Logo
image

মোদীৰে সাক্ষাতৰ পূৰ্বেই পুটিনৰ ওপৰত ‘প্ৰাণঘাতী আক্ৰমণ’

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ এটা প্ৰাণঘাতী আক্ৰমণৰ পৰা কোনোমতে ৰক্ষা পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শুকুৰবাৰে উজবেকিস্তানৰ সমৰখণ্ডত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখামুখি বৈঠকত মিলিত হয়৷ চাংহাই সহযোগিতা পৰিষদৰ সমৰখণ্ডত আৰম্ভ হোৱা শীৰ্ষ বৈঠকত ৰাছিয়া আৰু চীনৰ দুয়োজন ৰাষ্ট্ৰপ্ৰধানৰ সৈতে পৃথকে প্ৰধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক শীৰ্ষ বৈঠক অনুষ্ঠিত হ’ব বুলি ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছিল৷ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে তেওঁৰ ওপৰত সংঘটিত প্ৰাণঘাতী আক্ৰমণৰ পাছত চাংহাই সহযোগিতা পৰিষদৰ বৈঠকত ভাগ ল’বলৈ অহাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ কিয়নো ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পাছত ৰাছিয়াৰ ওপৰত আমেৰিকা আৰু ইউৰোপৰ গৰিষ্ঠসংখ্যক দেশে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷ ফলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ইউৰোপ আৰু আমেৰিকাৰ সৈতে সম্পৰ্ক এতিয়া সাপ আৰু নেউলৰ দৰে৷ এনে পৰিপ্ৰেক্ষিতত পুটিনে চীন আৰু ভাৰতৰ পৰা স্বাভাৱিকতে সহযোগিতা বিচাৰে৷ সেয়ে প্ৰাণঘাতী আক্ৰমণত দুদিন পূৰ্বে কাণে কাণ মাৰি প্ৰাণৰক্ষা পৰিলেও ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বাবে এই বৈঠকৰ গুৰুত্ব অপৰিসীম আৰু সেয়ে তেওঁ ভাৰত তথা চীনৰ দুই ৰাষ্ট্ৰপ্ৰধানক সাক্ষাৎ কৰিবলৈ উদ্বিগ্ন হৈ আছিল৷  যুদ্ধ আৰম্ভৰ পাছত জিনপিং আৰু নৰেন্দ্ৰ মোদীৰ সৈতে এয়াই পুটিনৰ প্ৰথম মুখামুখি সাক্ষাৎ৷ যোৱা ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত যুদ্ধৰ মাজতে পুটিনে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বিচাৰি নৰেন্দ্ৰ মোদী আৰু জিনপিং উভয়ৰ সৈতে পৃথকে পৃথকে টেলিফোনত বাৰ্তালাপ কৰিছে৷ কিন্তু মুখামুখি দ্বিপাক্ষিক বৈঠক আৰু চাংহাই সহযোগিতা পৰিষদৰ শীৰ্ষ বৈঠক  পুটিনৰ বাবে অশেষ গুৰুত্বপূৰ্ণ৷ ইউক্ৰেইনৰ যুদ্ধত ৰাছিয়াই প্ৰত্যাশিত সাফল্য লাভ কৰিব পৰা নাই৷ ইয়াৰ ফলত ৰাছিয়াৰ সামৰিক শক্তিৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে৷ পিছে ৰাছিয়াৰ নিম্নসাফল্যৰ মূল কাৰণ হৈছে পশ্চিমীয়া দেশে ইউক্ৰেইনক প্ৰদান কৰি থকা সামৰিক সাহায্য৷ এই সময়ছোৱাত ৰাছিয়াই পশ্চিমীয়া দেশ দূৰৰে কথা, ভাৰত কিম্বা চীনৰ পৰাও কোনো সামৰিক সাহায্য লাভ কৰা নাই৷ ৰাষ্ট্ৰসংঘৰ একাধিক গুৰুত্বপূৰ্ণ বৈঠকত ভাৰতে নিৰপেক্ষ আৰু চীনে ৰাছিয়াৰ পক্ষ লৈ কূটনৈতিক দিশত পুটিনক সহায় কৰিছে৷ কিন্তু পুটিনে এছিয়াৰ ছুপাৰপাৱাৰ চীন আৰু দ্বিতীয় শক্তিধৰ দেশ ভাৰতৰ পৰা অধিক প্ৰত্যাশা কৰে৷ ভাৰতৰ সৈতে ৰাছিয়াৰ ৭৫ বছৰীয়া ঘনিষ্ঠ মৈত্ৰীৰ সম্পৰ্ক আছে৷ সেই সম্পৰ্কৰ জোৰতে ভাৰতে এতিয়াও পশ্চিমীয়া দেশৰ আহ্বান উপেক্ষা কৰি ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ সত্ত্বেও এই যুদ্ধক লৈ নিৰপেক্ষ অৱস্থানত থাকিবলৈ সক্ষম হৈছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, দুদিন পূৰ্বে পুটিনৰ ওপৰত মাৰাত্মক আক্ৰমণ সংঘটিত হৈছিল৷ তেওঁ চৰকাৰী বাসভৱনলৈ উভতি অহাৰ সময়তে নিৰাপত্তা বেষ্টনীৰ প্ৰথম গাড়ীখনৰ সন্মুখত হঠাতে এখন এম্বুলেন্স আহি ৰয় আৰু তাৰ পৰা  সেই গাড়ীক উদ্দেশ্যি বিস্ফোৰণ সংঘটিত কৰে৷ অৱশ্যে সতৰ্ক হৈ থকা পুটিনৰ বোমা ডিছপ’জেল স্কোৱাদ আৰু বুলেটপ্ৰুফ ছিকিউৰিটি ফ’ৰ্চে তেওঁক নিৰাপদে আঁতৰাই নিয়ে৷ যুদ্ধ আৰম্ভ হোৱাৰ পাছত পুটিনৰ ওপৰত এয়া চতুৰ্থটো প্ৰাণঘাতী আক্ৰমণ আছিল৷ এই আক্ৰমণৰ বাবেই তেওঁ চাংহাই সহযোগিতা পৰিষদৰ বৈঠকত কেতিয়া আৰু কেনেকৈ উপস্থিত হ’ব সেয়া নিৰাপত্তাজনিত কাৰণত এতিয়াও গোপনে ৰখা হৈছে৷ পুটিনৰ সৈতে শীৰ্ষ বৈঠকৰ পূৰ্বে শুকুৰবাৰেই প্ৰধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷ পুটিনৰ সৈতে সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া যুদ্ধৰ সময় নহয়, শান্তিৰহে সময়৷ তেওঁৰ মতে, এতিয়াৰ যুগত যুদ্ধ কৰি কোনো ফলাফল আদায় কৰিব নোৱাৰি৷ ইয়াৰ পৰিৱৰ্তে শান্তিৰ জৰিয়তে সকলোৰে পৰা সহযোগিতা লাভ কৰিলে সমগ্ৰ বিশ্ব শান্তিত থাকিব পাৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক এনেদৰে কয়৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধই নৱম মাহত প্ৰৱেশ কৰাৰ সময়ত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ ভাৰতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক এনেদৰে আহ্বান জনোৱাটো বিশ্বশান্তিৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে৷ অৱশ্যে ইয়াৰ পূৰ্বে টেলিফোনত একাধিকবাৰ মোদীয়ে পুটিনক তেনে আহ্বান জনাইছিল৷ এইবাৰ সমৰখণ্ডত মুখামুখি হোৱাৰ সময়ত নৰেন্দ্ৰ মোদীয়ে যুদ্ধ বন্ধ কৰিবলৈ পোনপটীয়াকৈ আহ্বান নজনালেও পৰোক্ষভাৱে পুটিনক তেওঁ এই সৰ্বনশীয়া যুদ্ধ বন্ধ কৰাৰেই আহ্বান জনালে৷

ইপিনে, ২০১৯ চনৰ পাছত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে এয়া হ’ব মোদীৰ প্ৰথমটো সাক্ষাৎ৷ মাজৰ তিনিটা বছৰত উভয় দেশৰ মাজত সীমান্তৰ সমস্যাক লৈ ঘাইকৈ লাডাখৰ গালৱানত সংঘটিত সেনাবাহিনীৰ সংঘৰ্ষৰ পশ্চাদপটত এই মুখামুখি সাক্ষাৎ অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ কিয়নো ২০২০ চনত গালৱানত ভাৰত আৰু চীনৰ সেনাৰ মাজত গুলী নুফুটাকৈ হোৱা প্ৰচণ্ড সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা নিহত হৈছিল৷ চীনৰো কেইবাজনো সেনা এই সংঘৰ্ষত মৃত্যুৰ মুখত পৰিছিল৷ অৱশ্যে চীনে আজি পৰ্যন্ত সেই সংখ্যা ৰাজহুৱা নকৰিলে৷ মাজৰ তিনিটা বছৰত জিনপিং আৰু নৰেন্দ্ৰ মোদী কোনো দ্বিপাক্ষিক বৈঠকত মুখামুখি হোৱা নাই৷ গালৱানৰ সেই সংঘৰ্ষৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে৷ তদুপৰি লাডাখৰ সেনাৰ সমাৱেশ সেই ঘটনাৰ দুবছৰৰ পাছতো প্ৰায় অনুৰূপ স্থিতিতে আছে৷ তাৰ ফলত উভয় দেশৰ মাজত অব্যাহত আছে উত্তেজনা৷ এনে পৰিপ্ৰেক্ষিতত চাংহাই সহযোগিতা পৰিষদৰ বৈঠকৰ অৱসৰত চীন আৰু ভাৰতৰ দুই ৰাষ্ট্ৰপ্ৰধানৰ মুখামুখি সাক্ষাতলৈ উদ্বিগ্নতাৰে অপেক্ষা কৰি আছে দুয়োখন দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক থকা বিশ্বৰ আগশাৰীৰ আন আন দেশৰ নেতৃবৰ্গ৷ ঘাইকৈ আমেৰিকা এই বৈঠকক লৈ উৎকণ্ঠিত৷ নতুন দিল্লীয়ে অৱশ্যে এই সম্ভাৱ্য দ্বিপাক্ষিক সাক্ষাতক লৈ তেনে কোনো আগতীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ উল্লেখ্য চাংহাই সহযোগিতা পৰিষদৰ বৈঠকত ভাৰত, চীন, ৰাছিয়াৰ উপৰি ভাৰতৰ সৈতে শত্ৰুভাৱাপন্ন দেশ পাকিস্তানেও অংশগ্ৰহণ কৰিব৷ তদুপৰি মধ্য এছিয়াৰ আন চাৰিখন দেশ ক্ৰমে কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান আৰু আয়োজক উজবেকিস্তানেও অংশগ্ৰহণ কৰিব৷ তাৎপৰ্যপূৰ্ণ বিষয়া এয়াই যে, এই কেইখন দেশে পৃথিৱীৰ ষাঠি শতাংশ এলেকা আৰু চল্লিশ শতাংশ জনসংখ্যা তথা ত্ৰিশ শতাংশ জিডিপি প্ৰতিনিধিত্ব কৰে৷ সেয়ে স্বাভাৱিকতে চাংহাই সহযোগিতা পৰিষদৰ বৈঠকৰ মূল্য আৰু গুৰুত্ব বিশ্ব কূটনীতি তথা ৰাজনীতিত অপৰিসীম৷