Logo
image

মোদীৰে আৰম্ভ জয়াত শেষ

ভৱেশ কলিতাৰ সংবাদমেল

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ধনৰ বিনিয়মত সুন্দৰী যুৱতীক চাকৰিৰ প্ৰস্তাৱ দিয়াৰ অভিযোগক লৈ আজিও বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন অস্বস্তিত আছে৷ বিজেপিৰ নেতৃত্বই বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰিলেও বাৰে বাৰে জয়া কলিতাৰ প্ৰসংগই ৰাজহুৱা স্থানতো ব্যতিব্যস্ত কৰা দেখা গৈছে দলীয়া নেতৃত্বক৷ আনকি শুকুৰবাৰে বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম তিথি উদ্‌যাপনৰ সন্দৰ্ভত এখন সংবাদ মেল আয়োজন কৰিছিল যদিও উক্ত সংবাদ মেলতো জয়া কলিতাৰ প্ৰসংগইহে বিশেষ  প্ৰাধান্য পোৱা দেখা গ’ল৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নৰেন্দ্ৰ মোদীৰ জন্মদিন উদ্‌যাপনৰ বাবে বিজেপিৰ ‘সেৱা পষেক’ কাৰ্যসূচীৰ বিষয়ে সংবাদ মেল সম্বোধন কৰিছিলেও  অৱশেষত জয়া কলিতাৰ  অভিযোগৰ স্পষ্টিকৰণ দিহে  সংবাদ মেল শেষ কৰিবলগীয়া হয়৷ ইফালে জয়া কলিতাই অভিযোগৰ সত্যতা প্ৰমাণৰ বাবে ‘লাই ডিটেক্টৰ’ৰ সন্মুখীন হোৱাৰ প্ৰত্যাহ্বান জনাইছিল যদিও ভৱেশ কলিতাই ‘লাই ডিটেক্টৰ’ৰ প্ৰসংগত কোনো মন্তব্য নিদিয়াকৈ নমস্কাৰ দি সংবাদমেলৰ পৰা আঁতৰি যোৱাহে দেখা যায়৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ মোদীৰ জন্ম তিথিৰ আয়োজনৰ সন্দৰ্ভত বাজপেয়ী ভৱনত এখন সংবাদ মেল সম্বোধন কৰি বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়–‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ ছেপ্টেম্বৰত জন্ম তিথি৷ বিশ্ব নেতা তথা দেশৰ সন্মানীয় ব্যক্তি প্ৰধানমন্ত্ৰীৰ জন্ম তিথিটোক এইবাৰ ‘সেৱা পষেক’ হিচাপে পালন কৰা হব৷ দেশৰ লগতে অসমতো ১৭ ছেপ্টেম্বৰৰ পৰা সেৱা পষেকৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব বিজেপিৰ কৰ্ম-কৰ্তাসকলে৷ মন্দিৰ-নামঘৰ আদিত কে্‌ক কাটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদ্‌যাপনৰ পৰা বিৰত থাকিবলৈ কৰ্মকৰ্তাসকলক আহ্বান জনাইছো৷ ইয়াৰ বিপৰীতে আৰ্তজনৰ কাষত থিয় হৈ কৰ্মকতাসকলে সাহস দিবলৈ চেষ্টা কৰক৷ সেৱা পষেকৰ  প্ৰথম দিনটোত অৰ্থাৎ আজি ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে৷ ইয়াৰ পাছত পৰ্যায় ক্ৰমে স্বচ্ছতা অভিযানকে ধৰি একাধিক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷ ২০-২১ ছেপ্টেম্বৰত ক’ভিড টীকাকৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ ইয়াৰ উপৰি গ্ৰামাঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব৷’ লক্ষণীয়ভাৱে সংবাদ মেলত জয়া কলিতা আৰু নগেন ডেকা নামৰ লোকেদ্বয়ে অভিযোগ অনাৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ সভাপতি ভৱেশ কলিতাই কয়– ‘হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক লাখ চাকৰিৰ আশা দেখা পাইছে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে৷ চাকৰি পোৱা-নোপোৱা মানুহৰ বেদনা থাকেই৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আঁচনিসমূহত ৰাইজ আজি আকৰ্ষিত হৈছে৷ জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে মোৰ বিৰুদ্ধে অভিযোগ আনিছে৷ এই অভিযোগক লৈ জয়া কলিতাৰ বিৰুদ্ধে মই আৰক্ষীক এজাহাৰ দিছো৷ উক্ত এজাহাৰৰ বিপৰীতে ব্যৱস্থা লোৱা-নোলোৱা বিষয়টো আৰক্ষীয়ে চাব৷ মই আইনৰ ছাত্ৰ, সেয়েহে আইনগত ব্যৱস্থা লৈছো৷ কোনো ব্যক্তি আইনৰ উদ্ধৰ্ত নহয়৷ নগেন ডেকাই যি অভিযোগ আহিছে সেয়াও মিছা৷ নগেন ডেকা বিজেপিৰ কৰ্ম-কৰ্তা নহয়৷ আপোনাৰ ঘৰলৈ যেতিয়া কাগজ  এখন লৈ কোনোবা  ব্যক্তি যাব, আপুনি তেতিয়া কি কৰিব? বিধায়ক হিচাপে সমষ্টিৰ এজন ব্যক্তিয়ে কাগজ এখন দিলে লোৱা হয়৷’ অৱশ্যে চাকৰিৰ প্ৰসংগত ভৱেশ কলিতাই এনে যুক্তিৰে দায় সৰাৰ চেষ্টা কৰিলেও অভিযোগক লৈ তেওঁ যে চৰম অস্বস্তিত পৰিছে সেয়া নকলেও অনুমেয়৷ ইফালে ভৱেশ কলিতাই মন্ত্ৰী হৈ থকাৰ সময়ত ফোনত ধনৰ বিনিময়ত চাকৰিৰ প্ৰস্তাৱ দিয়াৰ অভিযোগৰ বিষয়টোত অটল থকা জয়া কলিতাই বৃহস্পতিবাৰে সংবাদ মাধ্যম আগত ‘লাই ডিটেক্টৰ’ৰ সন্মুখীন হ’বলৈও সাজু বুলি প্ৰত্যাহ্বান জনাইছিল৷ কিন্তু শুকুৰবাৰে সংবাদমেলত জয়া কলিতাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ‘লাই ডিটেক্টৰ’ৰ সন্মুখীন হ’ব নেকি বুলি ভৱেশ কলিতাক সাংবাদিকে প্ৰশ্ন কৰিছিল যদিও বিজেপিৰ সভাপতিজনে  কোনো উত্তৰ নিদিয়াকৈ কেৱল নমস্কাৰ দি সংবাদ মেলৰ পৰা উঠি যোৱাহে দেখা গ’ল৷ ইফালে শুকুৰবাৰে  বিজেপি সভাপতিজনৰ সমৰ্থনত থিয় হোৱা দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ অন্যতম মন্ত্ৰী পীয়ূষ হাজৰিকাক৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ৰাজনৈতিক মতাদৰ্শৰ বাবেই জয়া কলিতাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এনে অভিযোগ অনা বুলি দাবী কৰে মন্ত্ৰীজনে৷ ভৱেশ কলিতাই এনে কাম কৰা নাই বুলিও দাবী কৰে পীয়ূষ হাজৰিকাই৷ ইপিনে, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ো সভাপতি  ভৱেশ কলিতাৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰি এটা ফেচবুক পোষ্টৰ বাবে চৰকাৰখন কিয় ব্যস্ত হ’ব বুলিও প্ৰশ্ন কৰে৷ অৱশ্যে পৱিত্ৰ মাৰ্ঘেৰিটাই  বিজেপি সভাপতিৰ বিৰুদ্ধে অভিযোগ উঠাৰ বাবে ফেচবুক পোষ্টৰ গুৰুত্ব নাই বুলি দাবী কৰে যদিও একেখন চৰকাৰে প্ৰাক্তন বিধায়কৰ নেতৃত্বত ২৬ হাজাৰ পদৰ চাকৰিৰ বাবে ধন সংগ্ৰহ কৰাৰ সন্দৰ্ভত টুইট যোগে অভিযোগ কৰা ভিক্টৰ দাসৰ বিষয়টোত  কোনা মন্তব্য দিয়া দেখা নগ’ল৷ অৱশ্যে শাসকীয় দলটোৰ মুৰব্বীজনে দাখিল এখন এজাহাৰৰ বিপৰীতে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত বিজেপি কৰ্মকৰ্তাসকলৰ মাজতো সন্দেহৰ সৃষ্টি হৈছে৷ বিজেপিৰ ৰাজ্যিক সভাপতিৰ আসনখনক লৈ কেনেবাকৈ ষড়যন্ত্ৰ চলিছে নেকি বুলিও বাজপেয়ী ভৱনতে বু বু বা বা চলা দেখা গৈছে৷