Logo
image

উজনিত ব্যৱসায়ী, ঠিকাদাৰৰ হাতে হাতে আলফাৰ ‘প্ৰেমপত্ৰ’

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ দিল্লীত কেন্দ্ৰীয় চৰকাৰে অসমৰ পাঁচটাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে বৃহস্পতিবাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰে যদিও বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ সৈতে অসম চৰকাৰৰ প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়া ইতিমধ্যে যৱনিকা পৰিল৷ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ সৈতে শান্তি আলোচনাৰ পৰিৱেশ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ সৰ্বকালৰ দক্ষ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰি পৰেশ বৰুৱাই একপক্ষীয় যুদ্ধবিৰতিও ঘোষণা কৰিছিল৷ ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শান্তি আলোচনাৰ স্বাৰ্থত বিদ্ৰোহী সংগঠনটোৰ সৈতে আনুষ্ঠানিক টেলিফোনিক বাৰ্তালাপত মিলিত হোৱাৰ বাবে কেন্দ্ৰৰ অনুমতি বিচাৰি গৃহ মন্ত্ৰণালয়লৈ পত্ৰও প্ৰেৰণ কৰিছিল৷ কিন্তু অৱধাৰিতভাৱেই পৰেশ বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মধুচন্দ্ৰিকা বেছিদিন নিটিকিল৷ সাৰ্বভৌমত্বৰ চৰ্তক লৈ চৰকাৰ-আলফাৰ সৈতে আলোচনাৰ পক্ষপাতি নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়াত অসম আৰক্ষীয়েও আলফাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ ইয়াৰ মাজতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই চোৰাংচোৱাগিৰিৰ বাবে আলফাৰ ম্যানমাৰৰ শিবিৰলৈ প্ৰেৰণ কৰা দুজন যুৱকক বিদ্ৰোহী সংগঠনটোৱে মৃত্যুদণ্ড ঘোষণা কৰি গুলীয়াই হত্যা কৰিলে৷ আনহাতে, ম্যানমাৰৰ শিবিৰৰ পৰা নামি অহা আলফাৰ দলৰ সৈতে তিনিচুকীয়াৰ কাকপথাৰত আলফাৰ সংঘৰ্ষত এজন আলফা সদস্যৰ মৃত্যুও হয়৷ ইয়াৰ পাছতেই বিগত স্বাধীনতা দিৱসৰ দিনটোত আলফাই সৰ্বাত্মক বন্ধ ঘোষণা কৰি অসম চৰকাৰক মুকলি হুংকাৰ দিছিল৷ কিন্তু আলফাৰ ঘোষিত বন্ধ ব্যৰ্থ কৰা বুলি আৰক্ষী-প্ৰশাসনক আনন্দত আত্মহাৰা হৈ পৰাও দেখা গৈছিল৷ অৱশ্যে চৰকাৰৰ এই হৰ্ষ উল্লাস স্থিৰস্থায়ী নহ’লে, অতি সংগোপনে বিদ্ৰোহী সংগঠনে সাংগঠনিক ভেটি মজবুত কৰি অস্ত্ৰশক্তি বৃদ্ধি কৰাৰ বাবে অপাৰেচন ‘প্ৰেম পত্ৰ’ ঘোষণা কৰিছে৷ এক কথাত  আলফা-চৰকাৰৰ শান্তি আন্দোলনা প্ৰক্ৰিয়া বন্ধ হৈ পৰাৰ পাছতেই এতিয়া ৰাজ্যৰ একাংশ লোকৰ হাতে হাতে আলফাৰ ‘প্ৰেমপত্ৰ’ দেখা পোৱা গৈছে৷ সোণালী খামত আলফাৰ শীৰ্ষ নেতা ৰূপম অসমে প্ৰেৰণ কৰা উক্ত ‘প্ৰেমপত্ৰ’ আন একো নহয়, এয়া হৈছে আলফাৰ ধন দাবী পত্ৰ৷ শাসক দলৰে সু-সম্পৰ্ক থকা ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি উজনি অসমৰ লগতে মধ্য অসমৰ একাংশ ব্যৱসায়ী তথা উদ্যোগীৰ লগতে ধনী চাকৰিয়ালক টাৰ্গেট কৰি আলফাই এতিয়া ব্যাপক মাত্ৰাত ধন দাবী পত্ৰ প্ৰেৰণ কৰিছে৷ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, শোণিতপুৰ আদি কেইবাখনো জিলাৰ ঠিকাদাৰ, ব্যৱসায়ী, চৰকাৰী বিষয়া, চাহ বাগানৰ মালিক-মেনেজাৰ, তৈল খণ্ডৰ কৰ্মচাৰীয়ে লাভ কৰিছে আলফাৰ ধন দাবী পত্ৰ৷ আশ্চৰ্যজনকভাৱে প্ৰাক্তন আলফা তথা বৰ্তমানৰ সফল ব্যৱসায়ীয়েও আলফাৰ প্ৰেমপত্ৰৰ পৰা ৰেহাই পোৱা নাই৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰ, কয়লা ব্যৱসায়ী নৈশ ছুপাৰৰ মালিক, নাৰ্চিংহোমৰ স্বত্বাধিকাৰীয়েও লাভ কৰিছে আলফাৰ ধন দাবী পত্ৰ৷ বিদ্ৰোহী সংগঠনটোৱে পত্ৰৰ উপৰি হোৱাট্‌ছএপযোগেও নিৰ্দিষ্ট ব্যক্তিক সময়সীমা বান্ধি দি ধন আদায় দিয়াৰ বাবে ভাবুকিভৰা মেছেজ প্ৰেৰণ কৰিছে৷ যিসকল ব্যৱসায়ীৰ নিজৰ তলতীয়া কৰ্মচাৰীয়েও আজিলৈকে তেওঁৰ ব্যক্তিগত ফোন নম্বৰটো পোৱা নাই যদিও আলফাই কেনেকৈ ব্যৱসায়ীসকলৰ মোবাইল নম্বৰসহ ঠিকনা লাভ কৰিছে তাক লৈ আৰক্ষীয়েও বিবুধিত পৰিছে৷ বিশেষকৈ ম্যানমাৰৰ শিবিৰত তীব্ৰ খাদ্য আৰু অৰ্থ সংকেত দেখা দিয়াৰ পাছতেই আলফাই মিছন ‘প্ৰেমপত্ৰ’ নাম দি ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰাৰ তথ্য লাভ কৰিছে চোৰাংচোৱাই৷ আলফাৰ এই ধন সংগ্ৰহৰ অভিযানক নেতৃত্ব দিছে দুৰ্ধৰ্ষ নেতা ৰূপম অসমে৷ শেহতীয়াকৈ ৰূপম অসমৰ নেতৃত্বত ৬ জনীয়া আলফাৰ এটা দল ম্যানমাৰৰ পাহাৰৰ পৰা নামি আহিছিল যদিও কাকপথাৰত সেনা-আৰক্ষীৰ সংঘৰ্ষত জ্ঞান অসম নামৰ কেডাৰজনৰ মৃত্যু হৈছিল৷ অৱশ্যে সংঘৰ্ষস্থলীৰ পৰা ৰূপম অসমে পলায়ন কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ সেইজন ৰূপম অসমৰ স্বাক্ষৰিত ধনদাবীৰ প্ৰেমপত্ৰ লাভ কৰি শংকিত হৈ পৰিছে বিভিন্নজনে৷ ইয়াৰে একাংশই প্ৰাণৰ ভয়ত গোপনে আলফালৈ নিয়মীয়াকৈ ধন প্ৰেৰণ কৰি অহাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ এনে ব্যক্তি বিশেষক আৰক্ষীয়ে হাৰাশাস্তি কৰা বুলিও জানিব পৰা গৈছে৷ অৱশ্যে ধনদাবীৰ হোৱাট্‌ছএপ বাৰ্তা তথা পত্ৰ লাভ কৰা বহুতেই আৰক্ষীৰ ওচৰ চাপিছে যদিও একাংশই এই বিষয়টো গাপ দি ৰাখিবলৈহে চেষ্টা চলাইছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে ধন দাবী বাৰ্তা লাভ কৰা ব্যৱসায়ী তথা ব্যক্তি বিশেষক আলফাৰ সৈতে বুজাবুজিৰে মীমাংসা কৰি ল’বলৈহে আৰক্ষীয়ে পৰামৰ্শ দিয়া বুলিও অভিযোগ উঠিছে৷ আলফাৰ ধন দাবী পত্ৰ লাভৰ বিপৰীতে আৰক্ষীক দিয়া অভিযোগৰ অধিকাংশ এজাহাৰ পঞ্জীয়ন নকৰাকৈ আৰক্ষীয়ে ৰাখি থোৱা বুলিও নাম প্ৰকাশত অনিচ্ছুক ভুক্তভোগীয়ে ‘আমাৰ অসম’ৰ আগত অভিযোগ কৰিছে৷ আৰক্ষীয়ে কোনো সুৰক্ষা নিদিয়াত আলফাৰ সঘন ভাবুকি লাভ কৰি এইসকল লোকে এতিয়া জীৱনৰ নিৰাপত্তাহীনতাত ভোগা বুলিও প্ৰকাশ কৰিছে৷ অৱশ্যে আৰক্ষীৰ শীৰ্ষ বিষয়াই এয়া আলফাৰ নাম লৈ কোনো দুষ্ট চক্ৰই ধন ঘটাৰ কৌশল বুলি বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰাত সাধাৰণ লোকসকলৰ প্ৰাণৰ প্ৰতি ভাবুকি আহি পৰিছে৷