Logo
image

দিনত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ৰাতি ফোন কৰি থাকে জনগোষ্ঠীয় নেতাই

অখিল গগৈৰ বিস্ফোৰণ

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ ‘বিজেপি তথা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই আছে ছয় জনগোষ্ঠীয় নেতা৷ দিনত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ৰাতি ফোন কৰি থাকে ছয় জনগোষ্ঠীয় নেতাই৷’ –এই বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ৷ বৃহস্পতিবাৰে চানমাৰিৰ নিজৰাপাৰস্থিত বাসগৃহত এক সংবাদমেল সম্বোধন কৰি গগৈয়ে কয়–‘ছয় জনগোষ্ঠীৰ একাংশ নেতাৰ বিজেপিৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই জনজাতিকৰণ নহ’ল৷ এফালে হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপন বুজাবুজি আৰু আনফালে আন্দোলনৰ নাটক, এয়াই জনগোষ্ঠী নেতাৰ চৰিত্ৰ৷ ইয়াৰ জৰিয়তে ছয় জনগোষ্ঠীয়ে কেতিয়াও জনজাতিকৰণ লাভ কৰাটো সম্ভৱপৰ নহয়৷ আন্দোলনৰ ঠিকা লৈ তেওঁলোকে চৰকাৰ লগত বুজাবুজি কৰি থকাৰ বাবেই আজি জনজাতিকৰণ হোৱা নাই৷ বাহিৰত সৰু এটা আন্দোলন কৰি ভিতৰত গৈ চৰকাৰৰ লগত বুজাবুজি কৰি থাকিলে কেতিয়াও জনজাতিকৰণ সম্পূৰ্ণ নহয়৷ এই মুহূৰ্তত মই ছয়জনগোষ্ঠীৰ নেতৃবৰ্গৰ প্ৰতি আহ্বান জনাও যে যিসকল নেতৃত্বই বিজেপি আৰু আৰ এছ এছৰ লগত গোপন বুজাবুজি কৰি আছে বা মুকলি বুজাবুজিত আছে, সেই নেতৃত্বই অতি সোনকালে গোপন বুজাবুজিৰ পৰা আঁতৰি আহিব লাগে৷ ছয় জনগোষ্ঠীৰ নেতৃত্বই আজিকালি অসমত আন্দোলন নকৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাই বেয়া পাব৷ আন্দোলন ক’ৰবাত কৰে যদিও সৰুকৈ কৰে৷ ১০-১২ জন মানুহে সৰু জুমুঠি এটা জ্বলাই দিয়ে৷ ডাঙৰ আন্দোলন নকৰে৷ দিল্লীত গৈ আজিকালি আন্দোলন কৰে৷ পঞ্চাশজন, এশজন, দুশজন মানুহে গৈ দিল্লীত যন্তৰ-মন্তৰত আন্দোলন কৰে৷ দিল্লীৰ যন্তৰ-মন্তৰত এশজন বা দুশজন মানুহে আন্দোলন কৰিলে কোনোবাই চাবলৈ আহে নেকি৷ চৰকাৰৰ ওপৰত কিবা প্ৰভাৱ পৰে নেকি৷ অৰ্থাৎ আন্দোলনৰ ঠিকা লৈ তেওঁলোকে চৰকাৰৰ লগত বুজাবুজি কৰি থকাৰ বাবে আজি জনজাতিকৰণ হোৱা নাই৷ আন্দোলনকাৰী নেতৃবৃন্দৰ লগত বিজেপি আৰু বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মাৰ যি গোপন বুজাবুজি আছে, ইয়াৰ পৰা আঁতৰি আহিবই লাগিব৷ নহ’লে জনজাতিকৰণ অসম্ভৱ৷ জনজাতিকৰণ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেট কমিটীৰ কোনো প্ৰয়োজন নাই৷ আমি ছয় জনগোষ্ঠীৰ সকলো ৰাইজক, জনতাক আহ্বান জনাইছো যে সঁচাকৈ যদি জনজাতিকৰণ লাগে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব৷ ‘কা’ৰ বিৰুদ্ধে অসমৰ মানুহে যেনেকুৱা আন্দোলন গঢ়ি তুলিছিল, তেনে ধৰণৰ আন্দোলন লাগিব৷ কিন্তু হিংসাত্মক কথাবিলাক এই আন্দোলনৰ পৰা মাইনাছ কৰিব লাগিব৷ অৰ্থাৎ জনতা সম্পূৰ্ণৰূপে ৰাজপথলৈ ওলাই আহিব লাগিব৷ চৰকাৰক বাধ্য কৰিব লাগিব, যাতে জনজাতিকৰণৰ সিদ্ধান্তটো চৰকাৰে ল’বলৈ বাধ্য হয়৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য মিছা আৰু ভুৱা আছিল৷ ২০১৮ চনতেই লোকসভা আৰু ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে একেদিনাই জনজাতিকৰণ কৰিব পাৰে৷ বিধেয়কখন কেবিনেটত উত্থাপন হোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰণা কৰি আছে৷ চৰকাৰে জনগোষ্ঠীসমূহক ভাগ ভাগ কৰিছে৷ ইফালে লক্ষীমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিৰ উচ্ছ পৰ্যায়ৰ দাবী জনাই অখিল গগৈয়ে কয় যে কেইবাটাও নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰিৰ হোৱাৰ অভিযোগ চাৰিওফালৰ পৰা উত্থাপিত হৈছে৷ এই অভিযোগ সমূহেই কেলেংকাৰিৰ ঘটনাৰ সত্যতা প্ৰমাণ কৰে৷ বিজেপি দলৰ সভাপতি ভবেশ কলিতাৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামত উৎকোচ বিচৰাৰ অভিযোগ উঠিছে৷ বিজেপি দলৰ যদি লাজ আছে তেনেহ’লে ভবেশ কলিতাক বহিষ্কাৰ কৰি উচ্ছ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক৷ এতিয়া অভিযোগ কৰিলেই অভিযোগকাৰীক চৰকাৰে গ্ৰেপ্তাৰ কৰে৷ শিক্ষক ভিক্টৰ দাসক শীঘ্ৰেই মুকলি কৰি দিবলৈ দাবী জনাইছো৷ বিধানসভাত জনজাতিকৰণ সন্দৰ্ভত আলোচনা হ’ব লাগে৷ লক্ষীমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গাপ দিব বিচাৰিছে৷ মন্ত্ৰী ডাঃ ৰণোজ পেগুক তদন্তৰ আওতালৈ আনিব লাগে৷ এইদৰে কয় অখিল গগৈয়ে৷ ইপিনে ৰূপজ্যোতি কুৰ্মীয়ে নিলাজ বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া কৰি অখিল গগৈয়ে কয় যে ছাগলীয়ে নাখায় কি ৰূপজ্যোতিয়ে নকয় কি৷ প্ৰকৃতাৰ্থত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া দিয়াটো প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰে অখিল গগৈয়ে৷ লক্ষণীয় যে ছয় জনগোষ্ঠীৰ নেতৃত্ব বিজেপিৰ পকেটত সোমোৱা বুলি অখিল গগৈয়ে অনা মহাভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আক্ৰাছুৰ যুটীয়া সম্পাদক মিলন বৰগোহায়ে কয় যে অখিল গগৈ ডাঙৰীয়াই যিকোনো কথা কৈ আমাক জকাই ল’ব নালাগে৷ আহোম জনগোষ্ঠীৰ জনজাতিকৰণক লৈ তেওঁ বিধানসভাত কিমান সৰৱ সেয়া ৰাইজে দেখিছে৷ 

বিজেপি চৰকাৰৰ আমোলত দিনে-নিশাই চাকৰিৰ বজাৰঃ কৃষক মুক্তি

“না খাউংগা না খানে দুংগা শ্লোগানেৰে পূবৰ্ৰ চৰকাৰসমূহৰ দুৰ্নীতিক আঙুলিয়াই ভ্ৰষ্টাচাৰ শেষ কৰাৰ প্ৰতিশ্ৰুতিৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক কাষত লৈ ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত শাসনৰ গাদীত বহিছিল বিজেপি চৰকাৰ৷ ২০১৬ চনত অসমৰ মুখ্যমন্ত্ৰী হৈছিল জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল৷ তাৰ পৰৱৰ্তী সময়ত নিশাটোৰ ভিতৰতে ৰূপ সলাই পূবৰ্ৰ চৰকাৰৰ দীঘলীয়া ১৫ বছৰীয়া শাসনত প্ৰতিখন ৰাজ্য তথা দেশ কপোৱা আমাৰ কেলেংকাৰীৰ নায়ক হিমন্ত বিশ্ব শৰ্মা ৰত্নাকৰৰ পৰা বাল্মিকী হৈ বিজেপিত যোগদান কৰিছিল আৰু স্বচ্চতাৰ বাণী, সুশাসন, দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখুৱাই মুখ্যমন্ত্ৰীৰ আসনত বহিছিল হিমন্ত বিশ্ব শৰ্মাই”৷ আজি গান্ধীবস্তিৰ মুখ্য কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে সম্বোধন কৰা এখন সংবাদ মেলত এইদৰে মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদু্যৎ শইকীয়াই৷ সংবাদ মেলখনত চৰকাৰক কঠোৰ সমালোচনা কৰি সংগঠনটোৰ নেতৃত্বই কয় যে নিজৰ তথাকথিত সক্ৰিয়তা, কঠোৰ নীতি-নিয়ম আৰু জনপ্ৰিয়তাৰ এক ভাৱমূৰ্তিৰে অসমৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ ষ্ট্ৰোৰে মুখ্যমন্ত্ৰীৰ আসনত বহা দিনটোৰে পৰা কৰি অহা কেতবোৰ জনবিৰোধী, জাতিবিৰোধী, ভাষা আৰু মাধ্যম বিৰোধী কাম আৰু অসামাজিক কাৰ্য কলাপ প্ৰতিৰোধৰ নামত এনকাউণ্টাৰ আদিয়ে অসমৰ সচেতন, গণতান্ত্ৰিক আৰু প্ৰতিগৰাকী জাতিপ্ৰেমিকৰ মনত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি বিৰূপ মনোভাৱ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে৷ তেনে সময়তে কথাই প্ৰতি স্বচ্চতা আৰু নিযুক্তিৰ নামত তামোল এখনো নিবনুৱাৰ পৰা নোলোৱাৰ কথা কৈ নিজৰ বাকচাতুৰ্যতাৰে অসমৰ লাখ লাখনিবনুৱাক সপোন দেখুৱাই শেহতীয়াকৈ তেওঁৰ কাৰ্যকালত অনুষ্ঠিত হোৱা এটাৰ পিছত আনটো নিযুক্তি কেলেংকাৰীৰ অভিযোগ, তথ্য প্ৰমাণ ক্ৰমাৎ ৰাজহুৱা হ’বলৈ আৰম্ভ কৰিছে৷ সামাজিক মাধ্যমযোগে এনে ভয়ংকৰ বৃহৎ দুৰ্নীতিৰ তথ্য ভুক্তভোগী, প্ৰত্যক্ষদশ¹ৰ জৰিয়তে উদঘাটন হোৱা দেখি জোলোঙাৰ মেকুৰী ওলোৱাৰ ভয়ত নজিৰবিহীন ইতিহাস সৃষ্টি কৰি অভিযোগকাৰীকে গ্ৰেপ্তাৰ কৰাৰ দৰে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছে৷ ইয়াৰ জৰিয়তে কেলেংকাৰীত স্পষ্ট ৰূপত  প্ৰাক্তন বিধায়ক ৰাজনৈতিক নেতা জড়িত থকাৰ গুৰুতৰ অভিযোগ, আনকি শাসকীয় দলটোৰ ৰাজি্যক সভাপতিজনৰ নামো জড়িত হৈ পৰাত সমগ্ৰ কেলেংকাৰী গাপ দিবলৈ অপচেষ্টা কৰিছে৷ কিয়নো এখন গণতান্ত্ৰিক দেশত যিকোনো ধৰণৰ দুনীৰ্তি-অনিয়মৰ বিৰুদ্ধে মাত মতাটো প্ৰতিগৰাকী নাগৰিকৰে মৌলিক অধিকাৰ আৰু দায়িত্ব৷ কিন্তু দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ জনসাধাৰণৰ সহযোগিতা বিচাৰি সভাই-সমিতিয়ে চিঞৰি চিঞৰি ভাষণ দিয়া মুখ্যমন্ত্ৰী তথা চৰকাৰৰ মন্ত্ৰী বিধায়কে এতিয়া তথাকথিত ভাৱমূৰ্তি বিনষ্ট হোৱাৰ ভয়ত লাখ লাখ নিবনুৱাৰ জীৱনৰ লগত জড়িত এই ভয়াৱহ নিযুক্তি কেলেংকাৰীকো গাপ দিবলৈ উঠি পৰি লাগিছে৷ শেহতীয়াকৈ ২৬ হাজাৰ নিযুক্তিক লৈ অভিযোগকাৰী ভিক্টৰ দাসক গ্ৰেপ্তাৰ, বিজেপিৰ ৰাজি্যক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে চাকৰিৰ নামত ঘোচ বিচৰাৰ অভিযোগ তোলা নিজ সমষ্টিৰ যুৱতী জয়া কলিতাৰ বিৰুদ্ধে সভাপতিগৰাকীৰ গোচৰ, ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্তকে ধৰি আন কেইবাজনকো আৰক্ষীৰ দ্বাৰা জেৰা আৰু সীমান্ত কলিতা, জ্যোতি ডেকাৰ সামাজিক মাধ্যমৰ নিযুক্তি পৰীক্ষাৰ অ’এমআৰ শ্বীটকলৈ মুকলি অভিযোগ ৰঙিয়াৰ ৰূপম দাস, নগেন ডেকাৰ নিযুক্তি কেলেংকাৰীৰ খবৰক লৈ চৰকাৰখনে কোনো ধৰণৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত নকৰাৰ ঘটনাই চাকৰি প্ৰত্যাশী লাখ লাখ নিবনুৱাৰ মনত নিৰাশা আৰু ক্ষোভৰ সূত্ৰপাত ঘটিছে৷ এই সকলো অভিযোগৰ উদ্ধৰ্ত অভিযোগকাৰী আৰু অসমৰ সচেতন ৰাইজৰ সন্দেহক বাস্তৱ ৰূপ দিলে যোৱা কালি ৰূপহীহাটৰ যুৱক আমিনুল হকৰ তথ্য সম্বলিত সামাজিক মাধ্যমৰ পোষ্টটোৱে৷ ইতিমধ্যে অসমবাসী ৰাইজ জ্ঞাত যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ১৮৮ টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাত  কেনেকৈ অ’এমআৰ শ্বীটত একো নিলিখাকৈ জমা দিব বিচাৰিছিল অমৃত নামৰ এগৰাকী বহিঃৰাজ্যৰ হিন্দীভাষী প্ৰাৰ্থীয়ে আৰু সেই বিষয়ে পৰীক্ষা কেন্দ্ৰটোতে হুলস্থূলীয়া পৰিৱেশ সেই দিনটোতে ঘটনাৰ বিৱৰি আমিনুল হকৰ ফেচবুক পোষ্ট আৰু শেহতীয়াকৈ ১৩ ছেপ্তেম্বৰত ঘোষিত ফলাফলত সেই হিন্দীভাষী যুৱকজনে উত্তীৰ্ণ হোৱাৰ ফলাফলৰ সৈতে আমিনুল হকে দিয়া ফেচবুক পোষ্টে সমগ্ৰ  ৰাজ্যতে নিযুক্তি প্ৰক্ৰিয়াত হোৱা কেলেংকাৰীৰ বিষয়টো স্পষ্টকৈ পৰিস্ফুত কৰি তুলিলে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন হোৱা ৰাজি্যক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই পৰ্যন্ত পদবী খামুচি থকা কাৰ্যক গৰিহণা জনাইছো আৰু নিৰপেক্ষ তদন্তৰ খাটিৰত বিজেপি দলক সভাপতিগৰাকীক বহিষ্কাৰৰ দাবী জনাইছো আৰু সমগ্ৰ নিযুক্তি কেলেংকাৰীৰ ঘটনাৰ উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত বিশেষ তদন্তকাৰী কোষৰ দ্বাৰা ন্যায়িক তদন্তৰ দাবী জনাইছে৷ এই সমগ্ৰ নিযুক্তি কেলেংকাৰী ঘটনাৰ তদন্তৰ দাবীত অহা কালিলৈৰ পৰা ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব৷