Logo
image

সোৱণশিৰিয়ে খহালে জলবিদ্যুৎ প্ৰকল্পৰ টানেল

প্ৰকৃতিৰ ৰোষত এনএইচপিচি

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ পুনৰ প্ৰকৃতিৰ ভয়ংকৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্থা এন এইচ পি চি৷ ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে অসমৰ বান্ধবিৰোধী বহু দল-সংগঠনে মাত মাতিছিল৷ গেৰুকামুখৰ দৰে বালিয়া তথা ভংগুৰ পাহাৰত বৃহৎ নদীবান্ধ নিৰ্মাণ ভৱিষ্যতৰ বাবে ভয়ানক হ’ব বুলি আন্দোলন-প্ৰতিবাদ কৰি প্ৰকল্প নিৰ্মাণত বাধাৰ সৃষ্টি কৰিছিল৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিয়েও গেৰুকামুখত ২০০০ মেগাৱাট শক্তিৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰোধিতা কৰি প্ৰতিবেদন দাখিল কৰিছিল৷ ইয়াৰ বিপৰীতে এন এইচ পি চিয়ে প্ৰকল্পৰ ৮০-৯০ শতাংশ নিৰ্মাণকাৰ্য সম্পন্ন কৰি ২০২৩ৰ জানুৱাৰীৰ পৰা বিদ্যুৎ উৎপাদন কৰিব বুলি সদম্ভে ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে সোৱণশিৰি নদীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণত এন এইচ পি চিক ধাৰাবাহিকভাৱে প্ৰচণ্ড আঘাত দি অহাই নহয় প্ৰকল্প নিৰ্মাতা সংস্থা এন এইচ পি চিক ব্যাপক পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে৷ খৰস্ৰোতা নদীখনৰ বাবেই দীৰ্ঘবছৰ ধৰি বান্ধ নিৰ্মাণত এন এইচ পি চি হকা-বাধাৰ সন্মুখীন হৈ আহিছে আৰু সময়মতে প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাই৷ আজি শুকুৰবাৰেও পুৱা এন এইচ পি চিৰ তথাকথিত অত্যাধুনিক নিৰ্মাণ শৈলীৰ অহংকাৰক তচ-নচ কৰি পুনৰ সোৱণশিৰি নদীয়ে খহাই নিলে বিৰাটকায় পাহাৰ আৰু পাহাৰটোত নিৰ্মাণ কৰা কংক্ৰিটৰ টানেল৷ উক্ত খহনীয়াৰ ফলত টানেলটো পাহাৰৰ বহু ফুট তললৈ বহি যোৱা বুলি তথ্য পোৱা গৈছে৷ উল্লেখনীয় যে, আজি খহাই নিয়া টানেলটো হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ২ নং টানেল আৰু এন এইচ পি চিৰ অধীনস্থ ঠিকাদাৰী সংস্থা ছ’মা এণ্টাৰপ্ৰাইজে উক্ত টানেলটো নিৰ্মাণ কৰিছিল৷ কালি নিশাৰ পৰা গেৰুকামুখ পাহাৰত মজলীয়াধৰণে বৰষুণ দিছিল আৰু আজি পুৱাৰ ভাগলৈ বৰষুণ অব্যাহত আছিল৷ বৰষুণৰ ফলত সোৱণশিৰিৰ নদীপৃষ্ঠ বাঢ়ি আহিছিল আৰু নদীপৃষ্ঠ বৃদ্ধি পোৱাত গেৰুকামুখৰ বালিয়া তথা ভংগুৰ পাহাৰ অধিক ভংগুৰ হৈ পৰিছিল৷ তেনেস্থলত সোৱণশিৰি নদীয়ে নদীপৃষ্ঠৰ সমান্তৰালভাৱে উক্ত টানেলটো খহাই নিয়ে আৰু টানেল খহি যোৱাৰ পাছত এন এইচ পি চিৰ ২০২৩ চনৰ বিদ্যুৎ উৎপাদনৰ স্বপ্ন যে দিঠক নহ’ব তাৰ আশংকা পুৰামাত্ৰাই বৃদ্ধি পালে৷ সোৱণশিৰি নদীৰ এই খহনীয়াত এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰীসকল আতংকিত হৈ পৰা বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ অত্যাধুনিক নিৰ্মাণশৈলীৰ ওপৰত পুনৰ প্ৰশ্নৰ অৱতাৰণা হোৱাই নহয় স্বয়ং এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰীসকল বান্ধ নিৰ্মাণৰ শক্তি আৰু শৈলীক লৈ লোকচক্ষুত লজ্জাৰ সন্মুখীন হৈছে৷

বাৰিষাৰ পাছতেই বন্ধ কৰা হ’ব সকলো ডাইভাৰ্চন টানেলঃ এনএইচপিচি

অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যোৱানিশা ভয়ানক ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে তৎপৰ হোৱা প্ৰকল্পটোত শেহতীয়াকৈ ভূমিস্খলনৰ দৰে ঘটনা হোৱাত ৰাইজ আতংকিত হৈ পৰিছে৷ আজি এই সন্দৰ্ভত এন এইচ পি চিৰ কনচালটেণ্ট এ এন মহম্মদে জানিবলৈ দিয়া মতে- গেৰুকামুখত নিৰ্মীয়মান সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সোঁপাৰে থকা ডাইভাৰ্চন সুৰঙ্গৰ পানী সোমোৱা স্থানৰ ওপৰৰ পথটোত যোৱা নিশা ভূমিস্খলন হৈ এটা বৃহৎ গাঁতৰ সৃষ্টি হয় ৷ ইয়াৰ ফলত মুঠ ৫ টা ডাইভাৰ্চন সুৰঙ্গৰ ২ নং সুৰঙ্গটো বন্ধ হৈ পৰে৷ এই ডাইভাৰ্চন সুৰঙ্গবোৰ মূল বান্ধৰ ভেটি নিৰ্মাণ চলি থকা সময়ত নদীখন ডাইভাৰ্ট কৰাৰ বাবে অস্থায়ী ব্যৱস্থা৷ ৯.৫ মিটাৰ ব্যাসৰ ৫ টা সুৰঙ্গৰে মুঠতে ৪৫৫০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডত পানী যাব পাৰে৷ ২০২০ চনত হোৱা ভূমিস্খলনৰ ফলত ৫ নং সুৰঙ্গৰ পানী নিৰ্গমনৰ মুখ বন্ধ হোৱাৰ ফলত প্ৰায় ৯০০ ঘন মিটাৰ প্ৰতি ছেকেণ্ড পানী কমি গৈছিল৷ আজি ২ নং সুৰঙ্গ বন্ধ হোৱাৰ ফলত অতিৰিক্ত ৯০০ ঘন মিটাৰ প্ৰতি ছেকেণ্ড কমি ডাইভাৰ্চন সুৰঙ্গৰ ক্ষমতা (capacity) মুঠতে ২৭৫০ ঘন মিটাৰ প্ৰতি ছেকেণ্ডলৈ হ্ৰাস হয়৷ ইয়াতকৈ বেছি পানী আহিলে অতিৰিক্ত পানীখিনি বান্ধৰ ওপৰেদি গৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা স্পিলৱেৰে ওলাই যাব৷ আজি সোৱণশিৰিৰ প্ৰবাহ ২০৬০ ঘন মিটাৰ প্ৰতি ছেকেণ্ড তিনিটা ডাইভাৰ্চন সুৰঙ্গৰে প্ৰবাহিত হৈ আছে ৷ বান্ধৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ বাবে ডাইভাৰ্চন সুৰঙ্গৰ আৱশ্যকতা ক্ৰমে নোহোৱা হৈছে আৰু পৰিকল্পনা মতে, এইবাৰ বাৰিষাৰ পাছতেই সকলোবোৰ ডাইভাৰ্চন সুৰঙ্গ বন্ধ কৰি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷