Logo
image

৬ হাজাৰ কোটি টকীয়া সুৰংগ বনাম ৩ বছৰে আধৰুৱা এখন দলং...

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰৰ পৰা জামুগুৰিহাটলৈকে ছয় হাজাৰ কোটি টকাৰ এটা সুৰংগ নিৰ্মাণৰ সপোন ৰাজহুৱা কৰাৰ এদিন পাছতে ধুবুৰীত এখন দলঙৰ নিৰ্মাণকাৰ্য অতি লেহেমীয়া হোৱাৰ অভিযোগত স্থানীয় লোকে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য, বুধবাৰে কলিয়াবৰত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কলিয়াবৰ চাহ বাগিচাৰ তলেদি জামুগুৰিলৈকে এটা সুৰংগ খন্দাৰ পৰিকল্পনা ৰাজহুৱা কৰিছিল৷ মুখ্যমন্ত্ৰীৰ সপোনৰ এই সুৰংগ নিৰ্মাণত ব্যয় হ’ব প্ৰায় ৬ হাজাৰ কোটিটকা৷ এই সুৰংগটোৰে ৰে’ল, মটৰ গাড়ী আদিও চলাচল কৰিব৷ সামৰিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ হ’ব এই সুৰংগ পথটো৷ এই সুৰংগ পথটোৰে ব্ৰহ্মপুত্ৰৰ ইপাৰ-সিপাৰ হ’ব পৰা যাব৷ এই পৰ্যন্ত দেশৰ ক’তো নদী বা সাগৰৰ তলেদি এনে সুৰংগ নিৰ্মাণ হোৱা নাই৷ কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পটো নিৰ্মাণৰ পৰিকল্পনা প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ কৰিছে৷ এই সুৰংগ নিৰ্মাণ এটা সপোনহে বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে নিজৰ এই অভিলাসী সপোনৰ কথা ৰাজ্যবাসীক অৱগত কৰাৰ কিছু ঘণ্টা পাছতে বৃহস্পতিবাৰে এখন দলঙৰ নিৰ্মাণকাৰ্যক কেন্দ্ৰ কৰি ধুবুৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়৷ ফুলকাটাৰী-টিপকাই নৈৰ ওপৰত নিৰ্মীয়মান অৱস্থাত থকা দলংখনৰ নিৰ্মাণকাৰ্য দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ আজি স্থানীয় ৰাইজে দাবী জনাই ৰাজপথ উত্তাল কৰি তোলে৷ উল্লেখ্য, দলংখনৰ নিৰ্মাণকাৰ্য সম্প্ৰতি বন্ধ হৈ আছে৷ তিনি বছৰ পূৰ্বে আৰম্ভ হৈছিল ইয়াৰ নিৰ্মাণকাৰ্য৷ এই গুৰুত্বপূৰ্ণ দলংখন গৌৰীপুৰ আৰু দক্ষিণ শালমাৰা সমষ্টিক সংযোগ কৰি নিৰ্মাণ কৰি থকা হৈছে৷ দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে দুয়োটা সমষ্টিৰ বৃহৎসংখ্যক চৰ আৰু গাঁওবাসী উপকৃত হ’ব৷ যাতায়াতৰ দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ এই দলংখনৰ অধিকাংশ খুটাৰে নিৰ্মাণকাৰ্য এইপৰ্যন্ত বাকী আছে৷ যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত অভাৱনীয় দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছে স্থানীয় লোক৷ দুটা গুৰুত্বপূৰ্ণ সমষ্টিক সংযোগ কৰি নিৰ্মাণ হৈ থকা দলং এখনৰ নিৰ্মাণকাৰ্য বছৰৰ পাছত বছৰ ধৰি বন্ধ হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ নিৰ্মাণৰ সপোন দেখা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

দলং নিৰ্মাণক লৈ ধুবুৰীত উত্তাল প্ৰতিবাদ

সদৌ অসম নিৰ্মাণ শ্ৰমিক উইনিয়নৰ জৰুৱা বন্দীহানা আঞ্চলিক সমিতি আৰু যুৱ-ছাত্ৰ সংগ্ৰাম সমিতিৰ উদ্যোগত পাঁচদফীয়া এক দাৱী ৰূপায়ণৰ বাবে আজি ধুবুৰীত এক উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়িত হয়৷ ফুলকাটাৰী টিপকাই নৈৰ ওপৰত নিৰ্মাণ বন্ধ হৈ থকা থকা দলংখনৰ নিৰ্মাণকাৰ্য্য দ্ৰুত গতিত সম্পন্ন কৰাৰ সমান্তৰালকৈ দলংখনৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ নোহোৱালৈকে বিনামূলীয়াকৈ পাৰাপাৰৰ ব্যৱস্থা কৰা, পাৰঘাটৰ নামত চিণ্ডিকেটৰাজ বন্ধ কৰা, বন্দীহানা আৰক্ষী চকী পূৰ্ণ থানালৈ ৰূপান্তৰিত কৰাৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ সৈতে সংযোগ কৰা, দলংখনৰ পৰা জিলাখনৰ বিলাসীপাৰা সংযোগী পথ নিৰ্মাণ কৰা আৰু ডিমাতলা বজাৰৰ পৰা শিমূলতলা বজাৰলৈ পথ নিৰ্মাণ কৰা– এই পাঁচটা দাবীৰ সমৰ্থনত সংগঠন দুটাৰ উদ্যোগত আজি সাব্যস্ত কৰা হয় প্ৰতিবাদ৷ প্ৰতিবাদীসকলে হাতে হাতে প্লেকাৰ্ড লৈ ধুবুৰীত এক বিশাল সমদল উলিয়ায় আৰু ৰাজপথ উত্তাল কৰি স্থানীয় জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ ৰাওনা হয়৷ অৱশ্যে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা নতি দুৰত থকা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ সমীপৰ ৰাজপথত আৰক্ষীয়ে প্ৰতিবাদী সমদলটোক আগভেটি ধৰে৷ প্ৰতিবাদকাৰীসকলে সেই স্থানতে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে পাঁচ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদানেৰে আজিৰ সেই প্ৰতিবাদ কাৰ্য্যসূচীৰ সমাপ্ত ঘটে৷