Logo
image

আত্মহত্যাই কৰিলে গডাৰে

নিজৰ চলচ্ছিত্ৰৰ বহু দিশহাৰা চৰিত্ৰৰ দৰে

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ বহুতেই জানে, আকৌ অনেকেই নাজানে; মণিৰত্নমৰ ৰোমাণ্টিক থ্ৰিলাৰ ‘দিল ছে’ নিৰ্মাণ হৈছিল জাঁ লুক গডাৰৰ ‘পিয়েৰে লে ফু’ নামৰ সংজ্ঞাহীন প্ৰেমৰ ছবিখনৰ আধাৰত৷ ‘পিয়েৰে লে ফু’ত টেলিভিশ্বন প্ৰডাকশ্বন সংস্থাৰ পৰা চাকৰি যোৱা নায়ক ফাৰ্ডিনাণ্ডে পত্নী-সন্তানক এৰি নায়িকা মেৰিয়ানে ৰেন’ৰ অৰ্থাৎ আন্না কাৰিনাৰ সৈতে ভূমধ্য সাগৰলৈ পলাই গৈছিল, য’ত মেৰিয়ানে আছিল আগ্নেয়াস্ত্ৰৰ স্মাগলাৰ৷ ‘দিল ছে’ত আকাশবাণীত কৰ্মৰত শ্বাহৰুখ খানে স্বাধীনতা দিৱসৰ বাবে উত্তৰ-পূৱৰ ৰাজনৈতিক নেতা, উগ্ৰপন্থীৰ মুৰব্বীৰ সাক্ষাত ল’বলৈ আহি ঘটনাবশতঃ পিছ লৈছিল মনীষা কৈৰালাৰ, যি আছিল এগৰাকী অতীৱ সুন্দৰী কিন্তু নৃশংস উগ্ৰপন্থী৷ অসমৰ গডাৰপ্ৰেমীয়ে এই ভাবি সন্তোষ পাব যে, গডাৰৰ ‘পিয়েৰে লে ফু’ আশ্ৰিত মণিৰত্নমৰ ছবিখনৰ পটভূমি অসমৰ হাফলং, শিলচৰ৷ জাঁ লুক গডাৰৰ মৃত্যুৰ আগত কিম্বা এতিয়া ফৰাচী ছবিৰে বিশ্বৰ চিনেমা জগতত নিউ ৱেভ বা নব্য তৰংগৰ সৃষ্টি কৰা পৰিচালকজনৰ কৰ্মৰ সৈতে অসমৰ সংযোগ আবিষ্কাৰ কৰি অনেকেই বিস্ময় প্ৰকাশ কৰাটো আশ্চৰ্যকৰ নহয়৷ কিন্তু বিশ্বৰ তামাম গডাৰ ভক্তক আজি আ(ৰ্যান্বিত কৰি তুলিছে খেয়ালি পৰিচালকজনৰ ‘এছিষ্টেড ছুইচাইড’ বা স্বেচ্ছামৃত্যুৰ খবৰে৷

সঁচা, নিজৰ একাধিক ছবিত আত্মহত্যাক চেলুলয়ডৰ মাজেৰে উপস্থাপন কৰা গডাৰৰ মৃত্যুও আত্মহত্যাৰে নামান্তৰ৷ কিয়নো প্ৰসিদ্ধ এই ফৰাচী ছবিৰ নিৰ্মাতাজনৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল৷ মঙলবাৰে তেওঁৰ ছুইজাৰলেণ্ডত শান্তিপূৰ্ণভাৱে অৰ্থাৎ কোনো ধৰণৰ কষ্ট নোখোৱাকৈ জীৱনাবসান ঘটা বুলি এটা ছুইছ সংবাদ সংস্থাই অৱশিষ্ট বিশ্বক খবৰটো যোগান ধৰিছিল৷ বুধবাৰে স্বয়ং জাঁ লুক গডাৰৰ অধিবক্তা বা পৰামৰ্শদাতা পেটিক জঁনেৰেতে উন্মোচন কৰিলে নব্য তৰংগৰ ছবিৰ জনকৰ মৃত্যুৰ গোপন সত্য৷ মঙলবাৰে ৯১ বছৰ বয়সত জাঁ লুক গডাৰৰ মৃত্যু স্বাভাৱিকভাৱে হোৱা নাছিল৷ তেওঁ নিজেই নিজৰ মৃত্যু চূড়ান্ত আৰু নিশ্চিত কৰিছিল৷ অন্যাৰ্থত, ভাৰত কিম্বা প্ৰাচ্যৰ দেশত আৰু গৰিষ্ঠসংখ্যক পাশ্চাত্যৰ দেশৰো আইনবিৰুদ্ধ গডাৰৰ এই মৃত্যুৰ পদ্ধতি–‘এছিষ্টেড চুইচাইড’, যাক শালীন ভাষাত স্বেচ্ছামৃত্যু বুলি ক’ব পাৰি৷ কিন্তু জোৰ কৰি দাবী কৰিলেও ভাৰতীয় মানসিকতাত অথবা এই পদ্ধতিক বৈধভাৱে স্বীকৃতি নিদিয়া দেশৰ বাবে গডাৰৰ ‘এছিষ্টেড ছুইচাইড’ হৈছে আত্মহত্যা, তাৰ বাহিৰে আন একো নহয়৷ জীৱিত অৱস্থাত তেওঁ নিজৰ চিন্তা আৰু ভাবত অবিচল থাকি ছবি নিৰ্মাণ কৰিছিল, দৰ্শকৰ বিনোদনৰ কথা চিন্তা কৰি নহয়৷ নিজৰ একাধিক ছবিত হত্যা আৰু আত্মহত্যাৰ নিৰ্মমতা তেওঁ অস্বাভাৱিক বাস্তৱতাৰে ৰূপায়িত কৰিছিল৷ ছবিৰ কথা কেনেকৈ ক’ব, সেই শেষ সিদ্ধান্ত আছিল গডাৰৰ একান্ত নিজৰ কেতিয়াও প্ৰথাগত নহয়৷ ঠিক একেদৰে নিজৰ মৃত্যুৰ সিদ্ধান্তও ল’লে ফৰাচী ছবিৰ খেয়ালি পৰিচালকজনে একান্ত নিজস্বভাৱে৷ বিশ্বজুৰি সিচঁৰতি হৈ থকা অসংখ্য গডাৰভক্তৰ বাবে এই খবৰ বিস্ময়কৰ, আকৌ এচামৰ বাবে গডাৰৰ ক্ষেত্ৰত এয়া কোনো বিস্ময়েই নহয়৷ যিদৰে এচামে ‘পিয়েৰে লে ফু’ৰ সৈতে ‘দিল ছে’ৰ সংযোগ বিচাৰি পাই বিস্ময় প্ৰকাশ কৰে আৰু আন একাংশই সেই অসম-সংযোগ ফুঃ বুলি উৰুৱাই দিয়ে– ঠিক তেনেদৰে৷

জাঁ লুক গডাৰৰ আইনী পৰামৰ্শদাতা পেটিক জঁ’নেৰেতে বুধবাৰে দাবী কৰিছে– ‘সম্পূৰ্ণ সজ্ঞানে নিজৰ জীৱন শেষ কৰিছে গডাৰে৷ যেনেদৰে তেওঁ সমগ্ৰ জীৱনত বাৰে বাৰে কৈছিল– এইবাৰেই শেষ, যথেষ্ট হৈছে৷ মেডিকেল ৰিপ’ৰ্ট অনুযায়ী তেওঁ একাধিক ব্যাধিত আক্ৰান্ত আছিল৷ বহু অক্ষম ৰোগত ভুগিছিল৷ সেয়ে তেওঁ ছুইজাৰলেণ্ডত বৈধ স্বেচ্ছামৃত্যুৰ বাবে আগুৱাই গৈছিল আৰু অৱশেষত তেওঁ সেই পথ অৱলম্বন কৰিয়েই নিজৰ ইচ্ছাত পৃথিৱীৰ পৰা আঁতৰি গ’ল৷’ উল্লেখ্য, ভাৰতেই নহয়, বিশ্বৰ বহুসংখ্যক দেশে ‘এছিষ্টেড ছুইচাইড’ বা স্বেচ্ছামৃত্যুক বৈধতা প্ৰদান নকৰিলেও ছুইজাৰলেণ্ডত এয়া আইনসিদ্ধ অধিকাৰ৷ ‘এছিষ্টেড ছুইচাইড’ হৈছে ‘ফিজিচিয়ান-এছিষ্টেড ছুইচাইড’ বা চিকিৎসকৰ সহায়ত মাতি অনা মৃত্যু৷ চমুকৈ ইয়াক ‘পিএএছ’ বুলি কোৱা হয়, য’ত মৃত্যুৰ বাবে আন এজন ব্যক্তিৰ সাহায্যৰ প্ৰয়োজন হয়৷ অতি স্বাভাৱিকভাৱে সেই ‘আন ব্যক্তিজন’ চিকিৎসকেই হয়৷ যেতিয়া এই বৈধ আইন থকা দেশত এজন ব্যক্তিয়ে, বিশেষকৈ অক্ষম ৰোগাক্ৰান্তই ‘এছিষ্টেড ছুইচাইড’ৰ সিদ্ধান্ত লয়, তেতিয়া চিকিৎসকজনে তেওঁৰ বাবে মৃত্যু ঘটাব পৰা [লিথাল] ঔষধ প্ৰেছক্ৰিপছনত লিখে আৰু সেয়া তেওঁ ব্যৱহাৰ কৰে৷ এই মৃত্যু কষ্টহীন, অন্ততঃ অক্ষম ৰোগত ভুগি জীয়াই থকাতকৈ৷ সেয়ে নিজৰ সিদ্ধান্তৰে নিজৰ সকলো ছবি আগবঢ়াই নিয়া জাঁ লুক গডাৰে মৃত্যুৰ সিদ্ধান্তও নিষ্ঠুৰভাৱে নিজেই ল’লে, যিদৰে তেওঁৰ একাধিক ছবিত নায়ক অথবা দিশহাৰা চৰিত্ৰই আত্মহত্যাৰে নিজৰ জীৱনটোক শেষ কৰি পেলাইছিল৷ ‘জাম্প কাট’  বুলি ছবিৰ সম্পাদনাৰ এবিধ কৌশল আৱিষ্কাৰ আৰু জনপ্ৰিয় কৰি তুলিছিল জাঁ লুক গডাৰে৷ ‘জাম্প কাট’ হৈছে এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ প্ৰায় সংগতি নোহোৱাকৈ জঁপিয়াই বহুদূৰ আগবাঢ়ি যোৱা৷ এই কৌশলেৰে তেওঁ নিজৰ ছবিৰ কাহিনী একেকোবে আগুৱাই নিছিল৷ নিজৰ জীৱনটোও তেওঁ একেদৰেই এটা ‘জাম্প কাটে’ৰে ঈশ্বৰে দিয়া আয়ুসতকৈ যেন আগবঢ়াই লৈ গ’ল, অযুত গডাৰভক্তক বিস্ময়াভিভূত কৰি৷