Logo
image

সভাপতিৰ গাতেই কেলেংকাৰিৰ দাগ, বাজপেয়ী ভৱনত অস্বস্তি

দুদিনৰ ভিতৰত ফোন ৰেকৰ্ডিং ৰাজহুৱা কৰাৰ ভাবুকি জয়াৰ

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ ৰাজ্যত চৰকাৰী চাকৰিৰ নামত দালালৰ বজাৰ গঢ়াৰ তথ্য পোহৰলৈ অহাৰ মাজতে চাকৰিৰ দালালিত নাম সাঙোৰ খাই পৰিছে শাসকীয় বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ ৰঙিয়াৰ জয়া কলিতা নামৰ এগৰাকী সুন্দৰী যুৱতীক চাকৰি দিয়াৰ নামত সোণোৱাল চৰকাৰৰ তদানীন্তন জলসম্পদ মন্ত্ৰী ভৱেশ কলিতাই ফোনযোগে ৩ লাখ টকা দাবী কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে৷ স্বাভাৱিকতেই খোদ দলৰে সভাপতিজনৰ বিৰুদ্ধে চাকৰিৰ বজাৰৰ দালালিৰ অভিযোগ উত্থাপন হোৱাত এতিয়া চৰম অস্বস্তিত পৰিছে হেঙেৰাবাৰীৰ  বাজপেয়ী ভৱন৷ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নিজকে নিৰ্দোষী দাবী কৰি ৰঙিয়া থানাত যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও বিজেপিৰ শীৰ্ষ নেতাসকলক ভৱেশ কলিতাৰ প্ৰসংগত অজ্ঞাত কাৰণত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থকাহে দেখা গৈছে৷ ইফালে, অভিযোগকাৰী জয়া কলিতাই নিজৰ স্থিতিত অটল থকাই নহয়, ভৱেশ কলিতাৰ সৈতে ম’বাইলত বাৰ্তালাপ কৰা অডিঅ’ ক্লিপিং মজুত থকা বুলিও সদম্ভ ঘোষণা কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত বিজেপিৰ লগতে আৰ এছ এছৰ নেতৃত্বৰ মাজতো অসন্তুষ্টি বৃদ্ধি পাব ধৰিছে৷ এই প্ৰসংগত ‘আমাৰ অসম’ৰ ফালৰ পৰা বিজেপি দলৰ কেইবাজনো শীৰ্ষ নেতাৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও সকলোৱে মুখ খোলাৰ পৰা বিৰত থাকে৷ আ(ৰ্যজনকভাৱে দুদিন আগলৈকে ভৱেশ কলিতাই জয়া কলিতাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল যদিও বুধবাৰৰে পৰা ৰাজ্যিক সভাপতিজনেও অভিযোগক লৈ মৌন হৈ পৰিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে এজন বিধায়কে ২০১৮ চনৰ ১৭ ডিচেম্বৰত চাকৰিৰ বাবে ধন দাবী কৰাৰ কথা ফেচবুকত ৰাজহুৱা কৰিছিল৷ কিন্তু ‘গোসাঁই ঘৰত কোন, মই কল খোৱা নাই’ আপ্তবাক্যশাৰীৰ দৰে গাত পাতি লৈ ভৱেশ কলিতাই অভিযোগ উঠা বিধায়কজন তেওঁ বুলিয়েই প্ৰকাশ কৰিছিল৷ আনকি জয়া কলিতাই মিছা প্ৰচাৰত লিপ্ত হোৱা বুলি দাবী কৰি ৰঙিয়া থানাত এজাহাৰ দাখিল কৰাৰ লগতে যুৱতীগৰাকীক ফোন কলৰ অডিঅ’ ৰাজহুৱা কৰিবলৈও প্ৰত্যাহ্বান জনাইছিল৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিজেপি সভাপতি ভৱেশ কলিতাৰ এই প্ৰত্যাহ৩ান গ্ৰহণ কৰি দুদিনৰ ভিতৰত অডিঅ’ ৰেকৰ্ডিং ৰাজহুৱা কৰাৰ হুংকাৰ দিছে জয়া কলিতাই৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতিত অটল বুলি দাবী কৰি জয়া কলিতাই কয়– ‘ভৱেশ কলিতাই মোৰ সৈতে ফোনত কথা পতাৰ সত্যতা স্বীকাৰ কৰিছে যদিও কি কথা পাতিছিল তাক ৰাজহুৱা কৰালৈ মই বাট চাই আছোঁ৷ কিন্তু অসমবাসীৰ ওচৰত মই সময়ত তথ্য-প্ৰমাণ ৰাজহুৱা কৰিবলৈ সাঁজু আছোঁ৷ মোৰ লেপটপত থকা অডিঅ’ ক্লিপিংটো ৰিক’ভাৰি কৰিবলৈ দিছোঁ৷ হয়টো কাইলৈৰ ভিতৰতে সংবাদ মাধ্যমে অডিঅ’ ৰেকৰ্ডিংটো পাই যাব পাৰে৷ মই ভৱেশ কলিতাৰ সৈতে কোনো বুজাবুজি নকৰোঁ৷ আগতে যিটো ভুল কৰিছিলোঁ, সেই ভুল এতিয়া আৰু নকৰোঁ৷ কিয়নো মেধাৱী প্ৰাৰ্থীসকল চাকৰিৰ ক্ষেত্ৰত টকাৰ বাবেই ৰৈ যাবলগীয়া হৈছে৷ ভৱেশ কলিতাৰ বিৰুদ্ধে যুঁজ চলাই যাম৷ মোৰ সততাৰ ওপৰত মোৰ বিশ্বাস আছে৷ সত্যটো সদায় সত্যয়েই হয়৷ ফেচবুক প’ষ্টটোত মই তেওঁৰ নাম লোৱাই নাছিলোঁ৷ কিন্তু তেওঁ নিজেই ক’লে– গোসাঁই ঘৰত কোন, মই কল খোৱা নাই৷ আৰক্ষীৰ পৰা মই এতিয়াও কোনো নটিচ পোৱা নাই৷’ স্বাভাৱিকতেই ভৱেশ কলিতা আৰু জয়া কলিতাই নিজ নিজ দাবীত অটল থকাত অডিঅ’ ৰেকৰ্ডিংটোৱেহে প্ৰকৃত সত্যতা নিৰূপণ কৰিব৷ অৱশ্যে ভৱেশ কলিতাক লৈ শাসকপক্ষৰ লগতে বিজেপি দল অস্বস্তিত পৰা সময়ত চাকৰি বজাৰৰ কেলেংকাৰিক লৈ পুনৰবাৰ সৰৱ হৈ পৰিছে বিধায়ক অখিল গগৈ৷ এই সন্দৰ্ভত অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– ‘বিজেপি চৰকাৰে নিযুক্তি কেলেংকাৰিৰ বিষয়টো কোনোপধ্যে বাহিৰলৈ ওলোৱাটো বিচৰা নাই৷ ভিক্টৰ দাসে কৈছে নামঘৰত কোন, বিজেপিয়ে কৈছে আমি কল খোৱা নাই৷’ ভৱেশ কলিতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিৱসাগৰৰ বিধায়কজনে৷ শিৱসাগৰৰ বিধায়কজনে কয়– ‘ভিক্টৰ দাসে কি কৈছিল? ভিক্টৰ দাসে কৈছিল– নামঘৰত কোন আছ? লগে লগে বিজেপিয়ে হাল্লা-হুলস্থূল কৰি ক’লে যে আমি কল খোৱা নাই৷ সঁচাই যদি ভিক্টৰ দাসে মিছা অভিযোগ উত্থাপন কৰিছিল, তেতিয়াহ’লে মিছা অভিযোগটোৰ ওপৰত গোচৰ দিব লাগিছিল৷ কিন্তু গোচৰ দিলে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ৷ এই কথাটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখনে নিযুক্তি কেলেংকাৰিৰ বিষয়টো কোনোপধ্যে বাহিৰলৈ ওলোৱাটো বিচৰা নাই৷’ ভৱেশ কলিতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ অখিল গগৈয়ে কয়– ‘দলৰ সভাপতিৰ বিৰুদ্ধে তেওঁৰ নিজৰ সমষ্টিৰ এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁক বিধায়কজনে পইচা বিচাৰিছে৷ এই গোটেই ঘটনাটোত শূন্য সহনশীল মন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিব লাগিছিল নে নাই? তেওঁ সভাপতি হিচাপে পদত্যাগ কৰাটো উচিত আছিল নে নাই? বিজেপিয়ে লাজ পাইছে নে নাই নাজানো৷ এতিয়া যে সৰিয়হৰ ডুলিতে ভুত ওলাইছে, এই কথাটোৱে বিজেপিৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে৷’