Logo
image

ভিক্টৰক জামিন, অধিবক্তাৰ মতে গোচৰৰ ভিত্তিয়েই নাই

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ বিভিন্ন সময়ত নাগৰিকে ন্যায় বিচাৰি তথা অপৰাধ নিৰ্মূলৰ দাবীত ‘জনসেৱাৰ্থে বেজ’ পৰিধান কৰা অসম আৰক্ষীৰ কাষ চাপে যদিও সেই আৰক্ষীয়েই এতিয়া অভিযোগকাৰীকে ওলোটাই গ্ৰেপ্তাৰ কৰাৰ অশুভ পৰম্পৰা আৰম্ভ কৰিছে৷ আৰক্ষী তথা শাসকীয় চৰকাৰে এনে আক্ৰোশমূলক ভূমিকা গ্ৰহণ কৰিলেও ন্যায়ালয়ে ভুক্তভোগীক সদায় ন্যায় প্ৰদান কৰি আহিছে৷ ভিক্টৰ দাস নামৰ এজন শিক্ষকক গ্ৰেপ্তাৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ আৰক্ষীয়ে  ন্যায়ালয়ত মুখ ঠেকেচা খাবলগীয়া লজ্জাজনক ঘটনাও সংঘটিত হৈছে৷ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ নিযুক্তিৰ বাবে প্ৰাক্তন বিধায়কৰ নেতৃত্বত এটা চক্ৰই প্ৰতিজন প্ৰাৰ্থীৰ বিপৰীতে ৩-৮ লাখ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ কৰিছিল ভিক্টৰ দাস নামৰ টে’ট শিক্ষকজনে৷ ভিক্টৰ দাসে টুইটাৰত এই অভিযোগ উত্থাপন কৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছিল৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত হোৱা বুলি দাবী কৰা ২৬ হাজাৰ পদৰ পৰীক্ষাত অনিয়ম চলা বুলি অভিযোগ কৰাত খৰ্গহস্ত হৈ পৰে অভিযোগকাৰীজনৰ বিৰুদ্ধে৷ ইয়াৰ পাছতেই এই ঘটনাৰ তদন্তৰ দায়িত্ব লয় গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে৷ কিন্তু ভিক্টৰ দাসে আৰক্ষীক প্ৰাৰ্থীৰ পৰা ধন দাবী কৰা ৰাজনৈতিকভাৱে প্ৰভাৱশালী চক্ৰটোৰ ফোন নম্বৰ দিয়া বুলি সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰিছিল যদিও ওলোটাই পাণবজাৰ আৰক্ষীয়ে অভিযোগকাৰী ভিক্টৰ দাসকে গ্ৰেপ্তাৰ কৰে৷ বিগত সপ্তাহৰ শুকুৰবাৰে পাণবজাৰ থানাই ভাৰতীয় দণ্ডবিধিৰ ১২০ [বি]/৫০৫/১৫৩/১৫৩ [এ]/৩৮৪/৫১১ ধাৰাৰ অধীনত ২৩৩/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভিক্টৰক গ্ৰেপ্তাৰ কৰে৷ আশ্চৰ্যজনক বিষয়টো হৈছে ভিক্টৰে চাকৰিৰ নামত প্ৰাক্তন বিধায়কৰ নেতৃত্বত ধন সংগ্ৰহ কৰি থকা বুলি টুইটযোগে অভিযোগ কৰিছিল যদিও আৰক্ষীয়ে অভিযোগকাৰী ভিক্টৰকহে ধন দাবীৰ অভিযোগত আই পি [চি] ধাৰা ৫০৫ আৰু দুটা ফৈদৰ মাজত ধৰ্মীয় ঘৃণা বিয়পোৱাৰ ষড়যন্ত্ৰৰ বাবে আই পি [চি] ধাৰা ১৫৩ [এ]ত গ্ৰেপ্তাৰ কৰে৷ আনকি আৰক্ষীয়ে ভিক্টৰক গ্ৰেপ্তাৰ কৰি ৭ দিনৰ বাবে নিজৰ জিম্মাতো লয়৷ অৱশ্যে চাকৰি বজাৰৰ অভিযোগ কৰাৰ বাবেই ভিক্টৰক মুখ বন্ধ কৰি আক্ৰোশমূলকভাৱে  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আঁৰত চৰকাৰৰ কৰবাত দুৰ্বলতা যে আছিল, তাক নকলেও অসমবাসীয়ে বুজি পাইেছ৷ কিয়নো ভিক্টৰৰ গ্ৰেপ্তাৰৰ পাছতেই জলসিঞ্চনৰ চাকৰি দালাল গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত উকা অ’ এম আৰ শ্বীট জমা দিয়া প্ৰাৰ্থীয়ে বাচনি লাভ কৰাৰ তথ্য পোহৰলৈ আহে৷ অৱশ্যে শুকুৰবাৰে ভিক্টৰৰ ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ দিনটোতে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই ভুক্তভোগী ভিক্টৰ দাসৰ জামিন বিচাৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাৰ্থীৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত গোচৰ ৰুজু কৰে৷ আইনী সেৱাৰ বিপৰীতে কোনো মাছুল নোলোৱাকৈ আৰক্ষীৰ আক্ৰোশৰ বলি হোৱা এজন ভুক্তভোগীক ন্যায় দিয়াৰ যুঁজত অৱতীৰ্ণ হৈ অধিবক্তা অংশুমান বৰাই ন্যায়ালয়ক আইন বিৰুদ্ধ ধাৰাত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ যুক্তি দাঙি ধৰে৷ পৰীক্ষাৰ নামত অনিয়ম হোৱা বুলি অভিযোগ কৰা ভিক্টৰ দাসক ওলোটাই ধনদাবী আৰু দুটা ফৈদৰ মাজত সংঘৰ্ষৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা কাৰ্য আইনী দৃষ্টিকোণৰ পৰা যথাযোগ্য হোৱা নাই বুলিও যুক্তি দাঙি ধৰে অধিবক্তাজনে৷ এই যুক্তিত প্ৰতীয়ন গৈ ন্যায়ালয়ে ভিক্টৰ দাসক ২৫ হাজাৰ টকাৰ ব’ণ্ডত অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে৷ ন্যায়ালয়ে লগতে ২৯ ছেপ্টেম্বৰত আৰক্ষীৰ গোচৰটোৰ কেচ ডায়েৰী দাখিল কৰাৰ বাবেও চৰকাৰী পক্ষক নিৰ্দেশ দিয়ে৷ এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই সংবাদমাধ্যমৰ আগত কয়–‘ভিক্টৰ দাসৰ জামিন শুনানিত ন্যায়ালয়ক আমি জনাইছিলোযে–ভিক্টৰৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰখন আইনী দৃষ্টিকোণৰ পৰা যথাযথ নহয়৷ যিকেইটা ধাৰা ভিক্টৰৰ বিৰুদ্ধে আৰোপ কৰা হৈছিল, সেই ধাৰা কেইটাও প্ৰযোজ্য নহয় বুলিও যুক্তি দাঙি ধৰিছিলো৷ অৱশ্যে চৰকাৰী পক্ষৰ অধিবক্তাই ইয়াক বিৰোধিতা কৰি  কৈছিল যে–ভিক্টৰ দাসৰ বক্তব্যই দুটা বিভেদকামী গোটৰ সৃষ্টি কৰিব৷ চৰকাৰী পক্ষৰ এই বক্তব্য অতি আঁচৰিত৷ পৰীক্ষা দি পোৱা বা নোপোৱা বিষয়টোৱে দুটা ফৈদৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও চৰকাৰী পক্ষই ন্যায়ালয়ক অৱগত কৰে৷  চৰকাৰী পক্ষৰ এই যুক্তিত ন্যায়ালয়ে তেতিয়া হ’লে কোনো দিন পৰীক্ষাই পাতিব নোৱাৰিব বুলিহে আক্ষেপ কৰে৷ ন্যায়ালয়ে ভিক্টৰ দাসে সামাজিক মাধ্যমত দিয়া টুইটটো পৰীক্ষা কৰি প্ৰতীয়ন গ’ল যে ভিক্টৰৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰা হৈছে সেই ধাৰা গ্ৰহণযোগ্য নহয়৷ ভিক্টৰে অনা অভিযোগৰ কোনো তথ্য প্ৰমাণ লাভ নকৰিলে বুলি আৰক্ষীয়ে ফাইনেল ৰিপ’ৰ্টত উল্লেখ কৰিছে৷ কিন্তু ন্যায়ালয়ক কোনো সমল দিব নোৱাৰিলে চৰকাৰী পক্ষই৷ চৰকাৰী পক্ষৰ দাবী ভিক্টৰে এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, যিয়ে ভৱিষ্যতে ধনদাবী কৰিব পাৰে৷ ভৱিষ্যতে হ’ব পাৰে বুলি আজিয়েই এজন মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে নেকি? এন এছ এক্টৰ বাহিৰে কোনো আইনতে ভৱিষ্যতে হ’ব পৰা কাৰ্যক লৈ মানুহক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে৷ আৰক্ষীয়ে ভিক্টৰ দাসৰ বিৰুদ্ধে আই পি চি ১৫৩ [এ] ধাৰা আৰোপ কৰিছে৷ অথচ এই ধাৰাটোৱে দুটা সম্প্ৰদায়, ধৰ্ম, শ্ৰেণীৰ বিৰুদ্ধাচৰণ অৰ্থাৎ ফৈদ সৃষ্টি কৰিব লাগিব৷  ফলত ন্যায়ালয়ে সকলো দিশ চালি জাৰি চাই ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে আৰু চৰকাৰী পক্ষক ২৯ ছেপ্টেম্বৰত গোচৰৰ কেচ ডায়েৰী দাখিল কৰাৰ নিৰ্দেশ দিয়ে৷