
বিজেপি-ইউ পি পি এলৰ মিত্ৰতাৰ অন্তৰ্নিহিত কাৰণ
বিটিআৰত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই এক সম্ভাৱনাৰ জিলিঙনি ৰাইজৰ চকুত পৰিছিল যে আগন্তুক দিনত শাসকীয় বিজেপি দলে ইউপিপিএলক বিটিআৰত নতুন সংগী নিৰ্বাচন কৰিব৷ ত্যাগ কৰিব ১৭ বছৰে বিটিএডি শাসন কৰি নজিৰ সৃষ্টি কৰা হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰে থকা বিজেপিৰ পাঁচ বছৰীয়া বন্ধুত্বৰ সংগ৷ তেনে সম্ভাৱনাকে বাস্তৱায়িত কৰি বিজেপি দলে ১৩ ডিচেম্বৰত ইউপিপিএল আৰু নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীৰে নতুন মিত্ৰতা স্থাপন কৰিলে আৰু বিটিআৰত হাগ্ৰামাৰাজৰ ঠাইত প্ৰমোদ বড়োৰ ৰাজ-অভিষেক পাতিলে৷ ১৭খনকৈ পৰিষদীয় আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দলৰূপে স্বীকৃত বিপিএফক বিজেপিয়ে গুৰুত্বই নিদিলে৷ আনকি আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনতো বিপিএফৰে বিজেপিৰ মিত্ৰতা নাথাকিব বুলি ৰাজ্যিক বিজেপিৰ নেতাসকলে প্ৰকাশ্যে ব্যক্ত কৰিছে৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ বাবে ২১খন আসন লগা সত্ত্বেও সদ্যঘোষিত পৰিষদীয় নিৰ্বাচনত মাত্ৰ ১২খন আসন লাভ কৰিয়েই প্ৰমোদ বড়ো নেতৃত্বধীন ইউপিপিএলে বিজেপিৰ [০৯] আৰু গণ সুৰক্ষা পাৰ্টীৰ [০১] সহায়ত পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল৷ বিজেপিয়ে পুৰণি মিত্ৰ বিপিএফৰ লগত অতি সহজে পৰিষদীয় চৰকাৰ গঠন কৰিব পৰাৰ সকলো ৰাস্তা মুকলি থকা সত্ত্বেও মূৰকত জোৰা-টাপলি মাৰি ইউপিপিএলৰে পৰিষদ গঠন কৰাৰ অন্তৰালত আছে ৰাজ্যিক বিজেপিৰ কেইবাটাও ৰাজনৈতিক উদেশ্য৷ যেনে– [১] বিপিএফক বিটিআৰত ক্ৰমে অপ্ৰাসংগিক কৰি তেওঁলোকৰ ভেটি খহাই বিজেপিৰ সুদৃঢ় ভেটি নিৰ্মাণ কৰা৷ বিগত সময়ৰ মিত্ৰতা সূত্ৰে সুসম্পৰ্ক থকা বিপিএফৰ নেতা-কৰ্মকৰ্তাৰ এক বৃহৎ অংশক ২০২১ৰ নিৰ্বাচনৰ পূৰ্বেই বিজেপি দললৈ টানি আনি বিটিআৰত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা৷ [২] আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰে মিত্ৰতাৰ সূত্ৰে কংগ্ৰেছ এআইইউডিএফৰ ভেটি নথকা বড়োভূমিৰ একমাত্ৰ বিৰোধী দল বিপিএফক পৰাভূত কৰি বিটিআৰৰ ১২টা বিধানসভা সমষ্টিত নিজৰ শিবিৰৰ প্ৰাৰ্থীক জয়ী কৰাই অনা৷ [৩] ইউপিপিএলৰ নিজা ১২জন পাৰিষদৰ বিপৰীতে বিজেপিৰ ৯জন পাৰিষদৰ সহায়ত বিজেপি দলে প্ৰমোদ বড়োক সদায়ে চাপত ৰাখিব পাৰিব৷ বিজেপিৰ গোপন লক্ষ্য পূৰণ কৰি যদি কূটকৌশলেৰে বিপিএফৰ পাৰিষদক নিজৰ দললৈ আনিব পাৰে, তেন্তে আগন্তুক দিনত বিটিআৰত প্ৰমোদ বড়োৰ তুলনাত বিজেপি তথা ড॰ হিমন্ত বিশ্ব শৰ্মাৰহে প্ৰভুত্ব বৃদ্ধি পাব৷ [৪] বিজেপি নেতৃত্বই গণ সুৰক্ষা পাৰ্টীক বিটিআৰৰ পৰিষদীয় চৰকাৰ গঠনত অংশীদাৰ কৰাৰ অচিলাৰে নৱ শৰণীয়াক যি সন্মান আৰু মৰ্যাদা আগবঢ়ালে, তাৰ দ্বাৰা আগন্তুক দিনত কোক্ৰাঝাৰ লোকসভা আসনখন দখলৰ অন্য এক ৰাজনীতিৰ বীজ ৰোপণ কৰি থ’লে৷ [৫] এবছু-ফেৰৎ বড়ো জাতীয়তাবাদী নেতা তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ ওপৰত গৰিষ্ঠসংখ্যক বড়ো ৰাইজৰ আস্থা আৰু বিশ্বাস গঢ় লোৱা কথাটো বিজেপি নেতৃত্বই সঠিকভাৱে বুজি উঠিছে৷ বিপৰীতে, যদিও এইবাৰ ১৭খনকৈ আসন পাবলৈ সক্ষম হৈছে, তথাপি হাগ্ৰামা মহিলাৰীৰ জনপ্ৰিয়তা বড়ো জনগোষ্ঠীয় ৰাইজৰ মাজত দ্ৰুতগতিত হ্ৰাস পাইছে৷ গতিকে প্ৰমোদ বড়োৰ জনপ্ৰিয়তাক ভেটি কৰি বিজেপিয়ে সন্তৰ্পণে বড়ো জনগোষ্ঠীয় ৰাইজৰ মাজলৈ যাব বিচাৰে, যাতে আগন্তুক বহু বছৰলৈ বিটিআৰত দলটো প্ৰাসংগিক হৈ থাকিব পাৰে৷
ৰাজনীতিৰ চাণক্যখ্যাত ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বিটিআৰ অঞ্চললৈ প্ৰমোদ বড়োৰ নেতৃত্বৰ নতুন পৰিষদীয় চৰকাৰ এখন আহিল৷ নতুনৰ প্ৰতি আকৰ্ষণ মানুহৰ স্বাভাৱিক বৈশিষ্ট্য, সেয়ে বিটিআৰবাসী আনন্দত আত্মহাৰা৷ কিন্তু অঞ্চলটোৰ উন্নয়ন আৰু শান্তি অক্ষুণ্ণ ৰাখি জনতাৰ আনন্দ সকলো সময়ৰ বাবে ধৰি ৰাখিব পৰাটোহে আচল কথা৷