Logo
image

কুঁহিৰামক জেৰা, ভিক্টৰ-কাণ্ডতো একেই মধ্যভোগী?

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ জলসম্পদ বিভাগৰ চাকৰি কেলেংকাৰিৰ দালালিত জড়িত জলসম্পদ বিভাগৰে কৰ্মচাৰী৷ গুৱাহাটীৰ বৰবাৰী জি ডি গেষ্ট হাউচৰ পৰা দিছপুৰ আৰক্ষীয়ে সাতটা দালালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই মঙলবাৰে সন্ধিয়া মঙলদৈৰ পৰা গ্ৰেপ্তাৰ কৰে জলসম্পদ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কুঁহিৰাম ডেকাক৷ চাকৰি বজাৰৰ অন্যতম দালাল কুঁহিৰাম ডেকাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এতিয়া বিভাগটোৰ আন আন বিষয়া-কৰ্মচাৰীও এই দুষ্কাৰ্যত জড়িত আছে নেকি তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো জলসম্পদ বিভাগৰ মাষ্টাৰোলৰ চাকৰি নিয়মীয়াকৰণৰ নামতেই উক্ত দালাল চক্ৰটোৱে বৃহৎ বজাৰ মেলিছিল৷ বিভাগীয় কোনো শীৰ্ষ বিষয়া জড়িত নাথাকিলে কুঁহিৰামৰ দৰে চতুৰ্থ বৰ্গৰ এজন সাধাৰণ কৰ্মচাৰীয়ে এনে দুঃসাহস কৰিব স্বাভাৱিকতেই তাক লৈ সন্দেহৰ অৱকাশ আছে৷ দেওবাৰে দিছপুৰ আৰক্ষীয়ে বৰবাৰীৰ জি ডি গেষ্ট হাউচত অভিযান চলাই সাতটা দালালক গ্ৰেপ্তাৰ কৰাৰ লগতে কম্পিউটাৰত ভুৱা ছীল-মোহৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ১০-১২খন নিযুক্তি পত্ৰও জব্দ কৰিছিল৷ উক্ত নিযুক্তি পত্ৰকেইখনত বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানৰ এন ডি-২৪ৰ কলাইগাঁৱৰ সাংবাদিক পিংকু বৰুৱাৰো নাম আছিল৷ আৰক্ষীৰ অভিযানৰ সময়ত গেষ্ট হাউচটোতে পিংকু বৰুৱা আৰু কুঁহিৰাম ডেকাৰ লগতে দালাল চক্ৰটোৰ মাষ্টাৰ মাইণ্ড তেজপুৰৰ ৰফিকুল হুছেইন আৰু বৰপেটাৰ আজিজুৰ হকো আছিল৷ কিন্তু আৰক্ষীক দেখা পাই চাৰিওটাই পলায়ন কৰিছিল৷ ইয়াৰ পাছতেই মঙলবাৰে সন্ধিয়া অভিযান চলাই মঙলদৈৰ দানিগাঁৱৰ বাসগৃহৰ পৰা কুঁহিৰাম ডেকাক গ্ৰেপ্তাৰ কৰাৰ লগতে কলাইগাঁৱৰ পৰা সাংবাদিক পিংকু বৰুৱাক গ্ৰেপ্তাৰ কৰে৷ পিংকু বৰুৱাকো গ্ৰেপ্তাৰৰ পাছতেই এন ডি-২৪ কৰ্তৃপক্ষই তৎকালীনভাৱে দায়িত্বৰ পৰা সাংবাদিকজনক অব্যাহতি দিয়াৰ কথা ঘোষণা কৰে৷ ইফালে কুঁহিৰাম আৰু পিংকুক গ্ৰেপ্তাৰৰ বিষয়টো সদৰি কৰি গুৱাহাটী আৰক্ষীৰ ডিচিপি সুধাকৰ সিঙে ঘটনাৰ দিনা গেষ্ট হাউচটোলৈ পিংকু বৰুৱাই কেইবাজনো প্ৰাৰ্থীক দালাল চক্ৰটোৰ ওচৰলৈ লৈ অনা বুলি জানিবলৈ দিয়ে৷ কিন্তু আৰক্ষীৰ অভিযানৰ সময়ত গেষ্ট হাউচটোৰ বাহিৰত একেলগে থকা কুঁহিৰাম ডেকা আৰু পিংকু বৰুৱাই পলায়ন কৰিবলৈ সক্ষম হৈছিল বুলিও সদৰী কৰে আৰক্ষী বিষয়াজনে৷ ইপিনে এই দালালি চক্ৰটোৰ দুই মাষ্টাৰমাইণ্ড ৰফিকুল হুছেইন আৰু আজিজুৰ ৰহমানে বৰ্তমানেও আত্মগোপন কৰি আছে৷ লক্ষণীয়ভাৱে জলসম্পদ বিভাগৰ মঙলদৈ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কুঁহিৰাম ডেকাক গ্ৰেপ্তাৰৰ পাছতেই কুঁহিৰামৰ বহু কূ-কীৰ্তি পোহৰলৈ আহিছে৷ দালালি কৰি ২০১৭ চনত জে’লৰ ভাত খোৱা কুঁহিৰামে চাকৰিৰ নামত সংগ্ৰহ কৰা ধনেৰে তিনি ঠাইত প্ৰাসাদোপম অট্টালিকা সজাইছে৷ ধন দিও চাকৰি লাভ নকৰা একাংশ নিবনুৱাই বিভিন্ন সময়ত কুঁহিৰামৰ মঙলদৈ চহৰৰ দানিগাঁৱৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰাৰো অভিযোগ কৰিছে স্থানীয় লোকে৷ বুধবাৰে দিছপুৰ আৰক্ষীয়ে কুঁহিৰাম ডেকা আৰু পিংকু কলিতাক কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই তিনি দিনৰ জিম্মাত লয়৷

ভিক্টৰৰ লগৰ কোন এই কৃষ্ণ গগৈ আৰু থানেশ্বৰ বৰা

অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তিত ধনৰ লেনদেনক লৈ অভিযোগ কৰি গ্ৰেপ্তাৰ হৈছে ভিক্টৰ দাস৷ পাণবজাৰ থানাত ভিক্টৰ দাসক জেৰা চলাই থকা হৈছে৷ জেৰাৰ মাজতে বুধবাৰে ভিক্টৰে সাংবাদিকক চিঞৰি ক’লে, ‘‘সত্যৰ সদায় জয়৷ আমি কৰিবই লাগিব৷ সকলো কৈ আছোঁ৷ স্বাস্থ্য পৰীক্ষাৰ বাবে পাণবজাৰ থানাৰ পৰা ধীৰেনপাৰা এফ আৰু ইউলৈ লৈ যোৱাৰ সময়তে সাংবাদিকক চিঞৰি এই মন্তব্য কৰে ভিক্টৰ দাসে৷ আনহাতে ন্যায়ৰ অপেক্ষাত আছে ভিক্টৰ দাসৰ মাতৃ৷ সাংবাদিকৰ আগত তেওঁ কয় যে ভিক্টৰৰ বিৰুদ্ধে লগোৱা ধাৰা অভিযোগৰ বিপৰীতে প্ৰযোজ্য নহয়৷ তেওঁৰ মতে চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষাত কোনো সন্দেহ নাই যদিও ভিক্টৰে মিছা কোৱা নাই৷ ভিক্টৰৰ মাতৃৰ মতে তেওঁৰ পুত্ৰৰ ন্যায়ৰ বাবে ওলাই আহিব নালাগে ছাত্ৰ-ছাত্ৰী৷ ঘৰৰ পৰাই আশীৰ্বাদ কৰিবলৈ তেওঁ আহ্বান জনায়৷ ইফালে ২০২১ চনৰ পৰা টে’ট শিক্ষক হিচাপে কৰ্মৰত হৈ আছে ভিক্টৰ দাস৷ উল্লেখ্য ভিক্টৰ দাসে তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰিছিল৷ তেওঁ অভিযোগ কৰা মতে প্ৰতিটো পদৰ বাবে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলিছে৷ চাকৰি কিনা বেচা প্ৰক্ৰিয়াৰ আঁৰত প্ৰাক্তন বিধায়ক থকা বুলিও তেওঁ অভিযোগ কৰিছিল৷ ইয়াৰ পাছতে ই উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে আৰক্ষীয়ে শুকুৰবাৰে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে৷ লক্ষণীয়ভাৱে ভিক্টৰক অভিযোগ সম্বলিত ফেচবুকত এটা বাতৰিত কমেণ্টত পিংকু নাথ নামৰ এজন ব্যক্তিয়ে৷ টকা লোৱা মানুহ কুঁহিৰাম ডেকা, কৃষ্ণ গগৈ আৰু থানেশ্বৰ বৰা [বাব] হঁতক ধৰক, বুলি এটা মন্তব্য কৰিছিল৷ আশ্চৰ্যজনকভাৱে জলসিঞ্চনৰ দালালিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কুঁহিৰাম ডেকা ভিক্টৰ কাণ্ড অৰ্থাৎ তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ নিযুক্তিৰ দালালিতো জড়িত আছে নেকি সন্দেহৰ সৃষ্টি হৈছে৷ আনহাতে পিংকু নাথে অভিযোগ কৰা আন দুজন ব্যক্তি কৃষ্ণ গগৈ আৰু থানেশ্বৰ বৰা কোন বুলিও প্ৰশ্ন উঠিছে৷

ভিক্টৰ দাসৰ হাতত যদি তথ্য আছে দি দিব লাগেঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তি পৰীক্ষাত ধনৰ লেন-দেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰখাৰ সময়তে আজি কলিয়াবৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক কয় যদি তেওঁৰ হাতত কিবা তথ্য আছে দি দিলেই হ’ল৷ সাংবাদিকক মাতি আনি তথ্যসমূহ দিবলৈ মুখ্যমন্ত্ৰীজনে অনুৰোধ জনায়৷ মুখ্যমন্ত্ৰীজনে লগতে কয় ইমান মানুহক এনেকুৱা কৰিব নালাগে৷ পুলিচে সোধোঁতে কয় মই শুনিছোঁ৷ মোক কৈছে৷ কোনে কৈছে সুধিলে মুখেৰে নামাতে৷ এনেকুৱা হ’লে অসমত পৰীক্ষাই পাতিব নোৱাৰিব বুলি মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লগতে কয় যিটো গাড়ী নম্বৰ দিলে সেইটো আন এটা অপৰাধৰ লগত জড়িতহে ওলাল৷ এনেকৈ যদি জেমচ বন্দৰ দৰে কথা কয় কেনেকৈ হ’ব৷ যিটো ফোন নম্বৰ দিলে সেইটোতো পুলিচে একো নাপালে৷ এনেকৈ মানুহক বিপথে পৰিচালিত কৰিলে ল’ৰা-ছোৱালীয়ে পৰীক্ষা নিদিয়া হ’ব৷ ভয় খাব৷ হাজাৰবাৰ তদন্ত কৰা হৈছে৷ বাৰে বাৰে সোধা হৈছে,  কয় একো নাজানোঁ৷ এজন শিক্ষকে যদি ক’চিং চেণ্টাৰ মুকলিকৈ চলাই থাকে কেনেকৈ হ’ব৷ শিক্ষকতা কৰা বিদ্যালয়খনৰ ওচৰৰ মানুহে কৈ আছে দুটা দুটা ম’বাইল লৈ যায় বিদ্যালয়লৈ, মোবাইল চাই থাকে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷