Logo
image

আদালত পালেগৈ জয়মালা

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ অসমীয়াৰ আৱেগ আৰু তামিলনাডুৰ ভক্তৰ আস্থাত পৰিণত হোৱা ‘জয়মালা’ৰ ঠিকনা কি হ’ব! ৰাজনৈতিক মেৰপেঁচত বন্দী জয়মালা এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে সন্মানৰ বিষয় হৈ পৰিছে৷ তামিলনাডুৰ কৃষ্ণন কোভিল মন্দিৰত আবদ্ধ হৈ থকা জয়মালাক প্ৰত্যক্ষ কৰিবলৈ অসম চৰকাৰৰ প্ৰতিনিধি দলটোক অনুমতি নিদিয়াত এইবাৰ তামিলনাডু চৰকাৰৰ বিৰুদ্ধে আইনী যুদ্ধ ঘোষণা কৰিছে অসম চৰকাৰে৷ জয়মালাক প্ৰত্যক্ষ কৰি ঘূৰাই অনাৰ বাবে তামিলনাডু চৰকাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে অসম চৰকাৰৰ বন বিভাগে৷ অসম চৰকাৰৰ এই আইনী যুদ্ধৰ কথা ৰাজহুৱা কৰিছে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক [বন্যপ্ৰাণী] এম কে যাদবে৷ বুধবাৰে বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ আগত বন বিভাগৰ মুৰব্বী যাদৱে কয়– ‘অসম চৰকাৰে প্ৰেৰণ কৰা প্ৰতিনিধি দলটোৰ এজন সদস্য উভটি আহিছে যদিও বাকীকেইজন বৰ্তমানেও তামিলনাডুতে বাহৰ পাতি আছে৷ তামিলনাডু চৰকাৰৰ বন বিভাগৰ সচিব সুপ্ৰিয়া চাহুৱে জয়মালাৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি অসম চৰকাৰক জনাইছে৷ তামিলনাডু চৰকাৰে অসমৰ প্ৰতিনিধি দলটোক জয়মালাক সাক্ষাৎ নিদিয়াটো তেওঁলোকৰ চৰকাৰৰ বিষয়৷ কিন্তু তামিলনাডুৰ মন্দিৰত অসমৰ প্ৰতিনিধি দলটো ইচ্ছা কৰিলেই সোমাই যাব নোৱাৰে৷ তাৰ চৰকাৰে সহযোগিতা আগবঢ়াব লাগিব৷ কিন্তু তামিলনাডু চৰকাৰৰ অনুমতি লৈ যে তামিলনাডুলৈ যাব তাৰ কোনো কথা নাই৷ তামিলনাডু চৰকাৰে অসমৰ মুখ্য সচিবলৈ যি পত্ৰ প্ৰেৰণ কৰিছে তাত বিশেষ কোনো তথ্য নাই৷ সেইবাবে জয়মালাক ঘূৰাই অনাৰ বিষয়টোৰ সন্দৰ্ভত গুৱাহাটী উচ্ছ ন্যায়ালয়ত আবদেন জনাইছোঁ৷ ন্যায়ালয়ে এতিয়া কি নিৰ্দেশ দিয়ে তাৰ বাবে আমি অপেক্ষা কৰিছোঁ৷ ইয়াৰ পূৰ্বে মে’ মাহত তামিলনাডুৰ বন বিভাগে অসমৰ হাতীসমূহ ঘূৰাই অনাৰ বাবে অসম চৰকাৰলৈ পত্ৰ লিখিছিল৷ অসম চৰকাৰে হাতীকেইটা ঘূৰাই অনাৰ খৰচ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলোঁ যদিও কি কাৰণত তামিলনাডু চৰকাৰে বিষয়টো আগনবঢ়ালে সেয়া জ্ঞাত নহয়৷’ তামিলনাডু চৰকাৰে অসমৰ প্ৰতিনিধি দলটোক জয়মালাক সাক্ষাৎ কৰিবলৈ নিদিয়াটো ভাল হোৱা নাই বুলিও মন্তব্য কৰিছে এম কে যাদৱে৷ উল্লেখ্য, জয়মালাক তামিলনাডুৰ মন্দিৰত মাউতে নিৰ্যাতন চলোৱাৰ তথ্য ‘পেটা ইণ্ডিয়া’ই ৰাজহুৱা কৰাৰ পাছতেই ‘আমাৰ অসমে’ প্ৰথমবাৰলৈ বাতৰি প্ৰকাশ কৰিছিল৷ ইয়াৰ পাছতেই জয়মালাক উদ্ধাৰৰ বাবে সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি হোৱাৰ লগতে জয়মালা অসমীয়াৰ আৱেগলৈ পৰিণত হৈছিল৷ যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰিজনীয়া এটা প্ৰতিনিধি দল মাদুৰাইলৈ প্ৰেৰণ কৰি জয়মালাক ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু জয়মালা তামিলনাডুৰ কৃষ্ণন কোভিল মন্দিৰৰ ভক্ত-দৰ্শনাৰ্থীৰ বিশ্বাস তথা আস্থাৰ প্ৰতীক হৈ পৰা বুলি দাবী কৰি হাতীজনীক ঘূৰাই পঠাবলৈ অসন্মতি প্ৰকাশ কৰে মন্দিৰ কতৃৰ্পক্ষই৷ আনকি তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ নিৰ্দেশত ৰাজ্যখনৰ বন বিভাগে অসমৰ চৰকাৰী প্ৰতিনিধি দলটোক বিগত ১২ দিনেও জয়মালাক প্ৰত্যক্ষ কৰাৰ বাবে কোনো অনুমতি দিয়া নাই৷ ইফালে, বুধবাৰে অসম বিধানসভাত দিয়া তথ্য মতে, অসমৰ পৰা তামিলনাডুলৈ জয়মালা নামৰ হাতীটো ২০১১ চনত অসম চৰকাৰ আৰু তামিলনাডু চৰকাৰৰ সন্মতি সাপেক্ষে প্ৰেৰণ কৰা হৈছিল৷ বৰ্তমান হাতীটো অসমলৈ ঘূৰাই অনা হোৱা নাই৷ হাতীটোক নিৰ্দয় অত্যাচাৰ কৰা সম্পৰ্কে সংবাদ মাধ্যমযোগে বিভাগ জ্ঞাত আৰু বন বিভাগে ২০২১ চনৰ ৮ মাৰ্চত এখন পত্ৰ তামিলনাডু চৰকাৰলৈ প্ৰেৰণ কৰিছিল বুলিও সদনত প্ৰকাশ কৰিছে৷ বৰ্তমান হাতীটোৰ স্বাস্থ্যৰ অৱস্থা ভাল বুলি সংবাদ মাধ্যমযোগে জানিব পৰা গৈছে বুলিও সদনত বিভাগে সদৰী কৰে৷ তদুপৰি অসম চৰকাৰৰ এক উচ্ছস্তৰীয় প্ৰতিনিধিৰ দল ২ ছেপ্টেম্বৰত তামিলনাডুলৈ প্ৰেৰণ কৰাৰ কথা সদনত সদৰী কৰিছে বনমন্ত্ৰীয়ে৷