Logo
image

১, ২০০ উগ্ৰপন্থী মূলসুঁতিলৈ

আদিবাসী সংগঠনৰে দিল্লীত শান্তিচুক্তি

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ পুনৰ মূলসুঁতিলৈ ঘূৰি আহিল প্ৰায় ১, ২০০ উগ্ৰপন্থী৷ এয়া স্বাভাৱিকতেই অসমৰ বাবে এটা ভাল খবৰ৷ ৰাজ্যৰ পাঁচটা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে বৃহস্পতিবাৰে নতুন দিল্লীত স্বাক্ষৰিত হয় ত্ৰিপাক্ষিক শান্তিচুক্তি৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকস্থিত কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে ৰাজ্যৰ পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠন আৰু আন তিনিটা উগ্ৰপন্থী গোটৰ সৈতে ত্ৰিপাক্ষিক শান্তিচুক্তি স্বাক্ষৰিত হয়৷ চুক্তি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ৷ মিক কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা আৰু পল্লৱলোচন দাস, ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হা, ৰাজ্যৰ গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন নাথ উপস্থিত থাকে৷ চুক্তি স্বাক্ষৰ কৰা আদিবাসী উগ্ৰপন্থী সংগঠনকেইটা হৈছে বীৰ্‌ছা কমাণ্ডো ফ’ৰ্চ [বিচিএফ], আদিবাসী পিপল্‌ছ আৰ্মী [এপিএ], অল আদিবাসী নেশ্বনেল লিবাৰেশ্যন আৰ্মী [এএএনএলএ], আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম [এচিএমএ] আৰু চাওতাল টাইগাৰ ফ’ৰ্চ [এছটিএফ]৷ আনহাতে, আন তিনিটা উগ্ৰপন্থী গোট হৈছে বিচিএফ, এএএনএলএ আৰু এচিএমএ৷ এই সশস্ত্ৰ সংগঠনকেইটাই হিংসাত্মক কাৰ্য পৰিহাৰ কৰি দেশৰ আইনে প্ৰতিষ্ঠা কৰা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত যোগদান কৰিবলৈ সন্মত হৈছে৷ শান্তিচুক্তিত স্বাক্ষৰ কৰা সশস্ত্ৰ সংগঠনকেইটাৰ কেডাৰসকলক পুনৰসংস্থাপনৰো ব্যৱস্থা কৰিব চৰকাৰে৷ উল্লেখ্য, ২০১৬ চনৰ পৰা বিচিএফ, এপিএ, এএএনএলএ, এচিএমএ আৰু এছটিএফে চৰকাৰৰ সৈতে যুদ্ধবিৰতি অব্যাহত ৰাখিছে আৰু তেতিয়াৰে পৰা এইকেইটা উগ্ৰপন্থী সংগঠনৰ কেডাৰসকল নিৰ্দিষ্ট শিবিৰত আছে৷ সংশ্লিষ্ট পাঁচটা উগ্ৰপন্থী সংগঠন আৰু তিনিটা ফৈদৰ মুঠ ১, ১৮২জন কেডাৰে অস্ত্ৰ-শস্ত্ৰ এৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিছে৷ বিদ্ৰোহী সংগঠনকেইটাই ১৫৬টা অস্ত্ৰ, ৮৮৭টা গুলী, ২১টা গ্ৰেণেড আৰু ৭টা আইইডি চৰকাৰক গতাই দিয়ে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয় যে এই চুক্তিয়ে অসমত শান্তি-সম্প্ৰীতিৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব৷

আদিবাসী অধ্যুষিত অঞ্চলত উছাহৰ ধল

অসমৰ চুকে-কোণে বাস কৰি অহা আদিবাসী তথা চাওতাল জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ আদায় আৰু জ্বলন্ত সমস্যাসমূহ সমাধানৰ দিশে এখোজ আগবাঢ়ি আহিছে৷ বিগত কেইবাটাও দশক ধৰি একপক্ষীয়ভাৱে যুদ্ধবিৰতিত থকা বিদ্ৰোহী সংগঠনসমূহে একত্ৰিত হৈ আলোচনাৰ মেজত উপস্থিত হোৱাত অসমত এক শান্তিৰ সেউজ পৰিৱেশ কঢ়িয়াই আনিছে৷ শেহতীয়াকৈ কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰে পৰ্যায়ক্ৰমে উগ্ৰপন্থী সংগঠনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এন ডি এফ বিৰ পাছত এতিয়া আদিবাসী উগ্ৰপন্থী চৰকাৰৰ আলোচনাৰ মাজলৈ উভতি অহাত অসমৰ সাৰ্বিক উন্নয়নৰ এক ইংগিত বহন কৰিছে৷ আজি আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিয়ে পশ্চিম অসমৰ বিশেষকৈ ঐতিহাসিক আদিবাসী অধ্যুষিত অঞ্চললৈ এক আনন্দৰ জোৱাৰ তুলিছে৷ গোসাঁইগাঁৱৰ ঐতিহাসিক আদিবাসী কলনিৰ জ্যেষ্ঠ নাগৰিকসকলে চৰকাৰৰ লগতে আলোচনামৰ্মে শান্তি চুক্তি কৰা সংগঠনসমূহক আদৰণি জনায়৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱমৰ্মে অসমৰ আদিবাসী তথা চাওতাল আলোচনাপন্থী বিদ্ৰোহী সংগঠন ক্ৰমে, আকমা, বি চি এফ, এছ টি এফ, আনলা আৰু আপাৰ প্ৰায় ১২০০ নেতা সদস্য শান্তিলৈ ঘূৰি আহিছে৷ অসমৰ আদিবাসী আৰু চাওতাল জনগোষ্ঠীৰ জ্বলন্ত সমস্যাসমূহৰ লগতে জনজাতিকৰণৰ দাবীত একাংশ যুৱক হাতত আগ্নেয়াস্ত্ৰ লৈ দীৰ্ঘদিন ধৰি চৰকাৰৰ বিপক্ষে যুঁজ দি আহিছে৷ হাবি-জংঘলে ঘূৰি ঘূৰি চৰকাৰৰ সৈতে একপক্ষীয় আলোচনা কৰি যুদ্ধবিৰতি ঘোষণা কৰে৷ দীৰ্ঘদিন যুদ্ধবিৰতিত থকা পাছত আজি প্ৰথমবাৰৰ বাবে শান্তি চুক্তি অনুষ্ঠিত হয়৷ গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই শান্তি চুক্তি সম্পন্ন কৰে সংগঠন পাঁচটাই৷ বিয়লি ৫ বজাত নৰ্থ ব্লকত অনুষ্ঠিত হয় এই শান্তি চুক্তি৷ উক্ত শান্তি চুক্তিত পাঁচটা সংগঠনৰ উপৰি ভাতৃ কেইবাটাও সংগঠনৰ নেতৃত্বত উপস্থিত থাকি সহযোগ আগবঢ়ায়৷ শান্তি চুক্তিত অংশগ্ৰহণ কৰাৰ পূৰ্বে সংগঠনৰ নেতৃত্বই গৃহমন্ত্ৰীকে ধৰি চৰকাৰৰ অন্যান্য প্ৰতিনিধিসকলক জাতীয় গামোচা, ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়৷ অতি গুৰুত্বপূৰ্ণ কথা যে, অসমৰ আদিবাসীসকলৰ উন্নয়নৰ স্বাৰ্থত আৰু জ্বলন্ত সমস্যাৰ অৱসান ঘটাবলৈ আদিবাসী কোবৰা মিলিটাৰী অৱ আসাম[আকমা] ১৯৯৬ চনৰ ৭ জুলাইত আত্মপ্ৰকাশ কৰে৷ ঠিক একেদৰে আপা একেটা উদ্দেশ্য ২০০৫-চনৰ ১১ ফেব্ৰুৱাৰীত, বি চি এফ ১৯৯৬ চনৰ ৩০ জুনত, এছ টি এফ ২০০৫ চনৰ ৩০ জুন তাৰিখে সশস্ত্ৰ সংগঠন মুকলি কৰাৰ দৰে আনলাৰ আত্মপ্ৰকাশ হয়৷ আজি উক্ত সংগঠনকেইটাৰ মুঠ ১৬জন নেতৃত্বই কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা চুক্তিত স্বাক্ষৰ কৰে৷ অসমৰ আদিবাসী জনগোষ্ঠীৰ উপৰি চাওতাল জনগোষ্ঠীৰ লোকসকলে বাট-পথ, শিক্ষা, যাতায়াত, চৰকাৰী ঘৰ, স্বাস্থ্য, পোহৰ আদি কৰি সৰ্বদিশতে বঞ্চিত হৈ আহিছে যদিও শেহতীয়াকৈ হোৱা প্ৰথমখন শান্তি চুক্তিয়ে অধিক উন্নয়নৰ দিশত আগুৱাই নিব বুলি বিজ্ঞ মহলে আশা ব্যক্ত কৰিছে৷