Logo
image

বিশ্বজুৰি আধুনিক দাসত্বৰ বলি ৫ কোটি লোক

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্যঃ ভাৰত, বাংলাদেশত বাঢ়িছে বলপূৰ্বক বিবাহ

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰসংঘৰ এটা নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য৷ এই প্ৰতিবেদনত কোৱা হৈছে যে ২০২১ চনত বিশ্বজুৰি পাঁচ কোটিৰো অধিক লোকে ‘আধুনিক দাসত্ব’ৰ মাজেৰে দিন পাৰ কৰিছে৷ প্ৰতিবেদনত এই কথাও কোৱা হৈছে যে কৰ’না মহামাৰীৰ বাবেই আফগানিস্তান, বাংলাদেশ, ভাৰত, ইজিপ্ত আদি দেশত বলপূৰ্বক বিবাহৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়৷ ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সমূহ ‘ৱৰ্ক ফ্ৰী’ৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিবেদন ‘দ্য গ্লোবেল এষ্টিমেটছ অৱ মডাৰ্ন স্লেভাৰী’ত কোৱা হৈছে যে ২০২১ চনত বিশ্বৰ পাঁচ কোটিৰো অধিক লোকে আধুনিক দাসত্বৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে৷ ইয়াৰ ভিতৰত ২.৮ কোটি লোক হৈছে বন্ধকী শ্ৰমিক আৰু ২.২ কোটি হৈছে বলপূৰ্বক বিবাহৰ বলি হোৱা মহিলা৷ প্ৰতিবেদনত কোৱা হৈছে যে বিগত পাঁচ বছৰত বিশ্বত আধুনিক দাসত্বৰ বলি হোৱা লোকৰ সংখ্যা বাঢ়িবলৈ ধৰিছে৷ ২০১৬ চনৰ তুলনাত ২০২১ চনত এনে দাসত্বৰ জীৱন পাৰ কৰা লোকৰ সংখ্যা এক কোটিৰো অধিক বৃদ্ধি পায়৷ প্ৰতিবেদনত কোৱা হৈছে বিশ্বৰ প্ৰায় সকলো দেশতে আধুনিক দাসত্ব ব্যৱস্থা চলি আহিছে৷ ইয়াৰ সৈতে সংস্কৃতি বা ধৰ্মৰ কোনো লেনদেন নাই৷ ব্যক্তিগত খণ্ডতে সৰ্বাধিক লোক এনে শোষণ আৰু দাসত্বৰ বলি হৈ আহিছে৷ ইপিনে, যোৱা বৰ্ষত এছিয়া আৰু প্ৰশান্ত মহাসাগৰ ক্ষেত্ৰতে সৰ্বাধিক লোক বলপূৰ্বক বিবাহৰ বলি হ’বলগীয়া হৈছে৷ যাৰ ফলত তেওঁলোকেও আধুনিক দাসত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷