Logo
image

ইউক্ৰেইনফেৰৎ শিক্ষাৰ্থীৰ ভৱিষ্যৎ ক্ৰমশঃ অন্ধকাৰ

ৰাষ্ট্ৰীয় মেডিকেল আয়োগৰ জাননী

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ যুদ্ধ বিধবস্ত ইউক্ৰেইন ফেৰৎ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ ক্ৰমশঃ অন্ধকাৰৰ দিশে গতি কৰিছে৷ ভাৰত চৰকাৰে উচ্ছতম ন্যায়ালয়ক ইউক্ৰেইনৰ ফেৰৎ মেডিকেল শিক্ষাৰ্থীক আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰাৰ বাবে দেশৰ শিক্ষানুষ্ঠানত কোনো সুযোগ দিব নোৱাৰে বুলি স্পষ্ট কৰি দিছে৷ ইফালে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে বৃহস্পতিবাৰে এখন জাননী যোগে ইউক্ৰেইন ফেৰৎ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে ‘একাডেমিক ম’বিলিটী প্ৰগেম’ৰ অধীনত আধৰুৱা শিক্ষা সমাপ্ত কৰাৰ বাবে কেইবাখনো দেশৰ নামত ঘোষণা কৰিছে যদিও এই তালিকাত নিজ দেশ ভাৰতৰ নাম অন্তৰ্ভুক্ত কৰা নাই৷ অৰ্থাৎ ইউক্ৰেইন ফেৰৎ শিক্ষাৰ্থীসকলে ভাৰতৰ কোনো চিকিৎসা মহাবিদ্যালয়ত আধৰুৱা এম বি বি এছ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিব৷ অৱশ্যে নেশ্বনেল মেডিকেল কমিচনে ইউক্ৰেইনে ফেৰৎ শিক্ষাৰ্থীৰ বাবে ‘একাডেমিক ম’বিলিটী প্ৰগেম’ৰ তালিকাত পোলেণ্ড, ফ্ৰান্স, স্পেইন, গ্ৰীচ, ছুইডেন, তুৰ্কীকে ধৰি ২৯খন ৰাষ্ট্ৰক অনুমোদন জনাইছে যদিও এইলৈ শিক্ষাৰ্থীসকল এতিয়া বিবুধিত পৰিছে৷ কিয়নো যি সময়ত ইউক্ৰেইনে ‘একাডেমিক ম’বিলিটী প্ৰগাম’ৰ বাবে ভাৰতৰ পৰা অনুমোদিত ৰাষ্ট্ৰৰ তালিকা বিচাৰিছিল সেই সময়ত ভাৰতে উক্ত তালিকা নিদিয়াৰ অভিযোগ উঠিছে৷ অৱশ্যে শেহতীয়াকৈ হ’লেও ইউক্ৰেইন ফেৰৎ শিক্ষাৰ্থীসকলক শিক্ষা সমাপ্ত কৰাৰ বাবে একাংশ বিদেশী ৰাষ্ট্ৰ নিৰ্ধাৰণ কৰি দিলেও উক্ত ৰাষ্ট্ৰসমূহৰ চিকিৎসা বিশ্ববিদ্যালয়সমূহৰ সৈতে ইউক্ৰেইনৰ নিৰ্দিষ্ট বিশ্ববিদ্যালয়খনৰ বুজা বুজি চুক্তি আছে নে নাই, সেয়া গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷ অৰ্থাৎ ইউক্ৰেইন ফেৰৎ কোনো শিক্ষাৰ্থীয়ে নতুন এখন ৰাষ্ট্ৰৰ মেডিকেল শিক্ষানুষ্ঠানত পঢ়িব বিচাৰিলেও শিক্ষাৰ্থীজনে ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ আধৰুৱা শিক্ষা লোৱা বিশ্ববিদ্যালয়খনে নতুন ৰাষ্ট্ৰখনৰ নিৰ্দিষ্ট শিক্ষানুষ্ঠানখনৰে বুজাবুজি থাকিলেহে শিক্ষা সম্পূৰ্ণ কৰাৰ অনুমতি লাভ কৰিব৷ তেতিয়াহে সংশ্লিষ্ট ছাত্ৰজনে উক্ত নতুন বিশ্ববিদ্যালয়খনৰ অধীনত আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰিব পাৰিব৷ ইফালে মৃত্যুৰ উপত্যকাৰ পৰা কোনো মতে প্ৰাণ লৈ উভটি অহা শিক্ষাৰ্থীসকলে পুনৰ ইউৰোপৰ কোনো বিদেশী বিশ্ববিদ্যালয়ত শিক্ষা সমাপ্ত কৰিবলৈ সাহস কৰিব তাক লৈও সন্দেহৰ সৃষ্টি হৈছে৷ এইক্ষেত্ৰত ইউক্ৰেইন ফেৰৎ শিক্ষাৰ্থীসকলক ভাৰততে শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ দিব লাগিছিল যদিও কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অনুমতি নিদিয়ে বুলি বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়কো শপতনামাযোগে স্পষ্ট কৰি দিছে৷ স্বাভাৱিকতেই এতিয়া ইউক্ৰেইন ফেৰৎ শিক্ষাৰ্থীৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ শপতনামাৰ সন্দৰ্ভত কাইলৈ উচ্ছতম ন্যায়ালয়ে কিবা ৰায় দিয়াৰ সম্ভাৱনা আছে৷ এই আশাতে বন্দী আছে দেশৰ লগতে অসমৰো প্ৰায় তিনি শতাধিক ইউক্ৰেইন ফেৰৎ শিক্ষাৰ্থী৷