Logo
image

অভিনেত্ৰী নোৰা ফাটেহিক ইডিৰ জেৰা

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ ২০০ কোটি টকীয়া বিত্তীয় অনিয়মৰ সৈতে সাঙোৰ খাই পৰা অভিনেত্ৰী নোৰা ফাটেহি বৃহস্পতিবাৰে পুনৰ অৰ্থনৈতিক অপৰাধ শাখাৰ জেৰাৰ সন্মুখীন হয়৷ ইয়াৰ পূৰ্বে বুধবাৰে একেটা গোচৰত ৮ ঘণ্টা ধৰি মাৰাথান জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজসহ আন কেবাজনো৷ বৃহস্পতিবাৰে নোৰা ফাটেহিৰ সৈতে আন এগৰাকী অভিযুক্ত পিংকী ইৰানীকো মুখামুখিকৈ জেৰা কৰে অৰ্থনৈতিক অপৰাধ শাখাই৷ স্মৰ্তব্য যে ‘কনমেন’ সুকেশ চন্দ্ৰশেখৰে সংঘটিত কৰা ২০০ কোটি টকীয়া কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই বৃহৎ বিত্তীয় অনিয়মৰ গোচৰটোত সাঙোৰ খাই পৰিছিল অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ, নোৰা ফাটেহিৰ উপৰি আন কেবাজনৰো নাম৷ বৃহস্পতিবাৰে গোচৰটো সন্দৰ্ভত পঞ্চমবাৰৰ বাবে জেৰাৰ সন্মুখীন হোৱা নোৰাই নিজৰ জবানবন্দী আগবঢ়োৱাৰ বাবে দুপৰীয়া উপস্থিত হয় দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ কাৰ্যালয়ত৷ উল্লেখ্য ‘কনমেন’ সুকেশ চন্দ্ৰশেখৰে পিংকী ইৰানীৰ জৰিয়তে নোৰা ফাটেহিক এটা দামী ঘড়ী উপহাৰ দিছিল৷ যাৰ বাবে নোৰাৰ সৈতে পিংকী ইৰানীকো মুখামুখিকৈ বহুৱাই জেৰা কৰা হয়৷ জেৰাকালত নোৰাই আৰক্ষীক পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলি জানিব পৰা গৈছে৷ অভিনেত্ৰীগৰাকীয়ে ইতিপূৰ্বে হোৱা জেৰাকালত সুকেশ চন্দ্ৰশেখৰৰ পৰা ঘড়ী উপহাৰ স্বৰূপে পোৱা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছিল যদিও উপহাৰ গ্ৰহণ কৰাটো অপৰাধ হ’ব নোৱাৰে বুলি জনাইছিল৷ তদুপৰি সুকেশ চন্দ্ৰশেখৰে কৰা অপৰাধ সম্পৰ্কে তেওঁ মুঠেও অৱগত নাছিল বুলি গোচৰটোৰ তদন্তকাৰীক জনায়৷