচবুকত পুনৰ লিখে আন এটা পোষ্ট৷ আমিনুলৰ শেহতীয়া পোষ্টটোত উল্লেখ কৰিছে এইদৰে– ‘চৰকাৰী চাকৰিৰ নামত দুৰ্নীতি কাক কয় আজিহে বুজিলো৷ কিয়নো কালি দিয়া ৰিজাল্টত যিজনে উত্তৰ বহী উকা জমা দিলে তাৰ ৰোল নং চিলেকশ্বনত উঠিছে৷ পৰীক্ষাৰ দিনাই মই আপডেট দিছিলো৷ ৰোল নং-১২৬৯০০৪২ নামটো অমিত নে কিবা আছিল টাইটেল পাহৰিলো৷ ধেমাজি পাবলিক স্কুলত পৰীক্ষা দিয়া সকলো পৰীক্ষাৰ্থীক আৰু পৰীক্ষকক মাতি সুধিলেই গম পাব পৰীক্ষাৰ দিনা কি হৈছিল৷ মোৰ আগৰ বেঞ্চত বহি থকা পৰীক্ষাৰ্থী জনে যেতিয়া OMR Sheetখন জমা দিব বিচাৰে তেতিয়া বাইদেউ এজনীয়ে মাত লগায় উকা বহী জমা নলও৷ তেতিয়া লগে লগে মই পিছফালৰ পৰা থিয় হৈ মাত লগাও আৰু সকলো পৰীক্ষক আৰু পৰীক্ষাৰ্থী একগোট হৈ জবৰদস্তি ৫/১০টা মান উত্তৰ লিখিবলৈ বাধ্য কৰা হয়৷ লগতে তাত থকা ফটো পৰীক্ষকে ব্যক্তি জনৰ লাইভ ভিডিঅ’ৰ লগতে ফটো আধাৰ কাৰ্ডৰ ফটো তুলি ৰাখে৷ ওলাই আহোঁতে কৈ আহিছিলো পৰীক্ষকসকলক ৰোল নং লিখি ৰাখিছো ৰিজাল্ট দিয়াৰ পিছত চাম৷ আজি তাৰ ৰিজাল্ট শ্বীট আৰু ৫ মাহ আগত দিয়া মোৰ আপডেট আগবঢ়ালো৷ যেতিয়ালৈকে চাকৰিৰ নামত দুৰ্নীতি হব সিমান দিন যোগ্য জনে চাকৰি নাপায়৷’ লক্ষণীয়ভাৱে আমিনুলৰ দাবীৰ পাছতেই সংবাদ মাধ্যমৰ সন্মুখত এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে উক্তদিনা উপস্থিত থকা নিৰীক্ষকদ্বয়ে৷ অভিযোগ উত্থাপন হোৱা ৰোল নম্বৰৰ পৰীক্ষাৰ্থীজন হিন্দীভাষী হোৱা বাবেই অ’ এম আৰ শ্বীটখন বুজি পোৱাত অসুবিধা হৈছিল পৰীক্ষাৰ্থী জনৰ৷ সেই বাবেই উকা উত্তৰ বহী জমা দিয়া বুলি জনায় নিৰীক্ষকদ্বয়ে৷

লখিমপুৰ মেডিকেল কলেজত নিযুক্তিত আন এক প্ৰতাৰণাঃ জাতীয় যুৱ বাহিনী

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বুলি দম্ভালি মৰা বিজেপি চৰকাৰখনৰ দিনত এটাৰ পাছত আনটো নিযুক্তি কেলেংকাৰীয়ে চৰকাৰখনৰ মুখা খুলি দিছে৷ কিছুদিনৰ পূৰ্বে হৈ যোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষা নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে বুলি অভিযোগ দিয়া ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এটাৰ পাছত আনটো নিযুক্তি কেলেংকাৰী পোহৰলৈ আহিছে৷ জলসিঞ্চন নিযুক্তিৰ ৭ জন দালাল ধৰাৰ পাছতেই নলবাৰী জিলাৰ জয়া কলিতা নামৰ এগৰাকী যুৱতীয়ে জলসিঞ্চন বিভাগৰ নিযুক্তি প্ৰদানৰ নামত ৮ লাখ টকাৰ ঘোচ বিচৰা বুলি স্বয়ং বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ আনিছিল৷ নিযুক্তি কেলেংকাৰীৰ এই বিতৰ্ক চলি থাকোতেই কালি ঘোষণা কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ এক বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখযোগ্য যে নতুনকৈ প্ৰতিষ্ঠা হোৱা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তৃতীয় বৰ্গৰ বিভিন্ন পদৰ বাবে ৭৯ টা আৰু চতুৰ্থ বৰ্গৰ  ১৮৮ টা পদৰ বাবে এক লিখিত পৰীক্ষা যোৱা কিছুদিনৰ আগতে অনুষ্ঠিত হৈছিল৷ উক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত বিভিন্ন পৰীক্ষাৰ্থীয়ে সামাজিক মাধ্যমত এই নিযুক্তিত ব্যাপক বিসংগতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে৷ আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা এই নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৌচ্ছাৰ হৈ উঠে৷ যোৱাকালি ফলাফল ঘোষণা কৰা তালিকাখন ভালকৈ চালে দেখা গৈছে একেজন পৰীক্ষাৰ্থীয়ে আটাইবোৰ পদতে মৌখিক পৰীক্ষাৰ বাবে বাছনি হৈছে৷ জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে দিয়া তথ্য অনুসৰি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ১ জনে ১৭টা, ১জনে ১৪ টা, ৩ জনে ১২ টা, ১ জনে ১১ টা, ১ জনে ৯ টা, ৮ জনে ৮ টা, ৫ জনে ৭ টা, ৬ জনে ৬ টা, ৩ জনে ৫ টা, ১২ জনে ৪ টা, ১৮ জনে ৩ টা, ৪০ জনে ২ টা পদৰ মৌখিক পৰীক্ষাৰ বাবে বাচনি হৈছে৷ ঠিক সেইদৰে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত ১৫ জনে ১৩ টা, ৮ জনে ১২ টা, ৫ জনে ১১ টা, ৬ জনে ১০টা, ৫জনে ৯টা, ৯জনে ৮টা, ১৩জনে ৭টা, ৮জনে ৬টা, ১৭জনে ৫টা, ৩৬জনে ৪টা, ৪০জনে ৩টা, ৭৭জনে ২টা পদৰ মৌখিক পৰীক্ষাৰ বাবে বাচনি হৈছে৷ তদুপৰি আজি পুৱা আমিনুল হক নামৰ এজন পৰীক্ষাৰ্থীয়ে ফেচবুক পোষ্টৰ জৰিয়তে ১২৬৯০০৪২ নম্বৰৰ এজন পৰীক্ষাৰ্থীয়ে লিখিত পৰীক্ষাৰ অ’ এম আৰ ছীট খন উকাকৈ জমা দিছিল৷ কিন্তু ফলাফলত দেখা গৈছে উক্ত পৰীক্ষাৰ্থীজনো লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ দুটা পদৰ বাবে মৌখিক পৰীক্ষাত বহিবলৈ সুবিধা লাভ কৰিছে৷ অৰ্থাৎ, লক্ষীমপুৰ মেডিকেল কলেজৰ নিযুক্তি পৰীক্ষাত যে কিবা দুৰ্নীতি সংঘটিত হৈছে সেইয়া খাটাং হৈ পৰিছে৷ সেয়েহে জাতীয় যুৱ বাহিনীয়ে আজি সংবাদমেলৰ জৰিয়তে নিযুক্তিৰ কেলেংকাৰীসমূহৰ সন্দৰ্ভত এক উচ্ছ পয্যায়ৰ তদন্ত কৰিবলৈ আৰু বিধানসভাৰ মজিয়াত বিষয়টো আলোচনা কৰিবলৈ দাবী জনায়৷

আৰু কিমান প্ৰমাণ পালে নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি হোৱা বুলি স্বীকাৰ কৰিব? ডিৱাইএফআই

লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ ১৮৮টা পদৰ বাবে যোৱা ১৩ মাৰ্চত অনুষ্ঠিত পৰীক্ষাত উকা বহী জমা দি পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱা বুলি এজন বিশেষভাৱে সক্ষম যুৱকে গুৰুতৰ অভিযোগ আনিছে৷ যুৱকজনে পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনটোৰ নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি অনিয়মৰ বিৱৰণ সামাজিক মাধ্যমত দাঙি ধৰিছে৷ এনে ঘটনাই অসম চৰকাৰৰ অধীনত চলি থকা নিযুক্তি প্ৰক্ৰিয়াত যে চৰম ভেঁকোভাওনা হৈছে তাক ক্ৰমাৎ পোহৰলৈ আনিব ধৰিছে৷ অসম চৰকাৰৰ বিভিন্ন বিভাগত দুৰ্নীতিয়ে যে গভীৰতালৈ শিপাইছে সেয়া এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে৷ ইয়াৰ বাবে সঠিক আৰু নিৰপেক্ষ তদন্ত অতি জৰুৰী৷ ভুক্তভোগী প্ৰাৰ্থীয়ে নিজৰ অভিজ্ঞতাৰে অভিযোগ বৰ্ণনা কৰাৰ পাছত অসম চৰকাৰ আৰু আৰক্ষী বিভাগক কি প্ৰমাণ লাগে বুলি ডি ৱাই এফ আইয়ে প্ৰশ্ন কৰিছে৷ ডি ৱাই এফ আইৰ সভাপতি ৰুস্তম আলী আৰু সম্পাদক ৰিতু ৰঞ্জন দাসে সংবাদ মাধ্যমক কয়– ৰাজ্যৰ প্ৰতিটো বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াতে গুৰুতৰ অনিয়ম আৰু পক্ষপাতিত্ব হোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন [ডি ৱাই এফ আই]ৰ অসম ৰাজ্যিক কমিটিয়ে৷ এনে অভিযোগৰ সঠিক তদন্ত কৰাৰ পৰিৱৰ্তে অভিযোগকাৰীক আৰক্ষীৰ ভয়-ভাবুকি, শাসক দলৰ নেতা-মন্ত্ৰীৰ ভাবুকি আৰু অভিযোগকাৰীৰ চৰিত্ৰহননৰ দৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ডি ৱাই এফ আইয়ে এনে নিকৃষ্ট কাণ্ড বন্ধ কৰি অভিযোগবোৰৰ সঠিক তদন্তৰ দাবী কৰিছে৷ অসম চৰকাৰৰ অধীনত হোৱা প্ৰতিটো নিযুক্তি প্ৰক্ৰিয়াতে গুৰুতৰ অনিয়ম হোৱাৰ অভিযোগ ক্ৰমাগতভাৱে আহিব ধৰিছে৷ ভিক্টৰ দাস নামৰ যুৱকজনে চ্ছ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম হোৱা বুলি অভিযোগ কৰাৰ পাছতে তেওঁক দাগী অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লৈছে৷ চৰকাৰ আৰু পুলিচ প্ৰশাসনে অনিয়মৰ অভিযোগ অস্বীকাৰ কৰি থকাৰ সময়তে আৰক্ষীয়ে জ্জ জনকৈ দালালক গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে৷ এই দালাল কেইটাই জলসিঞ্চন বিভাগত নিযুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাইছিল৷ এইখিনি সময়তে সকলোকে আচৰিত কৰি খোদ বি জে পি দলৰ সভাপতি তথা পূৰ্বৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ বিৰুদ্ধে টকাৰ বিনিময়ত জলসিঞ্চন বিভাগত চাকৰি দিয়াৰ প্ৰলোভন দিয়া বুলি এগৰাকী যুৱতীয়ে গুৰুতৰ অভিযোগ আনিছে৷ এনেদৰে এটাৰ পাছত এটাকৈ প্ৰতিদিনে ওলাই থকা দুৰ্নীতি-অনিয়মৰ খবৰে চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীৰ লগতে সাধাৰণ জনতাকো উদ্বিগ্ন আৰু হতাশ কৰি তুলিছে৷ অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে লোৱা ভূমিকা আৰু তেওঁলোকৰ বক্তব্যই লাখ লাখ যুৱক-যুৱতীক আশাহত কৰি তুলিছে৷ পৰীক্ষাৰ দিনত ইণ্টাৰনেট কৰ্তন কৰি চমক দিব বিচৰা এইখন চৰকাৰৰ দিনত দুৰ্নীতি আৰু অনিয়মৰ পদ্ধতিহে যে পৰিৱৰ্তন হৈছে সেয়া শেহতীয়া অভিযোগবোৰে ইংগিত দিছে৷ পূৰ্বৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ সলনি এতিয়া উকা অ এম আৰ শ্বীট জমা দিয়ে৷ যি অঅ এম আৰ শ্বীটত দালাল চক্ৰই শুদ্ধ উত্তৰ বহুৱাই ভাল নম্বৰ পোৱাই দিয়াৰ সম্ভাৱনা থাকে৷ এনে অতি সূক্ষ্ম পৰ্যায়ৰ দুৰ্নীতি আৰু অনিয়ম ধৰা পেলাবলৈ হ’লে চৰকাৰৰ সদিচ্ছা আৰু আৰু আৰক্ষীৰ নিৰপেক্ষ তদন্ত অতি জৰুৰী৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এই কাম কৰিব পাৰিবনে? ডি ৱাই এফ আইয়ে দাবী কৰিছে গোটেই নিযুক্তি প্ৰক্ৰিয়াত উত্থাপিত অভিযোগবোৰৰ তদন্তৰ বাবে এখন বিশেষ নিৰপেক্ষ আয়োগ গঠন কৰক৷ ৰাজনৈতিক হস্তক্ষেপে যাতে এনে আয়োগৰ কাম-কাজত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰক৷