Logo
image

ৰাজ্যবাসীক ইলেক্‌ট্ৰিক শ্বক্‌

ভুল ৰিডিঙৰ বাবেই অতিৰিক্ত বিল, স্মাৰ্ট মিটাৰ মেৰামতিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাইঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যৰ  জনতাই এতিয়া অস্বাভাৱিক বিদ্যুত বিল পৰিশোধ কৰি কোঙা হৈ পৰিবলগীয়া হৈছে৷ স্মাৰ্ট মিটাৰৰ সংযোগ কৰাৰ পাছতেই উপভোক্তৰ ঘৰে ঘৰে এপিডিচিএলে ২-৩ গুণ অধিক বিদ্যুৎ বিল দাখিল কৰাত ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰতিজন  বিদ্যুৎ উপভোক্তাৰে এতিয়া এটাই অভিযোগ বিগত এমাহ-দুমাহ ধৰি অস্বাভাৱিক বিদ্যুতৰ বিল লাভ কৰিছে৷ কোনো গ্ৰাহকে পূৰ্বে মাহত ২০০-৩০০ টকা বিল পৰিশোধ কৰিছিল যদিও এতিয়া আহিছে ৯০০-১,০০০ টকাৰ বিদ্যুৎ বিল ৷ আনহাতে মাহে ১,৪০০-১,৫০০ টকাৰ বিদ্যুৎ খৰচ কৰা উপভোক্তাই ঘৰত একেখিনি ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছতো এতিয়া ২,৫০০-২,৮০০টকা বিদ্যুৎ বিল আহিব ধৰিছে৷ ভুক্তভোগী গ্ৰাহকসকলে এপিডিএচিলৰ কাৰ্যালয়ত হাজিৰ হৈ ৰিডিং ভুল হোৱা তথা স্মাৰ্ট মিটাৰ বিজুতি ঘটাৰ অভিযোগ কৰিছে যদিও উপভোক্তাৰ অভিযোগ মানি ল’বলৈ অস্বীকাৰ কৰিছে শক্তি বিভাগে৷ কাজেই এতিয়া বিবুধিত পৰিছে জনসাধাৰণ৷ অৱশ্যে অস্বাভাৱিক বিদ্যুৎ বিলৰ প্ৰসংগই এতিয়াই বিধানসভাৰ মজিয়াত পাইছেগৈ৷ ইফালে অত্যাধিক বিদ্যুৎ বিলক লৈ ৰাইজ ক্ষুব্ধ হৈ পৰাত শক্তি বিভাগক জাননী যোগে স্পষ্টীকৰণ দিয়া দেখা গৈছে৷ জাননীত শক্তি বিভাগে উল্লেখ্য কৰিছে যে –স্মাৰ্টমিটাৰ সংযোগৰ ফলত বিদু্যতৰ মাচুল বৃদ্ধি হোৱা নাই৷ স্মাৰ্ট মিটাৰ হৈছে মিটাৰৰ ৰিডিং স্বয়ংক্ৰিয়ভাৱে সংগ্ৰহ কৰা দুমুখীয়া যোগাযোগ ক্ষমতা থকা এটি ইলেক্ট্ৰনিক মিটাৰ৷ বিদ্যুতৰ জোখমাখৰ ক্ষেত্ৰত পুৰণি ষ্টেটিক ইলেক্ট্ৰনিক মিটাৰ আৰু নতুন স্মাৰ্ট মিটাৰৰ মাজত কোনো পাৰ্থক্য নাই৷ বিগত কিছুদিন ধৰি বিদ্যুৎ মাচুল বৃদ্ধি পোৱাৰ কাৰণ এইটো হ’ব পাৰে বিগত জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছিল৷ প্ৰতিবছৰে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত সমগ্ৰ ৰাজ্যতে প্ৰচণ্ড গৰমৰ বাবে সকলো ঘৰুৱা গ্ৰাহকৰ বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পায়৷ লগতে জাননী খনত কোৱা হৈছে যে, স্মাৰ্ট মিটাৰৰ ফলত এপিডিচিএলৰ সংশ্লিষ্ট অঞ্চলসমূহত বাণিজ্যিক লোকচান ভালেখিনি হ্ৰাস পাইছে৷ লক্ষণীয় বিষয়টো হৈছে  এপিডিচিএলে ২০২০ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অসমৰ বিভিন্ন এলেকাত স্মাৰ্ট মিটাৰ সংস্থাপন কৰি আহিছে৷ তদুপৰি ২০২৫বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত সকলো গ্ৰাহকক পৰ্যায়ক্ৰমে প্ৰি-পেইড মোডত স্মাৰ্ট মিটাৰৰ সৈতে বিদ্যুৎ যোগান ধৰিব বুলিও   শক্তি মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে৷ অৱশ্যে, ২-৩ গুণ অধিক বিদ্যুতৰ বিল উপভোক্তাই লাভ কৰাৰ অভিযোগ জ্ঞাত  নহয় বুলি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই প্ৰকাশ কৰিলেও  মন্ত্ৰী পীয়ূষ হাজৰিকাই বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ বাবেহে  উপভোক্তাই এনে বিল লাভ কৰা বুলি প্ৰকাশ কৰে৷ শুকুৰবাৰে বিধানসভাৰ চৌহদত মন্ত্ৰী পীয়ূষ হাজৰিকা এই সন্দৰ্ভত কয় যে–বৰ্তমান বিদু্যৎ মাচুলৰ হাৰ ৫ শতাংশ বৃদ্ধি পাইছে৷ গেছ-তেল আদিৰ দাম বৃদ্ধি পোৱা বাবেহে এই বৃদ্ধি হৈছে৷ দুই-তিনি মাহ পাছত এই হাৰ কম হৈ যাব৷ মাচুল বৃদ্ধিৰ আন কাৰণ সন্দৰ্ভত তেওঁ কয় যে– জুলাই মাহতকৈ আগষ্ট মাহত গৰম বহু বেছি হোৱাত বিদু্যতৰ ব্যৱহাৰ বৃদ্ধি পাইছে আৰু ফলত মাচুল বেছি হৈছে৷ আনহাতে, নতুনকৈ লগোৱা কিছুমান স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বাবে মাচুল বৃদ্ধি পাইছে বুলিও মন্ত্ৰী হাজৰিকাই জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত এ পি ডি চি এলে সকলো কথা ৰাজহুৱা কৰিব  বুলি তেওঁ সদৰী কৰে৷ অৱশ্যে ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ পাছতেই মন্ত্ৰী পীয়ূষ হাজৰিকাই সুৰ সলনি কৰি বিদ্যুৎ মাচুল বৃদ্ধি পোৱাৰ বাবে  এনে বিল লাভ কৰা বুলি কোৱা ব্যক্তব্যৰ বিপৰীত স্থিতিহে গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিদ্যুৎ মাছুল বৃদ্ধি হোৱাৰ কথা অস্বীকাৰ কৰি এটা টুইটত মুখ্যমন্ত্ৰী শৰ্মাই কয়– বিদ্যুৎ মাচুল বৃদ্ধিৰ গাফিলতি দূৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে– বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাই৷ নতুনকৈ সংযোজিত স্মাৰ্ট মিটাৰতহে ধৰা পৰিছে গাফিলতি৷ উল্লেখ্য স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বাবেই বিদু্যৎ বিল বৃদ্ধি পোৱা বুলি একাংশ লোকে সন্দেহ কৰিছিল যদিও শক্তি বিভাগ তথা এ পি ডি চি এলে নতুন স্মাৰ্ট মিটাৰৰ বাবে এনে হোৱা নাই বুলি স্পষ্টিকৰণ দিছিল৷ কিন্তু মুখ্যমন্ত্ৰী শৰ্মাই  স্মাৰ্ট মিটাৰৰ গাফিলতি ধৰা পৰিছে বুলি প্ৰকাশ কৰাত এতিয়া শক্তি বিভাগ তথা এ পি ডি চি এলৰ উপভোক্তাক লৈ কিমান দায়িত্বহীন সেই কথাকেই প্ৰমাণ কৰিলে৷ ইয়াৰ মাজতে শুকুৰবাৰে অসম বিধানসভাত শক্তি বিভাগে বিদ্যুৎ ৰাজহৰ তথ্য ৰাজহুৱা কৰে৷  এই তথ্য অনুসৰি পূৰ্বে লোকচানৰ সন্মুখীন হোৱা এ পি ডি চি এলে এতিয়া লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে৷ শক্তি বিভাগে প্ৰকাশ কৰা অনুসৰি অসমত দৈনিক সৰ্বোচ্ছ ২৪০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয়৷ ইয়াৰ বিপৰীতে অসমৰ দৈনিক গড় বিদ্যুৎ উৎপাদন হয় মাত্ৰ ৩৫০ মেগাৱাট৷ যাৰ বাবে অসমে দৈনিক চাহিদাৰ ২০০০ মেগাৱাট বিদ্যুৎ বাহিৰৰ পৰা ক্ৰয় কৰে৷   তথ্য অনুসৰি ২০১৬-১৭ত অসমে বাহিৰৰ পৰা প্ৰতি ইউনিট বিদ্যুৎ ৪.০৫ টকাত ক্ৰয় কৰিছিল যদিও এতিয়া প্ৰতি ইউনিট বিদ্যুৎ ৫.১৩ টকাত ক্ৰয় কৰিছে৷ ২০১৬ চনত এ পি ডি চি এলে ৩৩৯৮.০৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল৷ ২০২০ চনত এই লোকচানৰ পৰিমাণ বৃদ্ধি পায় ২৯, ২৪২.১৭ কোটি টকালৈ৷ অতি তাৎপৰ্যপূৰ্ণভাৱে চলিত বৰ্ষত এ পি ডি চি এলে ৩৩, ৬৩৫.১৯ কোটি টকা লাভৰ মুখ দেখা পাইছে৷ স্বাভাৱিকতেই এতিয়া শক্তিবিভাগৰ এনে লাভ বৃদ্ধিৰ আঁৰত বিদ্যুতৰ অস্বাভাৱিক বিল দাখিল কৰাৰ  কৌশল গ্ৰহণ কৰিছে নেকি তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷

বিজুলী ভৱনত আম আদমি পাৰ্টীৰ বিক্ষোভ

অত্যধিক মূল্যবৃদ্ধি আৰু কৰৰ বোজা জাপি দিয়াৰ পিছত এইবাৰ অতি সংগোপনে জনসাধাৰণৰ বিদু্যৎ মাচুল দুগুণতকৈ অধিক বৃদ্ধি কৰি জনতাৰ মূৰত ৰামটাঙোন সোধাইছে হিমন্ত বিশ্ব চৰকাৰে– এই অভিযোগেৰে ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি হোৱা বিদু্যৎ মাচুল নিয়ন্ত্ৰণৰ দাবীত আজি আম আদমি পাৰ্টীৰ শতাধিক সদস্যই বিজুলী ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী আপৰ সদস্যসকলে পল্টনবজাৰস্থিত বিজুলী ভৱনৰ চৌহদত প্ৰৱেশ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, বিদু্যৎ মাচুল হ্ৰাস কৰক, শক্তি বিভাগ মূৰ্দাবাদ আদি শ্লোগানেৰে বিজুলী ভৱনৰ চৌহদ উত্তাল কৰি তোলে আপে৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া কৰৰ সম্ৰাট৷ চৰকাৰ চলাবলৈ পুঁজি নাই৷ দেউলীয়া চৰকাৰ৷ কৰৰ বোজা জাপি দি চৰকাৰ চলাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে৷ কৰৰ টকাৰে হেলিকপ্টাৰ লৈ ঘূৰে মুখ্যমন্ত্ৰীয়ে৷ কোটি টকা খৰচ কৰি কেবিনেট পাতে৷ দেউলীয়া চৰকাৰে ব্ৰহ্মপুত্ৰৰ তলেৰে কলিয়াবৰৰ পৰা জামুগুৰিলৈ সুৰংগ বনাব বুলি কৈছে৷ জনতাৰ অৱস্থা নাই, আৰ্থিক অনাতন৷ জনতাৰ পৰা কৰ লৈ সুৰংগ বনাব নেকি বুলি কটাক্ষ কৰে আপৰ নেতা জিতুল ডেকাই৷ প্ৰতিবাদৰ সময়ত আপৰ নেতা-কৰ্মী আৰু আৰক্ষীৰ মাজত ঠেলা-ঠেলিৰ সৃষ্টি হয়৷ নিৰাপত্তাৰক্ষীয়ে চৌহদৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰিবলৈ বৃথা চেষ্টা কৰে যদিও আন্দোলনকাৰীসকলৰ অগ্ৰগতিত বাধা দিব নোৱাৰিলে৷ উল্লেখ্য যে দিল্লীৰ আপ চৰকাৰে ২০০ ইউনিটলৈ আৰু পঞ্জাব চৰকাৰে ৩০০ ইউনিট পৰ্যন্ত বিদ্যুৎ মাচুল ৰেহাই দিছে৷ কিন্তু অসমত বছৰেকত দুই-তিনিবাৰ পৰ্যন্ত বিদ্যুৎ মাচুল চৰকাৰে বৃদ্ধি কৰিছে৷ তিলমানো বিদ্যুৎ উৎপাদন নকৰা দিল্লীয়ে যদি জনতাক বিজুলী মাচুল ৰেহাই দিব পাৰে, অসমে কিয় নোৱাৰিব বুলি আপে অসম চৰকাৰক প্ৰশ্ন কৰে৷

এপিডিচিএলক তৃণমূল কংগ্ৰেছৰ স্মাৰক-পত্ৰ

শেহতীয়াকৈ ৰাজ্যজুৰি বিদ্যুৎ মাচুল অস্বাভাৱিক হাৰত বৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ৷ বৰ্ধিত বিদ্যুৎ মাচুল প্ৰত্যাহাৰৰ দাবীৰে অসম তৃণমূল কংগ্ৰেছৰ এটি সজাতি দলে বিজুলী ভৱনত মুখ্য মহা প্ৰবন্ধক প্ৰদীপ গোস্বামীৰ জৰিয়তে এপিডিচিএলৰ অধ্যক্ষলৈ এক স্মাৰক-পত্ৰ প্ৰদান কৰে৷ স্মাৰক-পত্ৰত অসম তৃণমূল কংগ্ৰেছে শেহতীয়াকৈ হঠাতে বিদ্যুৎ মাচুল বৃদ্ধিৰ কাৰণ সন্দৰ্ভত তদন্তৰ দাবী জনোৱাৰ লগতে স্মাৰ্ট মিটাৰৰ বাবে এয়া হোৱা বুলি একাংশই কৰা অভিযোগৰ বিষয়েও কতৃৰ্পক্ষৰ দৃষ্টি আকৰ্ষণ কৰে৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই মূল্যবৃদ্ধিয়ে কোঙা কৰি ৰখা জনসাধাৰণক মাধমাৰ শোধাবলৈ চৰকাৰে বিদ্যুৎ মাচুল অভাৱনীয়ভাৱে বৃদ্ধি কৰা বাবে কঠোৰ সমালোচনা কৰে৷ আনহাতে, বিষয়টো সন্দৰ্ভত ‘মই একো নাজানোঁ’ বুলি গা এৰা মন্তব্য দিয়া শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ দক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দিলীপ কুমাৰ শৰ্মাই একো কাম নোহোৱা মানুহে কেনেকৈ বিভাগ চলাইছে বুলি কটাক্ষ কৰে৷

নৱগঠিত বজালী জিলাৰ বিদ্যুৎ বিভাগৰ পাঠশালা উপ- সংমণ্ডলৰ অধীনৰ ৰাইজক বিদ্যুৎ বিলে জ্বলা-কলা খুৱাইছে৷ উল্লেখ্য যে, বিদ্যুৎ বিভাগৰ পৰা কেইদিনমান পূৰ্বে নতুন মিটাৰ লগোৱাৰ ফলতে এই ঘটনা ঘটিছে বজালী জিলাত৷ বজালী জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যুৎ গ্ৰাহকে বিভাগক অভিযোগ দিয়াৰ পাছতো কোনোধৰণৰ সুফল লাভ কৰা নাই৷ এনে এক প্ৰেক্ষাপটত আজি বজালী জিলাৰ একাংশ গ্ৰাহকে বিদ্যুৎ বিভাগৰ পাঠশালা উপ-সংমণ্ডলত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে, বিগত দিনকেইটাত ৰাইজৰ ফালৰ পৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ মন কৰিবলগীয়া যে নতুনকৈ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰে পৰা বজালীত গ্ৰাহকৰ দুগুণকৈ আহিছে বিদ্যুৎ বিল৷