Logo
image

বহিঃৰাজ্যলৈ নিবলৈ সাজু কৰা ৪৫খন চুৰি বাইক উদ্ধাৰ

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ চোৰাং সামগ্ৰী সৰবৰাহ কৰাৰ ট্ৰেনজিট পইণ্টত পৰিণত হৈছে গুৱাহাটী ৰে’ল ষ্টেচন৷ ড্ৰাগ, চোৰাং সোণ, চুপাৰি, কয়লা বিদেশী চিগাৰেট সৰবৰাহ কৰাৰ পাছত এইবাৰ ৰে’ল আৰক্ষীয়ে আজি গুৱাহাটী ৰে’ল ষ্টেচনত অভিযান চলাই ৪৫খন চুৰি মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়৷ বহিঃৰাজ্যলৈ নিবলৈ সাজু কৰা ৪৫খন চুৰি বাইক ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী ৰে’ল ষ্টেচনৰ দুই নং প্লেটফৰ্মত দীৰ্ঘ সময় ধৰি বহু সামগ্ৰী বস্তাৰ ভিতৰত পৰিত্যক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি ৰে’ল যাত্ৰীসকলে সন্দেহবশতভাৱে ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীক খবৰ দিয়ে৷ গুৱাহাটী ৰে’ল ষ্টেচনৰ ৰে’ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰে’ল ষ্টেচনৰ দুই নং প্লেট ফৰ্মত উপস্থিত হৈ বস্তা সমূহ খুলি পালচাৰ মটৰ চাইকেলৰ ইঞ্জিন উদ্ধাৰ কৰে৷ পালচাৰ বাইকসমূহ কাটি কেৱল ইঞ্জিনসমূহ বস্তাত ভৰোৱা ৰে’ল আৰক্ষীয়ে প্ৰত্যক্ষ কৰে৷ ৰে’ল আৰক্ষীয়ে বস্তাৰ ভিতৰৰ পৰা সৰ্বমুঠ পালচাৰ বাইকৰ ৪৫টা ইঞ্জিন জব্দ কৰে৷ উল্লেখ্য যে, বস্তাসমূহত গুৱাহাটীৰ পৰা আগৰতলালৈ সৰবৰাহ কৰা হ’ব বুলি লিখা আছে বুলি ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়ে৷ জব্দকৃত পালচাৰ ইঞ্জিনসমূহ চোৰাং ইঞ্জিন বুলি আৰক্ষীয়ে দাবী কৰিছে৷ বহিঃৰাজ্যলৈ চোৰাংকৈ এই বাইকৰ ইঞ্জিন সমূহ সৰবৰাহৰ পৰিকল্পনা কৰিছিল দুবৃৰ্ত্তই৷ অৱশ্যে এই সংক্ৰান্ত ৰে’ল আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ কোনে কি উদ্দেশ্যেৰে এই বাইকসমূহ ৰে’ল ষ্টেচনলৈ আনিছে তাৰ উৎস বিচাৰি ৰে’ল আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি পৰীক্ষা-নিৰীক্ষা চলাই আছে৷ ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷