Logo
image

বিদ্যুৎ বিল বৃদ্ধি! শক্তিমন্ত্ৰী নন্দিতা নিজেই আন্ধাৰত

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ হতচকিত, আচম্বিত! ৰাজ্যৰ চৌদিশে হঠাৎ বিদ্যুৎ গ্ৰাহকলৈ আহিছে পূৰ্বৰ তুলনাত দুই-তিনিগুণ অধিক বিল৷ ক’ৰবাত- ক’ৰবাত এশ শতাংশ বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিল পোৱাৰো অভিযোগ উঠিছে৷ কি নতুন স্মাৰ্ট মিটাৰ, কি পুৰণি মিটাৰ, কি প্ৰি-পেইড, কি পোষ্ট-পেইড সকলোতে একেই দশা৷ পূৰ্বতে ৮০০-১০০০ বিল অহা গ্ৰাহকৰ বিলে হঠাৎ ২০০০ ঘৰ চুইছে গৈ৷ প্ৰি-পেইড ৰিচাৰ্জ কৰি বিদ্যুতৰ সেৱা গ্ৰহণ কৰা গ্ৰাহকে ৰিচাৰ্জ কৰি কৰি ভাগৰি পৰিছে৷ সকলোৰে প্ৰশ্ন– হঠাৎ ইমান বিদ্যুতৰ মাচুল কেনেকৈ বাঢ়িল৷ শূন্য ৰাজভঁৰাল পূৰণ কৰিবলৈ চৰকাৰে গোপনে কিবা অভিসন্ধি কৰিছে নেকি৷ এফালে বিদ্যুতৰ লুকাভাকু আনফালে আকাশলংঘী বিদ্যুতৰ মাচুলৰ বিল৷ বিল পৰিশোধ নকৰিলেই হ’ব বিদ্যুৎ সংযোগ কৰ্তন৷ মুঠতে বিভ্ৰান্ত ৰাইজ৷ সামাজিক মাধ্যমত জাউৰিয়ে জাউৰিয়ে তথ্য সমৃদ্ধ প্ৰশ্ন তুলিছে শদিয়াৰ পৰা ধুবুৰীলৈ অনেকজনে কি হ’ল, কেনেকৈ হ’ল৷ জবাবদিহি কৰিছে চৰকাৰ তথা এপিডিচিএলক৷ ইয়াৰ মাজতে এপিডিচিএলে জাননী জাৰি কৰি স্পষ্টীকৰণ দিছে যে বৰষুণ আৰু গৰম বতৰৰ বাবেহে হেনো বাঢ়িছে বিদ্যুতৰ বিল৷ এই সন্দৰ্ভত শুকুৰবাৰে বিধানসভা চৌহদত ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাও উপৰ্যুপৰি সন্মুখীন হ’ল সাংবাদিকৰ প্ৰশ্নবানৰ৷ বিজুলী বিল বৃদ্ধিৰ কোনো সুস্পষ্ট কাৰণ  ব্যাখ্যা কৰিব নোৱাৰা ৰাজ্যৰ শক্তিমন্ত্ৰীগৰাকীয়ে কয় যে শুকুৰবাৰৰ বিয়লিৰ ভিতৰত এখন কমিটী বনাই সকলো দিশ চোৱা চিতাৰ তেওঁ দায়িত্ব দিব৷ এনেদৰে কৈ  দায় সাৰিব বিচাৰিলে মন্ত্ৰীয়ে৷ এক কথা ক’বলৈ গ’লে বিদ্যুতৰ বিল বৃদ্ধি সন্দৰ্ভত ৰাজ্যৰ শক্তিমন্ত্ৰীগৰাকী নিজেই অন্ধকাৰত থকা দেখা গ’ল৷ অৱশ্যে মন্ত্ৰীগৰাকীয়ে বিদ্যুতৰ বিল বৃদ্ধিৰ ফলত ৰাইজৰ অসুবিধা হোৱাৰ কথা স্বীকাৰ কৰিলে৷ ইফালে বিদ্যুতৰ বিল মাচুল বৃদ্ধিৰ সন্দৰ্ভত তুলুঙা মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হ’ল মন্ত্ৰী পীয়ূষ হাজৰিকা৷ তেওঁ  কয় যে চৰকাৰী চাকৰিয়ালৰ দৰমহা বাঢ়িলে বিদ্যুতৰ বিল বাঢ়িবই৷ চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিমাহে ২০০-৩০০ টকাকৈ দৰমহা বৃদ্ধি পায়৷ নিয়মমাফিক মাচুল বাঢ়িবই, বেছি হ’লে আমি ব্যৱস্থা লম৷’ অৱশ্যে তেওঁৰ এই মন্তব্যক লৈ বিতৰ্ক হোৱাত বিদ্যুতৰ মাচুল বৃদ্ধি সন্দৰ্ভত পুনৰ মন্তব্য সলনি কৰিলে মন্ত্ৰী হাজৰিকাই৷  তেওঁ সাংবাদিকক মাতি আনি পুনৰ এনেদৰে ক’লে–ইয়াৰ পূৰ্বে আপোনালোকৰ আগত দৰমহাৰ কথা কৈছিলো৷ আমি সমস্যাৰ পৰা পলাব বিচৰা নাই৷ নতুন স্মাৰ্ট মিটাৰবোৰত কাৰিকৰী বিজুতিৰ বাবে বিলত খেলিমেলি হৈছে৷ প্তণ হে বিদ্যুতৰ বিল বৃদ্ধি হৈছে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত তেল, গেছৰ মূল্য বৃদ্ধি হৈছে৷ তাৰোপৰি জুলাইতকৈ আগষ্ট মাহত এচি, ফ্ৰীজৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে বিল বাঢ়িছে৷’ লক্ষণীয় যে মন্ত্ৰীয়ে  আন্তঃৰাষ্ট্ৰীয় বজাৰৰ খাৰুৱা তেলৰ মূল্যৰ সৈতে কি যুক্তিত বিদ্যুতৰ বিলক সাঙুৰিলে সেয়া এক নুবুজা সাঁথৰ হৈয়ে ৰ’ল৷

দুহাজাৰ টকাৰ পৰিৱৰ্তে গ্ৰাহকে ভৰিছে ১০ হাজাৰ টকা

নিয়মীয়াকৈ বিদ্যুৎ বিল পৰিশোধ কৰি অহা ব্যক্তিসকলক যোৱা আগষ্ট মাহৰ বিল পূৰ্বতকৈ তিনি চাৰিগুণ অধিক কৰি প্ৰেৰণ কৰা ঘটনাই শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ একাংশ বিষয়াই অত্যধিক ৰাজহ সংগ্ৰহ কৰাৰ বুলি দেখুৱাই বিভাগীয় মন্ত্ৰী আৰু উচ্ছপদস্থ বিষয়াৰ ওচৰত বাহ বাহ লোৱাৰ পৰিকল্পনাৰে গ্ৰাহকক টেঁটু চেপা দিয়াক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷ অভিযোগ অনুসৰি, যোৱা বছৰ বছৰ ধৰি ১০০০ পৰা ১৫০০ কিম্বা ২০০০ টকা বিল পৰিশোধ কৰি অহা গ্ৰাহকসকলৰ ঘৰলৈ চলিত মাহত ৬ ৰ পৰা ১০ হাজাৰ টকাপৰ্যন্ত বিল প্ৰেৰণ কৰিছে৷ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰা বিলত উল্লেখ থকা ধনৰ পৰিমাণ দেখি গৰিষ্ঠসংখ্যক গ্ৰাহকে মূৰে-কপালে হাত দিব লগাত পৰিছে৷ এই সন্দৰ্ভত বিভাগটোৰ লগত যোগাযোগ কৰিলেও বিভাগৰ বিষয়া কৰ্মচাৰীয়ে গ্ৰাহকৰ কোনো কথাই শুনিব নিবিচাৰে৷ বৰঞ্চ গ্ৰাহকক বিলৰ ধন সময়মতে জমা নিদিলে তেওঁলোকৰ বিদ্যুৎ লাইন কৰ্তন কৰা হ’ব বুলি সকীয়নি দিয়াৰহে অভিযোগ উঠিছে৷ সাম্প্ৰতিক সময়ত গৰিষ্ঠসংখ্যক গ্ৰাহকে অনাহকত বিদ্যুত অপচয় কৰাৰ পৰা বিৰত থাকে৷ প্ৰতিগৰাকী গ্ৰাহকে নিজৰ গৃহত এল ই ডি বাল্বব স্থাপন কৰিছে৷ যিবোৰৰ ক্ষমতা ৩ ৱাৰ্টৰ পৰা অতি বেছি ৯ ৱাটপৰ্যন্ত৷ পূৰ্বৰ দৰেই কোনো গ্ৰাহকে ৪০, ৬০ কিম্বা ১০০ ৱাৰ্টৰ বাল্বব ব্যৱহাৰ নকৰে৷  তৎসত্ত্বেও গ্ৰাহকসকলৰ ঘৰলৈ বৃহৎ পৰিমাণৰ টকাৰ কথা উল্লেখ কৰি বিদ্যুৎ বিল প্ৰেৰণ কৰাত গ্ৰাহকসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ কেইবাটাও সংগঠনৰ বিষয়ববীয়া আৰু সচেতন গ্ৰাহকে উত্থাপন কৰা অভিযোগ অনুসৰি, শক্তি বিভাগে শেহতীয়াভাৱে বহিৰাগত এক প্ৰতিষ্ঠানক প্ৰতিটো বিদ্যুৎ মিটাৰৰ তথ্য আহৰণ কৰাৰ বাবে ঠিকা প্ৰদান কৰিছে৷ অতি কম সময়ৰ ভিতৰতেই গ্ৰাহকসকলৰ ঘৰত লাগি থকা মিটাৰসমূহ পৰিৱৰ্তন কৰি প্ৰিপেইড মিটাৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ গতিকে তাৰ পূৰ্বেই গ্ৰাহকসকললৈ অত্যাধিক বিল প্ৰেৰণ কৰি বিভাগটোৱে অতিষ্ঠ কৰাৰ প্ৰচেষ্টা চলাইছে৷ ১৫০০ কিম্বা ২০০০ টকা বিলৰ পৰিৱৰ্তে ৮ বা ১০ হাজাৰ টকাৰ বিল পৰিশোধ কৰিবলৈ পালে গ্ৰাহকে কোনোধৰণৰ প্ৰতিবাদ নকৰাকৈ প্ৰিপেইড পদ্ধতিৰ মিটাৰ লগাবলৈ বাধ্য হ’ব৷ ইয়াৰ সমান্তৰালভাৱে একাংশ বিষয়াই অধিক ৰাজহ সংগ্ৰহ কৰাৰ অচিলাৰে শিৱসাগৰতেই পুনৰ খুঁটি পুতি বহাৰ সুযোগ পাব৷ উল্লেখ্য যে, কোনো কোনো গ্ৰাহকৰ ঘৰলৈ যোৱা দুই-তিনিমাহৰ পূৰ্বে বিদ্যুৎ বিভাগে প্ৰেৰণ কৰা বিলত পূৰ্বৰ মিটাৰ ৰিডিঙৰ নম্বৰ আৰু সংশ্লিষ্ট মাহৰ বিল পৰীক্ষা কৰাৰ সময় সংগ্ৰহ কৰা মিটাৰৰ ইউনিটৰ নম্বৰো একেই হিচাপে উল্লেখ পাইছে৷ তৎসত্ত্বেও গ্ৰাহকৰ পৰা বিভাগটোৱে প্ৰেৰণ কৰা বিল অনুসৰিয়েই ধন আদায় লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ জিলাখনৰ অনেক গ্ৰাহকৰ পৰা ইয়াৰ পূৰ্বেও বিভাগটোৱে বৃহৎ অংকৰ ধন বিল হিচাপে আদায় লোৱা তথ্য পোহৰলৈ আহিছে৷ শক্তিবিভাগৰ বিষয়া-কৰ্মচাৰীৰ মতে মিটাৰৰ ৰিডিং অনুসৰিয়েই তেওঁলোকে বিল প্ৰেৰণ কৰিছে৷ কিন্তু বাহিৰৰ ৰাজ্যত নিম্নমানৰ বুলি নাকচ কৰা বিদ্যুৎ মিটাৰ অসমৰ গ্ৰাহকসকলৰ ঘৰত লগোৱাৰ পাছত উক্ত মিটাৰৰ ৰিডিং কিমান শুদ্ধ হ’ব তাক লৈ প্ৰশ্ন উঠিছে৷

সোণাৰিত যুৱ-ছাত্ৰৰ বিক্ষোভ, আৰক্ষীৰে টনা-আঁজোৰা

অসম চৰকাৰৰ শক্তি বিভাগে বিদ্যুতৰ মাচুল দুই-তিনিগুণপৰ্যন্ত বৃদ্ধিৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰে৷ আজি পুৱা চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে হঠাতে বিদু্যতৰ বিল দুই-তিনিগুণপৰ্যন্ত বৃদ্ধি হোৱাৰ প্ৰতিবাদত অসম চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিজেপি চৰকাৰবিৰোধী বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ আনহাতে, প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ পৰিষদৰ কৰ্মীসকলক প্ৰতিবাদী কাৰ্যসূচীত বাধা দিয়াৰ লগতে শক্তিমন্ত্ৰীৰ দাহ কৰা পুত্তলিকা নুমুৱাবলৈ চেষ্টা কৰোঁতে প্ৰতিবাদকাৰীসকলৰ সৈতে টনা-আঁজোৰাৰ সৃষ্টি হয়৷ পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰতিবাদস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়৷ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি-সম্পাদককে ধৰি জিলাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে৷

এটা বাল্বব জ্বলোৱাৰ নামত ৫ হাজাৰ টকাৰ বিল

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত সংঘটিত হৈছে আজৱ ঘটনা৷ এটা বাল্বব জ্বলোৱাৰ বাবদ বিদ্যুৎ বিভাগক পৰিশোধ কৰিবলগীয়া হৈছে ৪-৫ হাজাৰ টকা৷ ডিব্ৰুগড় জিলাৰ কলাখোৱা মিৰিপথাৰত বিদ্যুৎ বিভাগৰ আজৱ কৰ্মকাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে উপভোক্তাসকলে৷ ৰাজ্য চৰকাৰে দীনদয়াল গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অধীনত গাঁৱে গাঁৱে বিদ্যুৎ সংযোগৰ পদক্ষেপ লোৱাৰ মাজতে এই আঁচনিৰ অধীনত লাভ কৰা সাধাৰণ উপভোক্তাসকলে ভৰিবলগীয়া হৈছে অত্যধিক বিদ্যুতৰ বিল৷ কলাখোৱা মিৰিপথাৰ গাঁৱৰ ৰাইজে অভিযোগ কৰা মতে, এটা বাল্বব জ্বলোৱাৰ নামত এহাজাৰ টকাৰ পৰা আৰম্ভ কৰি ৫ হাজাৰ টকাপৰ্যন্তলৈকে আহিছে বিদ্যুতৰ বিল৷ যাৰ বাবে এতিয়া সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ সাধাৰণ দিন হাজিৰাৰে পৰিয়াল পোহপাল দিয়া এইসকল বিদ্যুৎ উপভোক্তাৰ ঘৰত হাজাৰ হাজাৰ টকা বিদ্যুতৰ বিল অহাৰ পাছতে একপ্ৰকাৰ সৰগ ভাগি পৰিছে৷ বিষয়টোৰ সন্দৰ্ভত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ডিব্ৰুগড় বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়াক অভিযোগ দাখিল কৰিছে৷ তেওঁলোকৰ বিদ্যুতৰ বিল হ্ৰাস কৰাৰ ব্যৱস্থা নকৰিলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰিছে৷ অন্যহাতে অস্বাভাৱিক বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিডিচিএলৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিত শইকীয়াই৷ মুখ্য কাৰ্যবাহী বিষয়া অভিজিত শইকীয়াই অস্বাভাৱিক বিদ্যুৎ বিল বৃদ্ধিৰ প্ৰসংগত তিনিটা কাৰণ দৰ্শাইছে৷ ইণ্টাৰনেল ৱায়াৰিং, বিদ্যুৎ অপব্যৱহাৰ, মিটাৰৰ ক্ৰুটি কাৰণতো বৃদ্ধি পাব পাৰে বিদ্যুতৰ বিল৷ ইণ্টাৰনেল ৱায়াৰিং কাৰণতো বিদ্যুতৰ বিল বৃদ্ধি পাব পাৰে বুলি প্ৰকাশ কৰিছে এপিডিচিএলৰ বিষয়াজনে৷ তদুপৰি, মিটাৰৰ ক্ৰুটি থাকিলে তৎক্ষণাত মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে৷ অন্যহাতে, অনাহকত বিদ্যুৎ অপব্যৱহাৰ নকৰিবলৈ সাধাৰণ ৰাইজৰ প্ৰতি এপিডিচিএলৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিত শইকীয়াই আহ্বান জনাইছে৷ ইফালে অতিৰিক্ত বিদ্যুতৰ বিল বৃদ্ধি হোৱা নাই বুলিও প্ৰকাশ কৰিছে বিষয়াজনে৷