Logo
image

জয় শ্বাহ, সৌৰভেই ৰৈ গ’ল ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষপদত

বিচিচিআইৰ সংবিধান সংশোধন

ছুপ্ৰিম ক’ৰ্টৰো সন্মতি

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ অৱশেষত শীৰ্ষ আসন নিষ্কণ্টক হ’ল এসময়ৰ ভাৰতীয় ক্ৰিকেটৰ প্ৰতাপী অধিনায়ক সৌৰভ গাংগুলী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ৷ আদালতৰ নিৰ্দেশৰ অপেক্ষাত প্ৰায় দুবছৰ থকা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এই দুই শীৰ্ষ কৰ্মকৰ্তাৰ আসন আদালতৰ নিৰ্দেশত কেতিয়া জোকাৰ খাই সেয়া অনিশ্চিত হৈ আছিল৷ কিন্তু বুধবাৰে দেশৰ উচ্ছতম ন্যায়ালয়ে অহা ২০২৫ চন পৰ্যন্ত সভাপতি আসনত সৌৰভ গাংগুলী আৰু সচিবৰ আসনত জয় শ্বাহ থাকিব বুলি নিৰ্দেশ জাৰি কৰে৷ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ স্বাৰ্থত লোধা কমিটীয়ে আগবঢ়োৱা পৰামৰ্শৰ সংশোধনী কৰিবলৈ নিৰ্দেশ দিছে সৰ্বোচ্ছ আদালতে৷ বুধবাৰে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু হিমা কোহলিৰ বিচাৰপীঠে প্ৰদান কৰা ৰায় অনুসৰি  যিকোনো ৰাজ্যৰ ক্ৰিকেট সংস্থাৰ শীৰ্ষ পদত একোজন কৰ্মকৰ্তা ৬ বছৰ আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ শীৰ্ষ পদত ৬ বছৰকৈ মুঠতে ১২ বছৰ থাকিব পাৰিব৷ লোধা কমিটীৰ নিৰ্দেশ অনুসৰি কোনো সংস্থাৰ শীৰ্ষ পদবীত একেৰাহে ৬ বছৰ থকাৰ পাছত তেনে কৰ্মকৰ্তা কমেও তিনি বছৰৰ বাবে ‘কুলিং পিৰিয়ড’ অৰ্থাৎ তেনে পদবীৰ পৰা আঁতৰি থাকিব লাগিব৷ সেই অনুসৰি গাংগুলী আৰু শ্বাহৰ কাৰ্যকাল ২০২১ চনত শেষ হ’লহেঁতেন৷ ক’ভিড অতিমাৰীৰ বাবে এই বিষয়ত শুনানি নোহোৱাত তেওঁলোকৰ ভাগ্য আজি বুধবাৰ পৰ্যন্ত অনিৰ্ণিত হৈ আছিল৷ উল্লেখ্য, সেই নিয়মৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ কোষাধ্যক্ষ অৰুণ ধুমালে উচ্ছতম ন্যায়ালয়ত আঢ়ৈবছৰ পূৰ্বে আবেদন জনাই কৈছিল যে, গাংগুলী আৰু শ্বাহ পূৰ্বে চাৰিবছৰকৈ ৰাজ্যিক সংস্থাৰ শীৰ্ষ পদতহে আছিল, ৰাষ্ট্ৰীয় অৰ্থাৎ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ শীৰ্ষত নহয়৷ বিচিচিআইৰ শীৰ্ষত দীৰ্ঘ সময় নাথাকিলে একোজন কৰ্মকৰ্তাই জাতীয় ক্ৰিকেট দলটোৰ আৰু দেশৰ ক্ৰিকেটৰ উন্নয়নৰ সাধনৰ বাবে যথেষ্ট সময় নাপায়৷ সেয়ে সৰ্বোচ্ছ আদালতে লোধা কমিটীৰ পৰামৰ্শ  সংশোধন কৰি সৌৰভ গাংগুলী আৰু জয় শ্বাহক বিচিচিআইৰ শীৰ্ষ পদত ৬ বছৰ থাকিবলৈ সুযোগ দিব লাগে৷ উচ্ছতম ন্যায়ালয়ে সেই আবেদন মানি লৈ দুয়োকে ২০২৫ পৰ্যন্ত শীৰ্ষ পদবীত থাকিব পাৰিব বুলি অনুমতি দিয়ে৷ উল্লেখ্য সৌৰভ গাংগুলী আৰু জয় শ্বাহ বিচিচিআইৰ ক্ৰমে সভাপতি তথা সচিব হিচাপে ২০১৯  চনত নিৰ্বাচিত হৈছিল৷ সেই অনুসৰি তেওঁলোকৰ ৬ বছৰ সম্পূৰ্ণ হ’ব ২০২৫ চনত৷  উচ্ছতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পূৰ্বে দুয়োৰে ভাগ্য আঢ়ৈবছৰ ধৰি অনিশ্চিত হৈ আছিল৷