Logo
image

এতিয়া জয়া কলিতাৰ হাতত ভৱেশ কলিতাৰ প্ৰাণভোমোৰা

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ এটকা ঘোচ নিদিয়াকৈ দুখীয়া ল’ৰা-ছোৱালীয়ে চাকৰি পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদম্ভ ঘোষণা কৰিছিল যদিও এতিয়া চাকৰিৰ নামত উকা-অ’এমআৰ শ্বীট জমা দিয়াৰ কৌশলৰে খোদ চৰকাৰী যন্ত্ৰয়েই দুৰ্নীতি-অনিয়মত নামি পৰা দেখা গৈছে৷ চাকৰিৰ দালালিত জড়িত এটাৰ পাছত আনটো দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতো চাকৰিৰ নামত কেলেংকাৰিৰ যেন অন্ত নাই৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত গ্ৰামোন্নয়ন আৰু জলসিঞ্চন বিভাগত বিজেপিৰ নেতা-পালিনেতা তথা আত্মীয়ৰ সংস্থাপন দিয়াৰ অভিযোগ সত্যতা পোহৰলৈ অহাত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ তদানীন্তন মন্ত্ৰী তথা বিজেপিৰ বৰ্তমানৰ সভাপতি ভৱেশ কলিতাই জলসিঞ্চনৰ চাকৰিৰ নামত সুন্দৰী যুৱতীক ফোনত ধন দাবী কৰাতে ক্ষান্ত নাথাকি চাকৰিৰ বাবে দলীয় কৰ্মীৰ পুত্ৰৰ এডমিট কাৰ্ড পৰ্যন্ত সংগ্ৰহ কৰিছিল৷ ৰঙিয়াৰ জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে ২০২০ চনৰ ১৭ ডিচেম্বৰত মন্ত্ৰী ভৱেশ কলিতাই ফোন কৰি জলসিঞ্চনৰ চাকৰিৰ বাবে ৩ লাখ টকা দিবলৈ প্ৰস্তাৱ দিয়াৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে৷ কিন্তু যুৱতীগৰাকীয়ে সেই সময়ত উক্ত প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল যদিও বৰ্তমানেও ভৱেশ কলিতাই চাকৰিৰ নামত ধন দাবী কৰা অডিঅ’ ৰেকৰ্ডিং মজুত থকা বুলি দাবী কৰিছে৷ অডিঅ’টো লেপটপৰ পৰা ৰিক’ভাৰী হ’লেই দুই-এদিনৰ ভিতৰতেই ৰাজহুৱা কৰি দিয়াৰো হুংকাৰ দিছে৷ যুৱতীগৰাকীৰ এই মুকলি ভাবুকিৰ পাছতেই বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এতিয়া মুখৰ মাত নোহোৱা হৈ পৰাই নহয়, চৰম অস্বস্তিত পৰিছে বিজেপিৰ দলীয় নেতৃত্বও৷ এক কথাত জয়া কলিতা নামৰ সুন্দৰী যুৱতীগৰাকীৰ হাতত বন্দী হৈ পৰিছে বিজেপি সভাপতিজনৰ প্ৰাণভোমোৰা৷ সঁচায়েই যদি যুৱতীগৰাকীৰ হাতত অডিঅ’ মজুত আছে আৰু যিকোনো মুহূৰ্ততে সেই বিতৰ্কিত কথোপকথন ৰাজহুৱা কৰে তেনেহ’লে ভৱেশ কলিতাৰ ৰাজনৈতিক জীৱনত ইয়াৰ প্ৰভাৱ পৰাৰো পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো ইতিমধ্যে ভৱেশ কলিতাই তেওঁৰ বিৰুদ্ধে অভিযোগৰ সত্যতা প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও ঘোষণা কৰিছে৷ অৱশ্যে ভৱেশ কলিতাই ৰঙিয়া থানাত যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে যুৱতীগৰাকীক প্ৰাথমিক সোধা-পোছাও নকৰাত বিজেপিৰ ভিতৰচ’ৰাতো চৰ্চা চলিছে৷ যুৱতীগৰাকীৰ অভিযোগৰ আঁৰত কোনো শক্তি জড়িত আছে নেকি বুলিও প্ৰশ্ন উঠিছে৷ মুঠৰ ওপৰত জয়া কলিতাৰ অভিযোগে ভৱেশ কলিতাৰ লগতে বাজপেয়ী ভৱনকো যে অস্বস্তিত পেলাইছে সেয়া নিৰ্ঘাত সত্য৷ কেৱল জয়া কলিতাকে চাকৰিৰ অফাৰ দিয়া নহয়, ভৱেশ কলিতাই মন্ত্ৰী হৈ থকাৰ সময়ত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি দলীয় কৰ্মীৰ পৰা পৰীক্ষাৰ এডমিট কাৰ্ড সংগ্ৰহৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে৷ ৰাজ্যিক সভাপতিজনৰ বিৰুদ্ধে চাকৰিৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ কৰি গোৰেশ্বৰৰ নগেন ডেকা নামৰ বিজেপি কৰ্মীজনে সংবাদ মাধ্যমৰ আগত কয়– ‘২০২০ চনত জলসিঞ্চন বিভাগৰ পৰীক্ষাত মোৰ ল’ৰাই অৱতীৰ্ণ হৈছিল৷ মই বিজেপি দলৰ সদস্য হিচাপে তেতিয়াৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ ঘৰলৈ গৈছিলোঁ৷ মোৰ ল’ৰাটোক এটা চাকৰি দিবলৈ অনুৰোধ কৰিছিলোঁ৷ তেতিয়া ভৱেশ কলিতাই কৈছিল– ‘নগেন তোৰ ল’ৰাটো ইমান ডাঙৰ হ’লনে? তই চিন্তা নকৰিবি৷ ল’ৰাটোৰ এডমিট কাৰ্ডটো মোক দিবি৷ তই উপাধি ডেকা লিখনে? এডমিটটোৰ পিছফালে নগেন ডেকা বুলি লিখি দিবি৷’ কাকো নক’বি, ঘৰত চুপচাপ বহি থাক৷’ কিন্তু মই ল’ৰাটোৰ এডমিট কাৰ্ডটো ভৱেশ কলিতাক দিয়াত তেওঁ এডমিটটোৰ পিছফালে নগেন ডেকা বুলিও লিখি লৈছিল৷ দুখৰ বিষয় যে মোৰ ল’ৰাটোৱে চাকৰি নাপালে৷ মই বিজেপি দলৰ  কৰ্মী হোৱাৰ বাবেহে তেওঁক অনুৰোধ কৰিছিলোঁ৷ এতিয়া নতুনকৈ সেই কথা উলিয়াব বিচৰা নাই৷ কিন্তু সেইবাৰ জলসিঞ্চনত তৃতীয় বিভাগত উত্তীৰ্ণই চাকৰি পাইছিল৷ মোৰ ল’ৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পাছতো চাকৰি পোৱা নাছিল৷ সেইবাৰ জলসিঞ্চনত যিসকলে চাকৰি পাইছিল, ধনী শ্ৰেণীৰ ল’ৰাই পাইছিল৷ দুখীয়াই পোৱা নাছিল৷ গোৰেশ্বৰৰো কেইবাজনেও পালে৷ গোৰেশ্বৰৰ ব্লক বিজেপিৰ সভাপতিৰ জীয়েকেও পাইছিল৷ আমাৰ বাপাৰ লগতে ছোৱালীজনী একেলগে পঢ়া আছিল৷ ডাঙৰ মানুহে সুবিধাবোৰ পালে৷ ভৱেশ দাই মই সৰু মানুহ বাবে গুৰুত্ব নিদিলে৷ মই তেওঁৰ ঘৰত নিজেই চাকৰি বিচাৰি গৈছিলোঁ৷  ভৱেশ কলিতাই চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি এডমিট কাৰ্ডটো লৈছিল যদিও প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে৷