Logo
image

ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ খান্দি দুয়োপাৰ সংযোগ কৰাৰ সপোন মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ ভাৰত আৰু কোনোবা এখন দেশৰ মাজত যদি যুদ্ধ লাগে আৰু কলিয়াভোমোৰা দলংখন যদি বোমা দি উৰুৱাই দিয়ে তেন্তে কি হ’ব৷ সামৰিক বাহিনীৰ লোক আৰু নাগৰিক কেনেদৰে ব্ৰহ্মপুত্ৰৰ ইপাৰ-সিপাৰ হ’ব৷ কলিয়াবৰত হঠাৎ এই  যুদ্ধ সদৃশ পৰিস্থিতিৰ কল্পনা কৰি তাৰ উপায় বিচাৰি উলিয়ালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কলিয়াবৰৰ এশখন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত আজি ভাষণৰ মাজতে কলিয়াবৰৰ পৰা জামুগুৰিলৈ ছয় হাজাৰ কোটি টকাৰ এটা সুৰংগ নিৰ্মাণৰ সপোনৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়– ‘কলিয়াবৰ চাহ বাগিচাৰ তলেদি আমি এটা সুৰংগ খান্দিব খুজিছোঁ জামুগুৰিলৈকে৷ এই সুৰংগ নিৰ্মাণত প্ৰায় ছয় হাজাৰ কোটি টকা লাগিব৷ সুৰংগতো নিৰ্মাণ হ’লে তাত ৰে’ল গাড়ীও যাব পাৰিব, মটৰ গাড়ীও যাব পাৰিব৷ মানুহে ক’ব যে এইবিলাক গছত গৰু উঠা কথা, হ’ব জানো৷ আজিও ‘মা’ কামাখ্যাৰ আশীৰ্বাদ লৈ আহিছোঁ পাৰিলে এই কামটো কৰিব লাগিব৷ সামৰিক কাৰণত এই সুৰংগটোৰ প্ৰয়োজন আছে৷ যদি এই সুৰংগটো কলিয়াবৰৰ পৰা জামুগুৰিলৈ আমি কৰি দিব পাৰোঁ তেন্তে কলিয়াবৰৰ আৰ্থিক স্থিতি টুৰিজিম, পৰ্যটনৰ বিকাশ হ’ব৷ কলিয়াবৰে আকাশ চুবগৈ৷ ভাৰতৰ ক’তো নদী সাগৰৰ তলেদি এনে সুৰংগৰ নিৰ্মাণ হোৱা নাই৷ কেৱল কলিয়াবৰতহে এই সুৰংগ হ’বলৈ গৈ আছে৷ কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পটো নিৰ্মাণৰ পৰিকল্পনা প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ কৰিছে৷ অৱশ্যে আজি মই এই সুৰংগ নিৰ্মাণৰ ঘোষণা কৰা নাই, সপোন এটাৰ কথাহে কৈছোঁ৷’   উল্লেখ্য, কলিয়াবৰৰ জখলাবন্ধাত আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে মুকলি কৰে নৱনিৰ্মিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় খন৷ কলিয়াবৰৰ ৰাইজৰ বহু প্ৰতিক্ষিত এশখন বিছনা যুক্ত মহকুমা অসামৰিক চিকিৎসালয় খনৰ উদ্বোধনী অনুষ্ঠানত আজি এক উদুলি মুদুলি পৰিবেশে বিৰাজ কৰে৷ উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য মন্ত্ৰী গৰাকীয়ে গায়ন বায়নৰ খোল তাল ডবা শংখৰ ঝংকাৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত নৱ নিৰ্মিত চিকিৎসালয়খন উদ্বোধন কৰে৷ এই উদ্দেশ্যে অনুষ্ঠিত উদ্বোধনী বিশাল সভাত ভাষণ দি মুখ্য মন্ত্ৰী ড॰ শৰ্মাই কয় যে এই চিকিৎসালয় খনকে অতি শীঘ্ৰে দুশখন বিছনাৰে জিলা চিকিৎসালয় হিচাপে উন্নীত কৰাৰ আঁচনি লোৱা হৈছে৷ মা কামাখ্যাই কৰিলে কলিয়াবৰত এখন মেডিকেল কলেজ এদিন হ’ব৷  ভাষণ প্ৰসংগত তেওঁ কয়– ‘অসমত তিনিখন মেডিকেল কলেজৰ পৰা এতিয়া ন খনলৈ বৃদ্ধি পালে৷ অহা বছৰত অসমত আৰু তিনিখন মেডিকেল কলেজ স্থাপন কৰা কথা চিন্তা কৰিম৷ আমাৰ কাৰ্যকালৰ ভিতৰত অৰ্থাৎ ২০২৬ চনৰ ভিতৰত অসমত সৰ্বমুঠ ১৬খন মেডিকেল কলেজ স্থাপন কৰিম৷ আৰু ২০৩০ চনৰ ভিতৰত ২৪খন মেডিকেল কলেজ নিৰ্মাণ কৰিব খুজিছো৷ ইয়াৰ লগতে পূৰ্বতে অসমত মাত্ৰ এখন কেঞ্চাৰ হস্পিতাল আছিল৷ ইয়াৰ পিছত গৈ গৈ আমি অসমত আৰু ৭খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ৷ সৰ্বমুঠ নখন কেঞ্চাৰ হস্পিতাল হল৷ এই বিত্তীয় বৰ্ষৰ ভিতৰত আৰু তিনিখন কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ কাম হাত লৈছোঁ৷ অহা তিনিটা বছৰৰ ভিতৰত মুঠ ১৮খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণ কৰিব খুজিছোঁ বুলিও তেওঁ লগতে কয়৷ ২০০৬ চনত মই যেতিয়া প্ৰথম স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলো তেতিয়া অসমত হস্পিতালৰ সংখ্যা আছিল মাত্ৰ ছয়শ খন৷ এতিয়া অসমত হস্পিতালৰ সংখ্যা দুহেজাৰ খনলৈ বৃদ্ধি পাইছে৷ অসমত এতিয়া চিকিৎসালয় হল সকলো হল কিন্তু লাগে চিকিৎসক সকলে হস্পিতালত নিৰন্তৰ কাম কৰে৷ ৰোগীক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে৷ গুণগত মানদণ্ডৰে চিকিৎসা পদ্ধতি আমি আশা কৰোঁ৷ তেওঁ লগতে আৰু কয়, বৰ্তমান সময়ত আয়ুস্মান কাৰ্ড আমাৰ সকলোৰে নথকাত সমস্যাত পৰিব লগা হৈছে৷ কিন্তু আমাৰ চৰকাৰে ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে আয়ুস্মান ভাৰতৰ কাৰ্ড দিব৷ ইয়াৰ ফলত আয়ুস্মান ভাৰত কাৰ্ড থকা পৰিয়াল সমূহে প্ৰতি বছৰে পাঁচ লাখ টকাৰ চিকিৎসা সাহায্য লাভ কৰিব৷ যাৰ ৰেচন কাৰ্ড নাই তেওঁ লোকে অটল অমৃত কাৰ্ডৰ সহায় আগৰ দৰেই পাই থাকিব৷ এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে আয়ুস্মান ভাৰতক আয়ুস্মান অসমলৈ ৰূপান্তৰ কৰি প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালক স্বাস্থ্য সেৱাৰ লগত জড়িত কৰিব পাৰিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়ায়৷ ভাষণৰ মাজতে তেওঁ কয় মই হেলিপেডৰ বাবে কলিয়াবৰলৈ বহু বাৰ আহিছোঁ কলিয়াবৰত ইতিমধ্যে বহু কাম কৰাৰ আচনি লোৱা হৈছে যদিও এটা কাম বহু দিনৰ পৰা বাকী হৈ আছিল৷ কলিয়াবৰত বানপানীত ক্ষতিগ্ৰস্ত লোক সকলে ক্ষতি পূৰণৰ ধনখিনি পোৱা নাছিল৷ অহা এমাহ ডেৰমাহৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলে ধনখিনি পাব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে৷ তেওঁ লগতে কয় কলিয়াবৰত এখন চৰকাৰী কলেজৰ স্থাপনৰ স্বীকৃতি প্ৰদান কৰিছোঁ৷ এই বিত্তীয় বৰ্ষতে কলেজ খনৰ কাম আৰম্ভ কৰিম৷  কত পাতিব কেনেকৈ পাতিব সেয়া ঠিক কৰি লব ৰাইজে৷  দ্বিতীয়তে কলিয়াবৰত আমি এখন আইন মহাবিদ্যালয় পাতিব খুজিছোঁ৷ আৰু এখন আই টি আই দিব খুজিছোঁ৷ চতুৰ্থতে নাৰ্চিং স্কুল দিব খুজিছোঁ৷ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা সভা খনিত আদৰণি ভাষণ আগবঢ়ায় ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ সঞ্চালিকা ডাঃ লক্ষ্মী প্ৰিয়াই৷ সভাত ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, নাগৰিক তথা প্ৰাক্তন অধ্যক্ষ খগেন্দ্ৰ নাথ শৰ্মাকে প্ৰমুখ্য কৰি সহস্ৰাধিক লোকে সভাত অংশগ্ৰহণ কৰে৷ ইয়াৰ আগেয়ে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ দ্বিতীয় কামাখ্যা পীঠ ৰূপে পৰিচিত কলিয়াবৰ মহকুমাৰ শিলঘাটস্থিত কামাখ্যা দেৱালয়ত আজি দুপৰীয়া উপস্থিত হয়হি৷ নিৰ্ধাৰিত চৰকাৰী কাৰ্যসূচী অনুসৰি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় শুভ উদ্বোধন কৰিবলৈ আহি প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যাক দৰ্শন কৰি যজ্ঞত অংশগ্ৰহণ কৰে৷ শিলঘাটস্থিত কামাখ্যা দেৱালয় দৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷