Logo
image

নাম-কীৰ্তনেৰে মুখৰ ৰাজ্য

গুৰুজনাৰ তিৰোভাৱ তিথি

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত  শংকৰদেৱৰ প্ৰিয়তম শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হয়৷ ৰাজ্যৰ নামঘৰ সমূহ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা হৰি নাম-কীত্তৰ্নেৰে মুখৰ হৈ পৰে৷ ৰাজ্যৰ বিভিন্ন সত্ৰত নামঘৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তিথিৰ আয়োজন কৰা হয়৷ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীৰ লগতে বৰদোৱা, বৰপেটা আদি ৰাজ্যৰ নামঘৰ, সত্ৰ সমূহত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাব তিথিৰ আয়োজন কৰা হয়৷ বঢ়াৰ পো মাধৱদেৱৰ তিৰোভাৱ তিথি ‘মাধৱদেৱ গুৰুজনাৰ কীৰ্তন’ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে বুধবাৰৰ পৰা বটদ্ৰৱা থানত আৰম্ভ হৈছে৷ কোচবিহাৰৰ ভেলাডোবা আৰু মধুপুৰ সত্ৰতো তিৰোভাৱ তিথি পালন কৰা হয়৷ নৱ প্ৰজন্মৰ যুৱক-যুৱতীক সত্ৰীয়া সংস্কৃতিৰ অনুপম সৃষ্টি বৰগীত, সত্ৰীয়া নৃত্য, নাম-প্ৰসংগ আদি অনুশীলন কৰাৰ বাবে  মহাপুৰুষ দুজনৰ আদৰ্শক বিশ্বজনীন কৰাৰ বাবে এক সুস্থ পৰিৱেশৰ সূচনা কৰিবলৈ মধুপুৰ সত্ৰ সমিতিয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সমগ্ৰ ৰাজ্যৰ নামঘৰ, সত্ৰ সমূহৰ লগতে গুৱাহাটী মহানগৰীতো মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি পালন কৰা হয়৷ এই উপলক্ষে গুৱাহাটীৰ বিভিন্ন নামঘৰত হৰি নাম কীৰ্তন, ভাগৱত পাঠ, গায়ন বায়ন আদিৰ আয়োজন কৰা হয়৷ গুৱাহাটীৰ ‘শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিয়ে  বৃহস্পতিবাৰে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি পৰম্পৰাগতভাৱে বিভিন্ন কাৰ্যসূচীৰে পালন কৰে৷ এই উপলক্ষে সমিতিৰ পল্টনবজাৰস্থিত নামঘৰত পুৱা ১০ বজাৰ পৰা আইসকলৰ নাম-প্ৰসঙ্গ, ১১ বজাৰ পৰা বাপসকলৰ সমূহীয়া নাম-কীৰ্তনৰ অন্তত জগত চন্দ্ৰ বৰবায়নৰ পৰিচালনাত গায়ন-বায়নৰ পৰিবেশন কৰা হয়৷ বিয়লি আইসকলৰ নামৰ পাছত সন্ধিয়া নাম-কীত্তৰ্ন, ভাগৱত পাঠেৰে অনুষ্ঠানৰ সামৰণি পৰে৷ আনহাতে বুধবাৰে সন্ধিয়া শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ সভাপতি ধীৰেশ নাৰায়ণ চৌধুৰী আৰু প্ৰধান সম্পাদক দীনেশ চন্দ্ৰ দত্ত প্ৰমুখ্যে সমিতিৰ সদস্য-সদস্যা তথা আইসকলৰ উপস্থিতিত কীৰ্তনঘৰৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ শুভাৰম্ভ কৰা হয়৷ অসমৰ জাতীয় জীৱনক মহিমামণ্ডিত কৰি অহা মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱৰ ৪২৬ সংখ্যক পুণ্য তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদত নাম-প্ৰসংগ পৰিৱেশন কৰা হয়৷ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডৰ [ জি আই এ এল ] জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱীয়ে সকলোকে আদৰণি জনাই কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱ অবিহনে অসম আৰু অসমীয়াৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি৷ মহাপুৰুষ দুজনাই অসমৰ জাতীয় জীৱনক প্ৰায় ৫৫০ বছৰ ধৰি মহিমামণ্ডিত কৰি ৰাখিছে৷ অনুষ্ঠানত ভাগ লৈ জি আই এ এলৰ মুখ্য অপাৰেটিং বিষয়া স্নেহাশিস দত্তই কয় মহাপুৰুষ দুজনাৰ কৰ্মৰাজি,  আদৰ্শ, সৃষ্টিৰাজি, সাহিত্য,  সংস্কৃতিয়ে যিধৰণে অসমীয়া জাতিক একত্ৰিত কৰি ৰাখিছে সেয়া তুলনাবিহীন৷ অনুষ্ঠানত বিমানকোঠৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফৰ কমাণ্ডেণ্ট লালমোহন ঠাকুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে৷ আনহাতে মহাপুৰুষ দুজনাৰ কেবাটাও নাম পৰিবেশন কৰে পশ্চিম গুৱাহাটীৰ খানামুখৰ বিখ্যাত নামতী দল জ্ঞানমালিনী বিকশিত মহিলা দলে৷ তেওঁলোকৰ পৰিবেশিত হৰি নামৰ ধবনিৰে এক কথাত মুখৰিত হৈ পৰে বৰঝাৰ বিমানকোঠ চৌহদ৷ সন্ধিয়া মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱক সোঁৱৰণ কৰি প্ৰসাদ বিতৰণৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়৷ বিমানকোঠৰ বহু বিষয়া - কৰ্মচাৰীৰ উপৰিও বহু বিমান যাত্ৰীয়েও মহিলা দলটোৰ নাম উপভোগ কৰে৷ সেইদৰে ৰূপনগৰৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষেত্ৰ নামতী দময়ন্তী ডেকাৰ পৰিচালনাত নাম কীত্তৰ্ন কৰা হয়৷ গুৱাহাটী ক্লাৱৰ গোপাল কৃষ্ণ নামঘৰতো নাম কীৰ্তনেৰে মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়৷ বামুণী মৈদামৰ শ্ৰীমন্ত শঙ্কৰদেৱ কীৰ্তন ঘৰ আৰু মহানগৰীৰ বিভিন্ন ঠাইত থকা নামঘৰতো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়৷ অসমীয়া জাতিৰ ভেটি শক্তিশালী কৰি যোৱা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বৃহস্পতিবাৰে ৰাজ্যজুৰি ভক্তিৰ নিজৰা বৈ যোৱাৰ পৰিবেশৰ সৃষ্টি হয়৷

ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

ঐতিহাসিক মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ভাদ মাহৰ শেষ হ’বলৈ দুটা দিন বাকী থকা অৱস্থাত দিনে-নিশাই সমানে ভক্তৰ সমাগম বৃদ্ধি পাইছে৷ আজি মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি ভিৰ কৰি নেদেখাজনৰ চৰণত আশিষ লৈছেহি৷ আজি মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে নামঘৰৰ পৰিচালনা সমিতিয়ে গায়ন-বায়ন, ঘোষা পাঠ, আৰু নাম-কীতৰ্নেৰে গুৰুজনাৰ তিথিত এখনি নৈবৈদ্য শৰাই আগবঢ়ায়৷ পুৱাৰে পৰা ভকত-বৈষ্ণৱৰ হৰিনামৰ ধবনিৰে মুখৰিত হৈছে নামঘৰ প্ৰাংগণ৷  ইতিমধ্যে ভক্তসকলৰ মাজত বিভিন্ন সংগঠন তথা ব্যক্তিয়ে পানী, খোৱাবস্তুকে ধৰি বিতৰণ কৰিছে নামঘৰ প্ৰাংগণত৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা যান-বাহন নিয়ন্ত্ৰণকে ধৰি বিভিন্নধৰণৰ আইন-শৃংখলজনিত বিষয়সমূহ তদাৰক কৰি আছে৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত চিপাহীখোলাৰ পৰা লাহদৈগড় পেট্ৰ’ল ডিপুপৰ্যন্ত দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলৰ গাড়ীয়ে যান-জঁটৰ সৃষ্টি কৰিছে৷ মইনাপৰীয়া নামঘৰটো মাধৱদেৱৰ তিৰোভাৱ তিথি উদ্‌যাপন কৰে৷ পুৱাৰে পৰা অগণন ভক্তই নামঘৰলৈ গৈ নৃসিংহ মূৰাৰীৰ চৰণত সেৱা লয়৷ ইফালে পৰিচালনা সমিতিও ভক্তসকলক নামঘৰৰ প্ৰসাদৰ নিৰ্মালী আৰু চাহেৰে আপ্পায়ন কৰি থকা দেখা গৈছে৷ ক্ৰমে হৰিনামৰ ধবনিৰে নামঘৰৰ চৌদিশ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে৷ অন্যহাতে, নৱ-নিৰ্মিত শিশু উদ্যানত কণ কণ শিশুৰ পৰিৱেশে নতুনত্ব বহন কৰিছে এইবাৰ নামঘৰ চৌহদ৷ ৩১ ভাদৰ নিশা বিশ্বকৰ্মা পূজাৰ দিনা স্থানীয় যুৱকবৃন্দৰ দ্বাৰা মহাপুৰুষীয়া নাট ‘‘ৰুক্মিণী হৰণ’ ভাওনা প্ৰদৰ্শন হ’ব৷

বটদ্ৰৱা থানত মাধৱদেৱ গুৰুজনাৰ কীৰ্তন

অসমীয়া জাতিৰ মহানায়ক শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য বঢ়াৰ পো মাধৱদেৱৰ তিৰোভাৱ তিথি ‘মাধৱদেৱ গুৰুজনাৰ কীত্তৰ্ন’ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে বুধবাৰৰ পৰা বটদ্ৰৱা থানত আৰম্ভ হৈছে৷ কাৰ্যসূচী অনুসৰি আজি বিয়লি থানত ঘোষা কীৰ্তনৰ পাছতে আৰম্ভ হয় গন্ধ গোৱা অনুষ্ঠান৷ গন্ধত আশোৱাৰী ৰাগৰ গীত পৰিৱেশন কৰা হয়৷ কাইলৈ পুৱা ‘তাল কোবোৱা’ প্ৰসংগৰ পাছতে ভকত-বৈষ্ণৱ, যুৱক-যুৱতী, আই মাতৃৰ উষা-কীৰ্তনেৰে মুখৰিত হ’ব বটদ্ৰৱাৰ চৌদিশ৷ পুৱা প্ৰসংগত ‘শ্যাম গড়া’ ৰাগত ‘শুনলো পণ্ডিত’ শীৰ্ষক গীত গোৱা হ’ব৷ তাৰ পাছতে আইসকলৰ নাম, প্ৰসংগীয়া নাম, শেহপাল, ঘোষা-কীৰ্তনৰ লগতে ভাদ মাহৰ পৰম্পৰাগত ওঁঠৰ প্ৰসংগৰে পৰিৱেশিত হ’ব৷ বিয়লি বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি ‘দধিমথন’ ভাওনা পৰিৱেশন কৰিব৷

মহাপুৰুষ মাধৱদেবৰ বন্দনাৰে মুখৰ মাজুলী

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি উপলক্ষ্যে আজি মাজুলীৰ সত্ৰসমূহৰ লগতে প্ৰায় দুশৰো অধিক নামঘৰত নাম-প্ৰসংগ, কীত্তৰ্ন-ঘোষা পাঠ, ভাওনা অনুষ্ঠিত হয়৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰে প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেবৰ জাতিৰ বাবে উচৰ্গিত অমূল্য সম্পদৰাজিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ তথা সংবৰ্ধনত প্ৰধান ভূমিকা বহন কৰি অহা মাজুলীৰ সত্ৰ বিশেষকৈ কমলাবৰীয়া থূলৰ সত্ৰসমূহে চাৰে পাঁচশ বছৰ ধৰি চাৰিদিনীয়াকৈ মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে৷ প্ৰতিবছৰৰ দৰে শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি এইবাৰো শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰই চাৰিদিনীয়াকৈ পালন কৰেI চাৰিদিনীয়া কাৰ্যসূচীৰ ভিতৰত প্ৰথম দিনা চাউল ভোজনী, দ্বিতীয় দিনা থাপনি, আজি তৃতীয় দিনা মূল কীত্তৰ্ন আৰু কাইলৈ চতুৰ্থ দিনা ভাঙনি৷ আজি তৃতীয় দিনা মূল কীত্তৰ্নৰ দিনটোত ঢলপুৱাতে গুৰুদুজনাৰ সৃষ্ট বৰগীতসমূহ পুৱা গীত হিচাপে সত্ৰৰ নামলগোৱাসকলে পৰিৱেশন কৰি সমগ্ৰ সত্ৰীয়া পৰিৱেশ আধ্যাত্ম দৰ্শনেৰে বিধৌত কৰে৷ একেদৰে পুৱা গীতৰ পাছতে পুৱা ভটিমা, নামঘোষা, কীত্তৰ্ন ঘোষা, গায়ন-বায়ন, বাহাৰ নৃত্য আদি পৰিৱেশন কৰি দিনৰ ১-৩০ বজাৰ পৰা সত্ৰৰ ভকত-বৈষ্ণৱসকলে দিনভাওনা ‘পাৰিজাত হৰণ’ নাটক পৰিৱেশন কৰে৷ সন্ধিয়া সত্ৰৰ বৃহৎ নামঘৰত দেৱবাদ্য দবা-কাঁহ-শংখ বজোৱাৰ লগে লগে সত্ৰৰ বৈষ্ণৱসকলে গুৰুভটিমাৰ পৰা গুণমালালৈকে পৰিৱেশন কৰে৷ ইয়াৰ পাছতে ন-ধেমালি, নাম-প্ৰসংগ কৰে৷ ৰাতি ১২ বজাৰ পাছত ওজা আৰু বৰধেমালি আৰম্ভ কৰি পুৱালৈকে পৰিৱেশন কৰে৷ কাইলৈ পুৱা প্ৰসংগ কীত্তৰ্ন কৰি সামৰণিত যাত্ৰাঘোষা গাই দিনৰ ২ বজালৈকে মহাপুৰুষ মাধৱদেৱৰ চৰিত পাঠ কৰে৷ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ উপৰিও গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, বিহিমপুৰ সত্ৰ, চামগুৰি সত্ৰ, আদি বিহিমপুৰ, আদি এলেঙী, টকৌবাৰী, পুনীয়া সত্ৰ, বেলগুৰি থান, চুপহা সত্ৰ, আঁহতগুৰি সত্ৰ, শেনচোৱাৰ যুৰীয়া নামঘৰ, ঔৱা সত্ৰ, আধাৰ মাহৰা সত্ৰ আদিতো পৰম্পৰা অনুসৰি গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰে৷ মাধৱদেৱৰ তিথি উপলক্ষে গড়মূৰ সত্ৰত পুৱা প্ৰসংগৰ লগতে ভাগৱত পাঠ, বিয়লি আইসকলৰ নাম আৰু ৰাতি যুৱ বৈষ্ণৱসকলে নাম পৰিৱেশন কৰে৷ ইফালে সত্ৰসমূহৰ উপৰিও মাজুলীৰ গ্ৰাম্যাঞ্চলৰ প্ৰায় দুশৰো অধিক নামঘৰত আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰি অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰি থৈ যোৱা গুৰুজনাৰ অমৰ সৃষ্টিৰাজি স্মৰণ তথা গুণানুকীৰ্তনেৰে মাজুলীৰ চৌদিশ মুখৰ কৰি তোলে৷ ইয়াৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, সংঘ, আদিতো দিনজোৰা কাৰ্যসূচীৰে নাম-প্ৰসংগ, গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে বক্তৃতা, বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰে৷ মাজুলৱৰ মিচিং সমাজেও মাধৱদেৱ¸ তিৰোভাৱ তিথি উদযাপন কৰে৷ বোকাবিল মচিং জাৰনি গাঁও মিচং ভোগপুৰ মিচিং আদিত নাম-প্ৰসংগ আৰু ভাগৱত পাঠেৰে দিনজোৰাকৈ ভাদ মাহৰ শেহৰ কীত্তৰ্ন সম্পন্ন কৰে৷

ভৱানীপুৰৰ কলবাৰী সত্ৰত ‘ভোজন বিহাৰ’

ভৱানীপুৰৰ নিকটৱৰ্তী কলবাৰী গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়৷ দিনজোৰা কাৰ্যক্ৰমণিকাত সত্ৰত বন্তি প্ৰজ্বলন, ভক্তৰ ঘোষা পৰিৱেশন, আয়তীৰ নাম-প্ৰসংগ, সত্ৰৰ গায়ন - বায়নৰ খোলৰ প্ৰসংগ আদি শ্ৰীমন্ত শঙ্কৰদেৱ-শ্ৰীশ্ৰী মাধৱদেৱৰ সৃষ্টিৰ আধাৰত পৰিৱেশন কৰা হয়৷ দুপৰীয়াৰ পৰা সত্ৰৰ মজিয়াত পৰম্পৰা উপস্থাপন ৰীতিৰে শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত ঝুমুৰা ‘ভোজন বিহাৰ’ পৰিৱেশন কৰে প্ৰায় দুকুৰি গায়ন-বায়ন, সূত্ৰধাৰ, শিশুশিল্পীয়ে৷ উল্লেখ্য যে, ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰ সত্ৰ, নমাটিৰ মুকুণ্ড দেৱৰ সত্ৰ, পুৰণ ভৱানীপুৰৰ গোপালদেৱ আতা সত্ৰ, কৰ্দৈগুৰি বংশীগোপাল মহাপ্ৰভুৰ নামঘৰ, বাংলীপাৰাৰ মদনমোহন গোসাঁই থান সত্ৰ, ধুপগুৰি সত্ৰ, কুৰোবাহা সত্ৰৰ লগতে তিনি শতাধিক নামঘৰ, কীৰ্তন ঘৰত নাম-প্ৰসংগৰে শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়৷ 

মহাপুৰুষ মাধৱদেৱৰ সমাধিস্থলী ভেলাডোবা আৰু মধুপুৰ সত্ৰত তিৰোভাৱ তিথি

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬সংখ্যক তিৰোভাৱ তিথি ১৫ ছেপ্টেম্বৰত মহাপুৰুষজনে ইহলীলা সম্বৰণ কৰা উত্তৰ বংগৰ কোচবিহাৰৰ মূল সমাধিস্থলী ভেলাডোবা আৰু মধুপুৰ সত্ৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ মধুপুৰ সত্ৰ সমিতিৰ সম্পাদক হৰিদেৱ দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, পুৱা ৭ বজাত মহাপুৰুষজনাই দেহ ত্যাগ কৰা ভেলাডোবাত বন্তি প্ৰজ্বলন আৰু গুৰু বন্দনাৰে মহাপুৰুষজনা লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ ইয়াৰ পাছত ৯ বজাত মধুপুৰ সত্ৰৰ কীত্তৰ্ন ঘৰত নাম-প্ৰসংগ আৰু ভাগৱত পাঠ কৰা হয়৷ সত্ৰত ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকত আৰু মধুপুৰ সত্ৰৰ স্থানীয় তদাৰক সমিতিৰ সম্পাদক  ড॰   কেশৱচন্দ্ৰ দাসৰ পৰিচালনাত দুপৰীয়া নাগাৰা নাম আৰু আবেলি ৪ বজাত আইসকলৰ নামেৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়৷ এই তিৰোভাৱ তিথিৰ সমূহ কাৰ্যসূচীত সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ উপৰিও মধুপুৰ সত্ৰৰ নিকটৱৰ্তী বিভিন্ন অঞ্চলৰ শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে৷ শেহতীয়াভাৱে উত্তৰ বংগৰ বিভিন্ন এলেকাৰ মহাপুৰুষীয়া ভক্তিধৰ্মত দীক্ষিত বংগভাষী ৰাইজে কোচবিহাৰ অঞ্চলত মহাপুৰুষদুজনাই জীৱনৰ শেষ সময়ছোৱা অতিবাহিত কৰা সময়ৰ ইতিহাস পুনৰউজ্জীৱিত কৰাৰ লক্ষ্য আগত ৰাখি নতুন প্ৰজন্মৰ যুৱক-যুৱতী সত্ৰীয়া সংস্কৃতিৰ অনুপম সৃষ্টি বৰগীত, সত্ৰীয়া নৃত্য, নাম-প্ৰসংগ আদি অনুশীলন কৰাৰ বাবে আগবাঢ়ি অহা কাৰ্যই মহাপুৰুষ দুগৰাকীৰ আদৰ্শক বিশ্বজনীন কৰাৰ বাবে এক সুস্থ পৰিৱেশৰ সূচনা কৰিব বুলি মধুপুৰ সত্ৰ সমিতিয়ে আশা প্ৰকাশ কৰিছে৷ এইক্ষেত্ৰত সত্ৰ সমিতিয়ে কেতবোৰ অভিলাষী¸ আঁচনি অসম চৰকাৰৰ সহযোগত ৰূপায়ণ কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা গ্ৰহণ কৰিছে৷ 

বৰপেটা সত্ৰত মাধৱদেৱৰ কীত্তৰ্ন মহোৎসৱ

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰপন্ন শিষ্য বঢ়াৰ পো শ্ৰীশ্ৰী মাধৱদেৱৰ আজি ৪২৬ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ সমগ্ৰ ৰাজ্যখনৰে থান-সত্ৰ-নামঘৰসমূহত আজি উদ্‌যাপন কৰা হয়৷ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা হৰি নামৰ ধবনিৰে মুখৰিত হয় থান-সত্ৰ-নামঘৰসমূহ৷ সত্ৰনগৰী বৰপেটাৰ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি মহাপুৰুষ তিৰোভাৱ তিথিৰ মূল সবাহ অনুষ্ঠিত হয়৷ বৰপেটা সত্ৰত মূল সবাহৰ দহদিন পূৰ্বতে কীত্তৰ্ন থাপনা কৰা হয়৷ কীত্তৰ্ন থাপনাৰ পৰা অবিৰত কীত্তৰ্নৰ লগতে আজি কীত্তৰ্নৰ দিনা পুৱাৰ ভটিমা পঢ়াৰ পাছত নাম-প্ৰসঙ্গত পাঠকে নাম ডাকি নামছন্দৰ ‘মোৰ প্ৰাণ হৰে জীৱন প্ৰাণ হৰে’ আৰু শৰণ ছন্দৰ ‘মোৰ প্ৰাণ বন্ধু গোবিন্দ সেৱক কৰিয়া লৈয়ো’ আৰু ‘দয়া কৰা দয়া কৰা মোৰে হে ৰাম ৰাম’ পটল গায়৷ ইয়াৰ পাছত ‘‘নামঘোষা’’ৰ পৰমাৰ্থৰ ছয়টা ঘোষা আৰু কংসবধৰ ৯টা ঘোষাৰ লগতে আন ৭টা ঘোষা গাই প্ৰসাদ বিতৰণ কৰা হয়৷ পাছত গায়ন-বায়নে গুৰুঘাট বজাই সেৱাৰ কীৰ্তন কৰাৰ লগতে ভোজন ব্যৱহাৰ অঙ্ক ৰূপায়ণ কৰে৷ বিয়লি ঘোষা-কীত্তৰ্ন আৰু ব্যাহ-কীত্তৰ্ন কৰাৰ অন্তত সন্ধিয়া বৰপেটা সত্ৰৰ গন্ধিয়া বংশই বৰধেমালি আৰু ঘোষা ধেমালি বজাই ‘‘পাৰিজাত হৰণ’’ নাট পাঠ কৰে৷ ইপিনে মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱত ভকতে সত্ৰৰ ডবাৰ তলত ‘‘গুৰু-কৰ’’ শোধায়৷  আনহাতে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কীত্তৰ্ন মহোৎসৱ উপলক্ষে থুল দক্ষিণ হাটীৰ বাপুসকলে আজি বিয়লি সত্ৰত ‘কৰভাৰ প্ৰদান কৰে৷ থুল দক্ষিণ হাটীৰ ভঁড়ালগৃহৰ পৰা ব্যাহ কীত্তৰ্ন,  গায়ন-বায়ন, বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক, প্ৰমুখ্যে নাম কীৰ্তনীয়া দলে সত্ৰীয়া পৰম্পৰা অনুসৰি শোভাযাত্ৰা কৰি ৰীতি-নীতি অনুযায়ী বৰপেটা সত্ৰত থুল দক্ষিণ হাটীৰ ভক্তবৃন্দই কৰভাৰ প্ৰদান কৰে৷ একেদৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কীত্তৰ্ন মহোৎসৱ বৰপেটা সত্ৰৰ উপৰিও বাৰাদি, গণককুছি, সুন্দৰীদিয়া, পাটবাউসী আদি সত্ৰটো পালন কৰা হয়৷ ইপিনে, দক্ষিণ বৰপেটা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ সোঁৱৰণী সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিথি মহোৎসৱ উদ্‌যাপন কৰা হয়৷ তিথি মহোৎসৱ উপলক্ষ্যে বৰপেটা সত্ৰৰ মুখ্য কৰাপাটৰ সন্মুখত কালি ধৰ্মালোচনী সভা অনুষ্ঠিত হয়৷ ধৰ্মালোচনী সভাত সভাপতিত্ব কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে৷ বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে উদ্বোধন কৰি মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ অসমৰ বিভিন্ন স্থানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়৷ চৰকাৰে অসমখন ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখনলৈ নিয়াৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷ গুৰুজনাই অসমখন পাঁচশ বছৰ পূৰ্বে সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসম গঢ়ি গৈছে৷ কিন্তু বৰ্তমান আমাৰ মাজতে মিল নোহোৱা হৈছে৷ গতিকে এই সময়ছোৱাত চৰকাৰে গুৰুদুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অসমৰ বিভিন্ন স্থানত পালন কৰিলে নি(য় অসমৰ ভিতৰত সকলো খাম-খেয়ালি নোহোৱা হ’ব আৰু অসম ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে৷ ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা-অধ্যাপক ননীগোপাল মহন্তই বৰপেটা মহাপুৰুষৰ বৈষ্ণৱ আন্দোলনৰ অভিকেন্দ্ৰ আছিল বুলি উল্লেখ কৰে৷ মহাপুৰুষ শ্ৰী শ্ৰীমাধবদেৱৰ ভক্তিতত্ত্বৰ আধাৰৰ ওপৰত বিশদভাৱে আলোচনা কৰে৷ মহাপুৰুষগৰাকীৰ নামঘোষাৰ প্ৰথম স্তৱকত থকা পদটোৰ বিষয়ত তাৎপৰ্য ব্যাখ্যা কৰে৷ তেওঁ মহাপুৰুষগৰাকীৰ কৃষ্ণতত্ত্ব আৰু ৰামতত্ত্বৰ কথা উল্লেখ কৰিছে৷ জ্যেষ্ঠ সংবাদিক বিশ্বজিত দাসে নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ ধৰ্মালোচনী সভাত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনাদৰ্শনৰ ওপৰত এক সাৰগৰ্ভ ভাষণ দিয়ে৷ নিশা পিঙ্কুমণি দাসৰ পৰিচালনাত শংকৰী সাংস্কৃতিক ভাওনা দল, বৰপেটাই নিবেদন কৰে দৈতাৰী ঠাকুৰ বিৰচিত অঙ্কীয়া নাট - নৃসিংহ যাত্ৰা৷