Logo
image

বাছত উঠি ৰাণীৰ শেষকৃত্যলৈ যাব ৰাষ্ট্ৰপতি দ্ৰৌপদী

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ ব্ৰিটেইনৰ প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথৰ শেষকৃত্যত ভাগ ল’বলৈ যাবলগীয়া ভাৰতৰ ৰাষ্ট্ৰপতি লণ্ডনৰ শেষকৃত্যস্থলী অৰ্থাৎ ৱেষ্টমিনষ্টাৰ এবেলৈ বাছত  উঠি যাব লাগিব আৰু এই ঘটনাই দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ শেষবাৰৰ বাবে ব্ৰিটেইনৰ সম্ৰাট ষষ্ঠ জৰ্জৰ অন্ত্যোষ্টিক্ৰিয়াতো একেই পন্থা অৱলম্বন কৰা হৈছিল ১৯৫২ চনত৷ ৭০ বছৰৰ পাছত ৰাণী এলিজাবেথৰ শেষকৃত্যত পৰম্পৰা ভংগ নকৰাকৈ ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰণালয়ে একেদৰে বিশ্বৰ শতাধিক দেশৰ ৰাষ্ট্ৰপ্ৰধানক লণ্ডনৰ এক গোপন স্থানৰ পৰা শেষকৃত্যস্থলীলৈ বাছত লৈ যোৱাৰ পৰম্পৰা ৰক্ষা কৰিব বুলি নিশ্চিত কৰিছে৷ সেই অনুসৰি অন্যান্য ৰাষ্ট্ৰপ্ৰধানৰ সৈতে এতিয়াও নাম প্ৰকাশ নকৰা গোপন স্থানৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিও একেদৰে বাছত উঠিয়েই যাব লাগিব৷ উল্লেখ্য, শেষকৃত্যলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনোৱা হৈছে৷ অৱশ্যে তেওঁ উজবেকিস্তানৰ সমৰকণ্ডত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে হ’বলগীয়া এখন বৈঠকত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ সেয়ে ৰাণীৰ শেষকৃত্যত নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ সম্ভাৱনা নাই৷ ভাৰতক প্ৰতিনিধিত্ব কৰি শেষকৃত্যত দ্ৰৌপদী মুৰ্মু উপস্থিত থাকিব বুলি বুধবাৰে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে৷ পিছে ভাৰতৰ ৰাষ্ট্ৰপতি বাছত উঠি যাবলগীয়া বিষয়টোৱে বৈদেশিক মন্ত্ৰণালয় আৰু নতুন দিল্লীক অস্বস্তিত পেলাইছে৷ প্ৰশ্ন উঠিছে কঠোৰ নিৰাপত্তাবেষ্টনীত থকা প্ৰধানমন্ত্ৰী মোদী শেষকৃত্যত উপস্থিত থকা হ’লে এনেদৰে তেওঁকো বাছেৰে যাতায়াত কৰিবলৈ ব্ৰিটেইন চৰকাৰে দিলেহেঁতেন নে? কিয়নো শেষকৃত্যত উপস্থিত থাকিবলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ফৰাচীৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেঁক্ৰ, ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজগ আৰু জাপানৰ সম্ৰাট নাৰুহিতোৰ বাবে পৃথক গাড়ীৰ ব্যৱস্থা কৰিছে ব্ৰিটিছ চৰকাৰে৷ বাইডেনে তেওঁ সততে ব্যৱহাৰ কৰা ‘দ্য বিষ্ট’ নামৰ বুলেট প্ৰুফ, মিছাইল প্ৰুফ গাড়ীখন শেষকৃত্যৰ যাত্ৰাত ব্যৱহাৰ কৰিব৷ ব্যতিক্ৰমীভাৱে বাকী যি তিনিজন ৰাষ্ট্ৰপ্ৰধান বা সম্ৰাটক পৃথক গাড়ী দিয়া হ’ব তেওঁলোকৰ বাবেও ব্ৰিটেইনৰ চৰকাৰে বুলেটপ্ৰুফ গাড়ীৰ ব্যৱস্থা কৰিব ঘাইকৈ তেওঁলোক উচ্ছ নিৰাপত্তা ব্যৱস্থাৰ মাজত  থকা আৰু তেওঁলোকৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকি থকাৰ বাবে৷ এই পৰ্যন্ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাবে পৃথক আৰু নিৰাপত্তাবেষ্টিত গাড়ী যোগান ধৰিব বুলি ব্ৰিটিছ চৰকাৰে কোনো আশ্বাস দিয়া নাই৷ এই ক্ষেত্ৰত দেশখনৰ বৈদেশিক মন্ত্ৰণালয় অতি কঠোৰ৷ বিশ্বৰ শতাধিক দেশৰ পৰা আহিবলগীয়া সকলো ৰাষ্ট্ৰপ্ৰধানক তেওঁলোকে বাছেৰেই নিব বুলি বদ্ধপৰিকৰ হৈ আছে৷ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ক্ষেত্ৰত তেনেদৰে পৃথক ব্যৱস্থা গ্ৰহণ নকৰাটো নতুন দিল্লীয়ে অপমানসূচক বুলিও ভাবিব পাৰে৷ নতুন দিল্লীয়ে এই সন্দৰ্ভত ব্ৰিটিছ চৰকাৰলৈ কোনো অনুৰোধ প্ৰেৰণ কৰিব নে নকৰে সেয়া এতিয়াও বৈদেশিক মন্ত্ৰণালয়ে জনোৱা নাই৷ শেষকৃত্য হ’ব অহা ১৯ ছেপ্টেম্বৰত৷