Logo
image

দেশজুৰি গ্ৰামীণ বেংক ব্যক্তিগতকৰণৰ প্ৰস্তুতি

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ শক্তি খণ্ডটোৰ পাছত এইবাৰ চৰকাৰে গ্ৰামীণ বেংকক ব্যক্তিগতকৰণ কৰিবলৈ ওলাইছে৷ দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা গ্ৰামীণ বেংকসমূহৰ ব্যক্তিগতকৰণৰ প্ৰচেষ্টাক দেশজুৰি সচেতন মহলে গৰিহণা দিছে৷ ইয়াৰ বিপৰীতে প্ৰতিবাদমুখৰ হৈ পৰিছে গ্ৰামীণ বিকাশ বেংকৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰী আৰু গ্ৰাহকসকলৰ উপৰি সৰ্বস্তৰৰ ৰাইজ৷ গ্ৰামীণ বিকাশ বেংকৰ ব্যক্তিগতকৰণৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে চলোৱা চেষ্টাৰ তীব্ৰ নিন্দা কৰিছে অসম গ্ৰামীণ বিকাশ বেংক বিষয়া আৰু কৰ্মচাৰী সন্থাই৷ কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সন্থাই উল্লেখ কৰিছে যে গ্ৰামীণ বেংকসমূহৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰ লগতে National Rural Bank of India গঠন কৰি গ্ৰামীণ বেংকসমূহক শক্তিশালী কৰাৰ বাবে All India Regional Rural Bank Employees Association [AIRRBEA] ৰ আহ্বান মতে, সমগ্ৰ দেশৰ গ্ৰামীণ বেংকৰ বিষয়া-কৰ্মচাৰীসমূহে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ উক্ত কাৰ্যসূচীৰ অংশ হিচাপে বিগত ১০ আগষ্টত নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচীও পালন কৰা হয়৷ ইয়াৰ লগতে ২৩ ছেপ্টেম্বৰত দেশজোৰা গ্ৰামীণ বেংক ধৰ্মঘট সৰ্বাত্মাক ৰূপত পালন কৰা হ’ব৷ যিহেতু গ্ৰামীণ বেংকসমূহে দেশৰ গ্ৰামীণ অংশ জনসাধাৰণক সুলভ মূল্যত বেংকিং সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গ্ৰামীণ বেংকসমূহে উল্লেখনীয় সফলতা লাভ কৰিছে৷ জন ধন আঁচনিৰ অধীনত খোলা একাউণ্টসমূহৰ প্ৰায় ২০ শতাংশ একাউণ্ট গ্ৰামীণ বেংকসমূহত খোলা হৈছে৷ ইয়াৰ ওপৰিও প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, অটল পেন্সন যোজনা আদি ৰূপায়ণতো গ্ৰামীণ বেংকসমূহে অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ ইয়াৰ সমান্তৰালভাৱে গ্ৰামীণ বেংকসমূহে প্ৰদান কৰা সৰ্বমুঠ ঋণৰ প্ৰায় ৯০ শতাংশ ঋণ হৈছে অগ্ৰণী খণ্ডত প্ৰদান কৰা ঋণ যাৰ দ্বাৰা দেশৰ সাধাৰণ খেতিয়ক, লঘু উদ্যোগী, আম সহায়ক গোটৰ লাখ লাখ লোক উপকৃত হৈছে৷ গতিকে যি সময়ত গ্ৰামীণ বেংকৰ কৰ্মচাৰীসকলে গ্ৰামীণ বেংকক শক্তিশালী কৰাৰ বাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ তেনে সময়তে কেন্দ্ৰীয় চৰকাৰে বিগত ১৪ ছেপ্টেম্বৰত গ্ৰামীণ বেংক সমূহৰ আইপিঅ’ৰ বাবে বিধি প্ৰকাশ কৰিছে৷ গতিকে অসম গ্ৰামীণ বিকাশ বেংক বিষয়া আৰু কৰ্মচাৰী সন্থাই দেশৰ গ্ৰাম্যাঞ্চলৰ লাখ লাখ লোকৰ কথা চিন্তা কৰি চৰকাৰক গ্ৰামীণ বেংকসমূহৰ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনাইছে৷ চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰোধিতাৰে AIRRBEA ৰ আহ্বানত অসমতো অসম গ্ৰামীণ বিকাশ বেংকৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে ২৩ ছেপ্টেম্বৰত ধৰ্মঘটত চামিল হ’ব বুলি অসম গ্ৰামীণ বিকাশ বেংক বিষয়া সন্থাৰ সাধাৰণ সম্পাদক জীৱেশ চক্ৰৱৰ্তী আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ মেধীয়ে প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ কৰিছে৷ এই ধৰ্মঘটক সফল ৰূপ দিবৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ অসম গ্ৰামীণ বিকাশ বেংক কৰ্মচাৰী সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নিলোৎপল কাকতিয়ে আহ্বান জনাইছে৷