Logo
image

জয়মালাক পাব কোনে? অসম, তামিলনাডুৰ আইনী যুদ্ধ

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ জয়মালাক পাব কোনো? আজিৰ তাৰিখত দেশবাসীৰ বাবে এইটো অতি  গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ অসমৰ হাতী অসমলৈ ঘূৰাই আনিবলৈ আদালতৰ দ্বাৰস্থ হ’বলগীয়া হৈছে ৰাজ্য চৰকাৰ৷ জয়মালা সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়৷ ৰাজ্য চৰকাৰৰহৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই দাখিল কৰা লেখ আবেদনৰ ভিত্তিত ৰুজু কৰা ডব্লিউ পি চি /৬১০৭/২০২২ নম্বৰৰ গোচৰৰ শুনানি গ্ৰহণ কাৰি তামিলনাডু চৰকাৰলৈ জাননী জাৰি কৰে৷ ১৫ দিনৰ ভিতৰত উত্তৰ দিব লাগিব তামিলনাডু চৰকাৰে৷ আদালতে ইতিমধ্যে তামিলনাডু চৰকাৰৰ অধীনত থকা জয়মালাৰ স্বাক্ষৰ  অৱস্থাৰ বুজ ল’বৰ বাবে চেন্নাইত বাহৰ পাতি থকা বিশেষজ্ঞ চিকিৎসকৰ দলটোক অনুমতি প্ৰদান কৰিছে৷ বিশেষজ্ঞ¸ চিকিৎসকলৰ দলটোক এই সময়ত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ তামিনাডু আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ দিছে৷ নিৰ্দেশটোত কোৱা হৈছে যে জয়মালাক ২০১১ চনৰ ৮ ছেপ্টেম্বৰত ৩ বছৰৰ বাবে তামিলনাডুক দিয়া হৈছিল৷ উক্ত সময় উকলি যোৱাৰ পাছতো জয়মালাক অসমলৈ ওভতাই দিয়া নাই তামিলনাডু চৰকাৰে৷ আবেদনকাৰীয়ে আদালতক অৱগত কৰায় যে তামিলনাডুত থকা অসমৰ জয়মালা আৰু আন আঠটা হাতী এতিয়া ৰাজ্যলৈ ওভোটাই আনিব বিচাৰে চৰকাৰে প্ৰথমে তামিলনাডু চৰকাৰৰ বন বিভাগে জয়মালা আৰু আন আঠটা হাতী ওভোটাই পঠাবৰ বাবে সন্মতি দিছিল৷ অসম আহি নোপোৱা পৰ্যন্ত হাতীকেইটা অনাৰ বাবদ হোৱা খৰচৰ অসম চৰকাৰক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল৷ সেই মতে উক্ত খৰচ বহন কৰিম বুলি সন্মতি দিছিল অসম চৰকাৰে৷ অসম চৰকাৰে সেই মতে ধন নিদিয়া বাবে হাতীকেইটা ওভতাই দিয়া নাই বুলি তামিলনাডু চৰকাৰে অৱগত কৰায়৷ আনহাতে, বেংক একাউণ্ট নিদিয়া বাবে অসম চৰকাৰে টকা পঠাব পৰা নাই বুলি আদালতক অৱগত কৰায় অসমৰ বন বিভাগে৷  তাৰ পাছৰ পৰাই জয়মালা তথা আন  হাতীকেইটা ওভোটাই দিয়া প্ৰসংগ ৰহস্যৰ মাজত সোমাই পৰে৷