Logo
image

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ শনিবাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা৷ বিশ্বকৰ্মা পূজা উদ্‌যাপনৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাক লৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত ব্যাপক ব্যস্ততা আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ইতিমধ্যে বিশ্বকৰ্মাৰ প্ৰতিমা স্থাপন কৰা হৈছে বহু ব্যক্তিগত আৰু ৰাজহুৱা পূজা মণ্ডপত৷ বতৰ ফৰকাল হোৱা হেতু পূজাৰ বাবে ৰাইজৰ উছাহ দুগুণ বৃদ্ধি পাইছে৷ সামাজিকভাৱেই হওক বা ব্যক্তিগতভাৱেই হওক পূজা আয়োজক কমিটীৰ নেতৃত্বক আৰু ভক্তপ্ৰাণ ৰাইজক শুকুৰবাৰে বিশ্বকৰ্মাৰ প্ৰতিমা ক্ৰয় কৰা আৰু পূজাৰ বজাৰ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হয়৷ ইপিনে খনিকৰসকলেও এইবাৰ পূৰ্বতকৈ অধিক মূৰ্তি বিক্ৰী আৰু অধিক মূল্য পাই লাভৱান হোৱাত কাৰ্যতঃ আনন্দিত হৈছে৷ এফালে বজাৰত সামগ্ৰীৰ জুই-ছাই দাম আৰু তাৰ মাজতে পূজাক লৈ আনন্দৰ বন্যা৷ অৱশ্যে এইবাৰ পূজাৰ বাবে বজাৰত পূৰ্বতকৈ কম দামত উপলব্ধ হৈছে ড্ৰাই বা প্লাষ্টিক ফুল৷ থলুৱা ফুল ক্ৰয় কৰি বজাৰত অধিক মূল্য ভৰাৰ সলনি বেছিসংখ্যকেই কৃত্ৰিম ফুল ক্ৰয় কৰাৰ বাবে বজাৰলৈ ঢাপলি মেলিছে৷ গুৱাহাটী, নগাঁও, শোণিতপুৰ, নলবাৰী, তিনিচুকীয়া, বৰপেটা, বঙাইগাঁও, মৰিগাঁও, গোৱালপাৰা, ধুবুৰী, বাগ্‌সা, কোক্‌ৰাঝাৰ, চিৰাং, ওদালগুৰি, কামৰূপ, কাৰ্বি আংলং, বৰাক উপত্যকা আদিত শুকুৰবাৰৰ দিনটোত ভক্তপ্ৰাণ ৰাইজে পূজাৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে উঠি-পৰি লগা পৰিলক্ষিত হৈছে৷ আনহাতে অত্যধিক মূল্যৰ বাবে পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ বহুলোকে বিমোৰত পৰাৰ কথাও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ পূজাৰ বাবে আয়োজক কমিটীসকলে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই৷ ৰং-বিৰঙেৰে সজাই তোলা হৈছে পূজা মণ্ডপসমূহ৷ মণ্ডপে মণ্ডপে বাজি উঠিছে ভক্তিমূলক গীত৷