Logo
image

গুৰুতৰ জলবায়ু পৰিৱৰ্তনৰ কবলত দেশৰ ২৫ জিলা, অসমৰেই ১৫খন

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ গুৰুতৰ জলবায়ু পৰিৱৰ্তনৰ কবলত পৰিছে অসমৰ ১৫ খনকৈ জিলা৷ ভাৰতৰ মুঠতে ২৫ খনকৈ জিলা অতি আশংকাজনকভাৱে জলবায়ু পৰিৱৰ্তনৰ কবলত পৰিছে৷ দেশৰ ২৫ খন জিলাৰ ১০ খনক বাদ দি বাকী ১৫ খনকৈ জিলাই অসমৰ  হোৱাৰ খবৰ ৰাজ্যবাসীৰ বাবে অতিকৈ উদ্বেগজনক৷ বিশ্ব জলবায়ু পৰিৱৰ্তন আক্ৰমণ্যতা সূচকৰ [ক্লাইমেট চেঞ্জ ভানৰাবেলিটী ইনডেক্স] সমীক্ষাত এই ফলাফল দেখা গৈছে৷ ৰাজ্য চৰকাৰৰ চলিত বিধানসভাৰ অধিৱেশনতো এই কথা স্বীকাৰ কৰিছে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন  বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই৷ খুমটাইৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই জনায় যে অসমৰ ১৫ খনকৈ জিলা ভয়ংকৰভাৱে জলবায়ু পৰিৱৰ্তনৰ কবলত পৰাটো সত্য৷ লিখিত প্ৰশ্নৰ উত্তৰত তেওঁ গুৰুতৰভাৱে জলবায়ু পৰিৱৰ্তন হোৱা জিলাকেইখনৰ নামো বিধানসভাৰ অধিৱেশনত প্ৰকাশ কৰে৷ সেই অনুসৰি বাংলাদেশৰ সীমান্তৱৰ্তী কৰিমগঞ্জ জিলাৰ উপৰি গোৱালপাৰা, ধুবুৰী, দৰং, শোণিতপুৰ, গোলাঘাট, কাছাৰ, বৰপেটা, কোকৰাঝাৰ, তিনিচুকীয়া, বাগ্‌সা, মৰিগাঁও, ডিব্ৰুগড়, শিৱসাগৰ, হাইলাকান্দিৰ জলবায়ুৰ গুৰুতৰ পৰিৱৰ্তন সংঘটিত হৈছে৷ কি কাৰকৰ বাবে অসমৰ এই ১৫ খনকৈ জিলা গুৰুতৰ জলবায়ু পৰিৱৰ্তনৰ কবলত পৰিছে সেই সন্দৰ্ভত বিধানসভাৰ মজিয়াত বিশদভাৱে ব্যাখ্যা কৰাৰ পৰা বিৰত থাকে মন্ত্ৰী কেশৱ মহন্ত৷ ইয়াৰ বিপৰীতে তেওঁ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কি কি পদক্ষেপ গ্ৰহণ কৰিছে আৰু কি পদক্ষেপৰ পৰিকল্পনা লৈছে সেয়াহে লিখিত উত্তৰত বৰ্ণনা কৰে৷ অৱশ্যে তেওঁ জনোৱা অনুসৰি চলিত শতিকাৰ মাজভাগলৈ এই কেইখন জিলাৰ উষ্ণতা এতিয়াতকৈ ১.৭ ৰ পৰা ২.২ ডিগ্ৰী চেলছিয়াচলৈ বৃদ্ধি পাব বুলি  অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন একচন প্লেনৰ [এএছএপিচিচি] তৰফৰ পৰা জনাইছে৷ তদুপৰি এই জিলা কেইখনত বৃষ্টিপাতৰ পৰিমাণ ৫ৰ পৰা ১৮ শতাংশ বৃদ্ধি পাব৷ এই তুলনাৰ পৰিসংখ্যা উলিওৱা হৈছে ১৯৭১ চনৰ পৰা ২০০০ চনলৈকে থকা জিলা কেইখনৰ জলবায়ুৰ ভিত্তিত৷ অৰ্থাৎ ২০০০ চন পৰ্যন্ত এইকেইখন জিলাৰ জলবায়ুৰ যি স্থিতি আছিল সেয়া বিগত ২২ বছৰত যথেষ্ট পৰিৱৰ্তন ঘটিছে আৰু পৰৱৰ্তী ২৫-২৮ বছৰত তাৰ পৰিৱৰ্তন হ’ব অতি ভয়ংকৰ৷ ইয়াৰ ফলত এই জিলা কেইখনত প্ৰাকৃতিকভাৱে অতিশয় গুৰুতৰ প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ’ব৷ ৰাজ্য চৰকাৰৰ মতে সেয়া উপলব্ধি কৰি পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে জিলা কেইখনৰ বাসিন্দাই অভ্যস্ত হোৱাৰ চেষ্টা কৰিব লাগিব৷ অৱশ্যে ৰাজ্য চৰকাৰে জলবায়ুৰ গুৰুতৰ পৰিৱৰ্তন ৰোধ কৰাৰ বাবে কিছুমান দীৰ্ঘম্যাদী আৰু কিছুমান হ্ৰস্বম্যাদী পৰিকল্পনা হাতত লৈছে৷ যদিহে সেই সকলোবোৰ পৰিকল্পনা কাৰ্যকৰী হয় তেন্তে আশংকা হ্ৰাস পাব৷ কিন্তু আগশাৰীৰ পৰিৱেশবিদে মন্ত্ৰী কেশৱ মহন্তৰ এই দাবী চৰকাৰৰ কাম-কাজ চাই বগা হাতী বা কাগজৰ বাঘত পৰিণত হ’ব বুলি আশংকা কৰিছে৷ কিয়নো হিতাধিকাৰীৰ আঁচনিত ব্যস্ত হৈ থাকি ভোট লাভৰ জৰিয়তে ক্ষমতা খামুচি ধৰাৰ প্ৰৱণতা থকা চৰকাৰে এনে দীৰ্ঘম্যাদী পৰিকল্পনা কাগজে-কলমে ল’লেও বাস্তৱত পৰিণত কৰিব নোৱাৰে বুলি পৰিৱেশবিদে ধাৰণা কৰে৷ যোৱা ২২ বছৰত এই ১৫ খন জিলাৰ জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হোৱা সত্ত্বেও চৰকাৰে কোনো স্থায়ী পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা দেখা নাই বুলি পৰিৱেশবিদৰ দাবী৷ তেওঁলোকৰ মতে এই অৱস্থা এদিনতে সৃষ্টি হোৱা নাই৷ দীৰ্ঘদিন ধৰি গছ-গছনি কাটি তহিলং কৰা, পাহাৰ কাটি সমান কৰি পেলোৱা, প্লাষ্টিকৰ অবাধ ব্যৱহাৰ চলি থকা ইত্যাদি প্ৰকৃতি বিৰোধী কাৰ্যকলাপৰ পৰিণতি হৈছে এয়া৷ সেয়ে কেইবছৰমানৰ ভিতৰতে জলবায়ু পৰিৱৰ্তনৰ এই গুৰুতৰ অৱস্থা চৰকাৰে সলনি কৰিব নোৱাৰে৷ কিয়নো প্ৰায় ১০০ বছৰমানৰ বিৰতিত জলবায়ু সলনি হয়৷ বতৰ সলনি হয় ১০-১৫ বছৰমানৰ বিৰতিত৷  এই পৰিৱৰ্তন আঁৰত গুৰুতৰ প্ৰাকৃতিক বিসংগতি থাকে৷ যদিহে সামগ্ৰিক পৰিৱেশ একেই থাকে, তেন্তে জলবায়ুৰ পৰিৱৰ্তন সাধন নোহোৱাকৈ শ শ বছৰ ধৰি জলবায়ু একেই হৈ থাকে৷ অসমত যি গুৰুতৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিছে সেয়া মানৱসৃষ্ট৷ এনে পৰিৱৰ্তন ৰোধ কৰা অতি কঠিন৷ এই পৰিৱৰ্তন ৰোধ কৰিবৰ বাবে দীৰ্ঘ সময়ৰ প্ৰয়োজন হ’ব৷ অৰ্থাৎ পৰিৱেশ নষ্ট কৰিবলৈ যিমান দিন লৈছিল, সেই পূৰ্বৰ পৰিৱেশ ঘূৰাই আনিবলৈ ততোধিক সময়ৰ প্ৰয়োজন হয়৷ সিমান দিনলৈকে সেই সেই অঞ্চলৰ বাসিন্দাই যদি ধৈৰ্য ধৰি পূৰ্বৰ পৰিৱেশ ঘূৰাই অনাৰ প্ৰচেষ্টাত ব্ৰতী হয় আৰু চৰকাৰে হাতত লোৱা পৰিকল্পনা কাৰ্যকৰী কৰে তেন্তে অসমৰ ১৫ খন জিলাৰ গুৰুতৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰা সম্ভৱ৷